১৩ আগষ্ট,২০২২ঃ ১৮৫৭ চনত প্ৰথম চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হোৱা গোলাঘাট জিলাৰ জামুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নোগোৰাত আজি জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু পুষ্পাঞ্জলী তৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে । চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত এই স্থানৰ সৈতে জড়িত আছে স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুঁজাৰুসকলৰ অপৰিসীম অৱদান, ত্যাগ আৰু দেশপ্ৰেমৰ অলেখ কাহিনী । আজিৰ কাৰ্যসূচীত মুক্তিযুঁজাৰুৰ পৰিয়াল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
No comments:
Post a Comment
Welcome Northeast News India