Saturday, 13 August 2022

পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এটা সমদল

১৩ আগষ্ট ২০২২ঃ  গোলাঘাট পূব উন্নয়ন খণ্ড ও আঞ্চলিক পঞ্চায়ত, পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এটা সমদল উলিওৱা হয় । অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাই সমদলটো আনুষ্ঠানিকভাবে মুকলি কৰে । সমদলত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা অঞ্জুমনি সন্দিকৈ বৰা, গোলাঘাট পূব উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া শ্ৰী ৰামচন্দ্ৰ দেউৰী আৰু আত্মসহায়ক গোটৰ মহিলাসকলে অংশ লয় ।

NORTHEAST NEWS INDIA

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ গন্ধকৰৈ গাঁৱত থকা স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহত জিলা উপায়ুক্ত

১৩ আগষ্ট ২০২২ঃ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশৰূপে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ গন্ধকৰৈ গাঁৱত থকা স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে মহকুমাধিপতি শ্ৰীযুতা দিনছেংফা বৰুৱা আৰু প্ৰশাসনৰ আন বিষয়ববীয়াসকলে শ্বহীদগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে । যোৰহাট কাৰাগাৰৰ কাৰাবন্দীসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা চি আৰ পি এফৰ জোৱানসকলে সসন্মানে কঢ়িয়াই আনে । আজিৰ কাৰ্যসূচীত শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ লোক, মুক্তিযুঁজাৰুৰ পৰিয়াল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু পুষ্পাঞ্জলী তৰ্পনেৰে শ্ৰদ্ধা নিবেদন

১৩ আগষ্ট,২০২২ঃ ১৮৫৭ চনত প্ৰথম চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হোৱা গোলাঘাট জিলাৰ জামুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নোগোৰাত আজি জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু পুষ্পাঞ্জলী তৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে । চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত এই স্থানৰ সৈতে জড়িত আছে স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুঁজাৰুসকলৰ অপৰিসীম অৱদান, ত্যাগ আৰু দেশপ্ৰেমৰ অলেখ কাহিনী । আজিৰ কাৰ্যসূচীত মুক্তিযুঁজাৰুৰ পৰিয়াল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

Welcome

Thursday, 11 August 2022

গোলাঘাটত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অধীনত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কুইজ প্ৰতিযোগিতা সম্পন্ন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২০/২০২২

*গোলাঘাটত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অধীনত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কুইজ প্ৰতিযোগিতা সম্পন্ন*

গোলাঘাট, ১১ আগষ্ট ২০২২ : স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশৰূপে আজি গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, গোলাঘাটৰ উদ্যোগত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । ছখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত গোলাঘাটৰ দণ্ডধৰ গাৰ্লছ হাইস্কুলৰ দলটোৱে প্ৰথম স্থান, টাউন হিন্দী হাইস্কুলৰ দলটোৱে দ্বিতীয় স্থান আৰু কুশল কোঁৱৰ বাল্য ভৱনৰ দলটোৱে তৃতীয় পুৰস্কাৰ লাভ কৰে । গোলাঘাটৰ সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকনে কুইজ মাষ্টৰ হিচাপে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনত প্ৰতিটো বিজয়ী দলৰ ছাত্ৰ-ছাত্ৰীক একোটা ট্ৰফি, তিৰংগা পতাকা আৰু একোখন প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানত চক্ৰ বিষয়া শ্ৰীযুতা পাপৰি দাস, চক্ৰ বিষয়া (স) শ্ৰী ছত্রজিত নেওগ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া শ্ৰী ৰণি  ৰাজকুমাৰ, বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰী ৰাজেন বৰা আৰু শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।