গোলাঘাট জিলাৰ আঠাবাৰী চাহ বাগিচাতো "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলোৱা হয় ।
Saturday, 13 August 2022
হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশৰূপে মৰঙী উন্নয়ন খণ্ডৰ ফলঙনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৌৱানী পথাৰ অসম আদৰ্শ গাঁৱত আজি এটা সৰ্বধৰ্ম সাংস্কৃতিক শোভাযাত্ৰা
১৩ আগষ্ট ২০২২ঃ ৭৬সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশৰূপে মৰঙী উন্নয়ন খণ্ডৰ ফলঙনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৌৱানী পথাৰ অসম আদৰ্শ গাঁৱত আজি এটা সৰ্বধৰ্ম সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । মৰঙীৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী নিপজ্যোতি পাটিৰি, বগীজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী বকুল চেতিয়া, ফলঙনী গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী কন্দৰ্প গগৈ তথা পঞ্চায়তৰ বিষয়ববীয়াসকলৰ লগতে কৌৱানী পথাৰৰ গাঁওপ্ৰধান শ্ৰী ইয়োব বিলুং আৰু ৰাইজে এই শোভাযাত্ৰাত অংশ লয় । শোভাযাত্ৰাত গায়ন বায়ন, আদীবাসী নৃত্য আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।
NORTHEAST NEWS INDIA
জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম য়ুথ অলিম্পিক, ২০২২ত পদক প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন
১৩ আগষ্ট ২০২২ঃ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম য়ুথ অলিম্পিক, ২০২২ত পদক প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিভিন্ন শিতানত জিলাখনৰ পৰা ৫৫টা পদক লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা ক্ৰীড়া বিষয়া শ্ৰীযুতা ছেমি শইকীয়া, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰী সঞ্জীৱ সন্দিকৈ, উপ-সভাপতি শ্ৰী দীনেশ গগৈ আৰু ডঃ নৃপেন বৰুৱা আৰু ভালেসংখ্যক গন্যমান্য ব্যক্তি, খেলুৱৈ, অভিভাৱক আৰু ৰাইজে অংশগ্ৰহন কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত এটা সজাগতামূলক পদযাত্ৰাও উলিওৱা হয় ।
NORTHEAST NEWS INDIA
পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এটা সমদল
১৩ আগষ্ট ২০২২ঃ গোলাঘাট পূব উন্নয়ন খণ্ড ও আঞ্চলিক পঞ্চায়ত, পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এটা সমদল উলিওৱা হয় । অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাই সমদলটো আনুষ্ঠানিকভাবে মুকলি কৰে । সমদলত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা অঞ্জুমনি সন্দিকৈ বৰা, গোলাঘাট পূব উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া শ্ৰী ৰামচন্দ্ৰ দেউৰী আৰু আত্মসহায়ক গোটৰ মহিলাসকলে অংশ লয় ।
NORTHEAST NEWS INDIA
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ গন্ধকৰৈ গাঁৱত থকা স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহত জিলা উপায়ুক্ত
১৩ আগষ্ট ২০২২ঃ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশৰূপে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ গন্ধকৰৈ গাঁৱত থকা স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে মহকুমাধিপতি শ্ৰীযুতা দিনছেংফা বৰুৱা আৰু প্ৰশাসনৰ আন বিষয়ববীয়াসকলে শ্বহীদগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে । যোৰহাট কাৰাগাৰৰ কাৰাবন্দীসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা চি আৰ পি এফৰ জোৱানসকলে সসন্মানে কঢ়িয়াই আনে । আজিৰ কাৰ্যসূচীত শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ লোক, মুক্তিযুঁজাৰুৰ পৰিয়াল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।
NORTHEAST NEWS INDIA
চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু পুষ্পাঞ্জলী তৰ্পনেৰে শ্ৰদ্ধা নিবেদন
১৩ আগষ্ট,২০২২ঃ ১৮৫৭ চনত প্ৰথম চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হোৱা গোলাঘাট জিলাৰ জামুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নোগোৰাত আজি জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু পুষ্পাঞ্জলী তৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে । চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত এই স্থানৰ সৈতে জড়িত আছে স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুঁজাৰুসকলৰ অপৰিসীম অৱদান, ত্যাগ আৰু দেশপ্ৰেমৰ অলেখ কাহিনী । আজিৰ কাৰ্যসূচীত মুক্তিযুঁজাৰুৰ পৰিয়াল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।
Subscribe to:
Comments (Atom)
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...