গোলাঘাট ১২ ছেপ্টেম্বৰ ২০২২ঃ গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এই মাহৰ তৃতীয় দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ দুগ্ধ উন্নয়ন খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে দুগ্ধ উন্নয়ন খণ্ডৰ কাম-কাজ আৰু জিলাখনত দুগ্ধ উৎপাদন তথা বিক্ৰী কেন্দ্ৰসমূহৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত বিতংভাবে বুজ লয় । বৈঠকত সহকাৰী দুগ্ধ উন্নয়ন বিষয়া শ্ৰী কিশোৰ বৰ্মনে উপায়ুক্তগৰাকীৰ সন্মুখত জিলাখনৰ দুগ্ধ উন্নয়ন খণ্ডৰ এটা ৰূপৰেখা দাঙি ধৰে । তেওঁ উপায়ুক্তগৰাকীক জানিবলৈ দিয়ে যে জিলাখনত বৰ্তমান বোকাখাতত এটা দুগ্ধ সংশাধন কেন্দ্ৰ থকাৰ বিপৰীতে গোলাঘাট, বোকাখাত আৰু দেৰগাঁৱত বিভাগটোৰ অধীনত তিনিটা দুগ্ধ বিক্ৰী কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে । লগতে জিলাখনত ১২ খন দুগ্ধ সমবায় সমিতি আছে । জিলাখনত দৈনিক ৩০০ৰ পৰা ৩৫০ লিটাৰ গাখীৰ সংগ্ৰহ কৰা হয় বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে গৰুৰ দানাৰ ক্ৰয়ৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰিলে গাখীৰৰ উৎপাদন বৃদ্ধি কৰিব পৰা যাব বুলি মতপ্ৰকাশ কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীও উপস্থিত আছিল ।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India