Thursday, 2 June 2022

গোলাঘাট জিলাতো ৬ জুনৰ পৰা ২১ জুনলৈ 'হৰ ঘৰ দস্তক ২.০' অভিযান**ডেৰ লাখৰো অধিক লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮০/২০২২

*গোলাঘাট জিলাতো ৬ জুনৰ পৰা ২১ জুনলৈ 'হৰ ঘৰ দস্তক ২.০' অভিযান*

*ডেৰ লাখৰো অধিক লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*
গোলাঘাট, ২ জুন : ৰাজ্যৰ অন্যান্য জিলাৰ দৰে গোলাঘাট জিলাতো অহা ৬ জুনৰ পৰা ২১ জুনলৈ ঘৰে-ঘৰে গৈ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান 'হৰ ঘৰ দস্তক ২.০' ৰূপায়ন কৰা হ'ব । আজি এই সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত জিলা টীকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে এই অভিযান সন্দৰ্ভত পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে ব্যাখ্যা আগবঢ়ায় । তেওঁ জানিবলৈ দিয়ে যে জিলাখনত ১৮ বছৰৰ উৰ্দ্ধৰ ৭ লাখ ৯৬ হাজাৰৰো অধিক অৰ্থাৎ ১০৫.৬৫ শতাংশ লোকে ইতিমধ্যে প্ৰথম পালি, ৬ লাখ ৫৭ হাজাৰৰো অধিক অৰ্থাৎ ৮৪.৫৫ শতাংশ লোকে দ্বিতীয় পালি আৰু প্ৰায় ১৩,৯০০ লোকে সুৰক্ষাসূচক পালি গ্ৰহণ কৰিছে । একেদৰে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ৩৯ হাজাৰৰো অধিক (৫৯.৩৯) কিশোৰ-কিশোৰীয়ে প্ৰথম পালি আৰু প্ৰায় ৩০ হাজাৰে(৭৫.৯৫) দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । ১২ৰ পৰা ১৪ বছৰ বয়সৰ ৩০ হাজাৰৰো অধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে প্ৰথম পালি(৬৭.৬৮), ১৩ হাজাৰৰো অধিকে দ্বিতীয় পালি(৪৩.৩৫) প্ৰতিষেধক লৈছে । জিলাখনত এতিয়ালৈকে মুঠ ৮ লাখ ৬৬ হাজাৰৰো অধিক লোকে প্ৰথম পালি, ৭ লাখ ১৮ হাজাৰৰো অধিক লোকে দ্বিতীয় পালি আৰু ১৩,৯০০ লোকে সুৰক্ষাসূচক পালি গ্ৰহণ কৰিছে । অৰ্থাৎ জিলাখনত মুঠ ১৫ লাখ ৯৮ হাজাৰৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । তেওঁ কয় যে জিলাখনৰ মুঠ ছটা স্বাস্থ্যখণ্ডত বিভিন্ন বয়সৰ লোকৰ ৬,৮১৯ পালি প্ৰতিষেধক লোৱাৰ সময় হৈছে আৰু ডেৰ লাখৰো অধিক লোকৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ সময় পাৰ হৈ গৈছে । 'হৰ ঘৰ দস্তক ২.০' অভিযানৰ অধীনত এইসকল লোকৰ ঘৰে ঘৰে গৈ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দলে  প্ৰতিষেধক প্ৰদান কৰিব বুলি শ্ৰীমতী দেউৰীয়ে জানিবলৈ দিয়ে । অৱশ্যে দুটা সুকীয়া মোবাইল নম্বৰ ব্যৱহাৰ কৰি প্ৰতিষেধক গ্ৰহণ কৰা, ফোন হেৰুওৱা, অন্য ঠাইৰ পৰা আহি বা অন্য ঠাইলৈ গৈ প্ৰতিষেধক লোৱা, বাহিৰৰ পৰা অহা শ্ৰমিক, মৃত্যু হোৱা লোক আদিৰ নাম কৰ্তন কৰিলে প্ৰতিষেধক লোৱাৰ সময় উকলি যোৱা লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পাব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে যিসকল লোকে এতিয়াও প্ৰথম পালি প্ৰতিষেধক ল'বলৈ বাকী আছে তেওঁলোককো এই অভিযানৰ অধীনত চিনাক্ত কৰি প্ৰতিষেধক প্ৰদান কৰা হ'ব । সভাত উপায়ুক্তগৰাকীয়ে অহা ৬ তাৰিখৰ পৰা প্ৰথমে বিদ্যালয়সমূহত প্ৰতিষেধক প্ৰদান অভিযান তীব্ৰতৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । এই অভিযান সফল কৰাৰ বাবে আশা, অংগনৱাড়ী কৰ্মী, পঞ্চায়ত প্ৰতিনিধি আৰু গাঁওবুঢ়াসকলক লগত লৈ ঘৰে-ঘৰে গৈ প্ৰতিষেধক ল'বলৈ সৈমান কৰাব লাগিব বুলি তেওঁ কয় । তেওঁ চাহ বাগিচাসমূহত প্ৰতিষেধক প্ৰদানৰ হাৰ বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । উপায়ুক্তগৰাকীয়ে প্ৰথমশাৰীৰ কৰ্মীসকলক সুৰক্ষাসূচক পালি ল'বলৈ আহ্বান জনায় । সভাত অতিৰিক্ত উপায়ুক্ত ( টীকাকৰণ) কুলদীপ হাজৰিকাই এতিয়াও প্ৰতিষেধক গ্ৰহণৰ পৰা বাদ পৰি থকা বিদ্যালয়সমূহত ক'ভিডৰ প্ৰতিষেধক প্ৰদানত গুৰুত্ব দিবলৈ আহ্বান জনায় । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া, চক্ৰ বিষয়া, উন্নয়ন খণ্ড বিষয়া, চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Tuesday, 31 May 2022

Assam COVID-19🦠😷 Details 30/05/2022.

Assam COVID-19🦠😷 Details
 30/05/2022.

গোলাঘাটত গৰ্ভৱতী মহিলাৰ বাবে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ বিশেষ কাৰ্যসূচী

*প্ৰেছ বিজ্ঞপ্তি* 

গোলাঘাটত গৰ্ভৱতী মহিলাৰ বাবে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ বিশেষ কাৰ্যসূচী
গোলাঘাট, ৩১ মে' : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে যোৱা ৩০ জুনৰ পৰা ৫ মে'পৰ্যন্ত ৰাজ্যজুৰি বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচী হাতত লৈছে । গোলাঘাট জিলাটো এই কাৰ্যসূচীৰ অধীনত প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাবে এই বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা আৰম্ভ হৈছে । এই কাৰ্যসূচীৰ অধীনত আশা কৰ্মীসকলে নিজ-নিজ এলেকাৰ গৰ্ভৱতী মহিলাসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক সমূহীয়া স্বাস্থ্য বিষয়া বা চিকিৎসা বিষয়াৰ দ্বাৰা পৰীক্ষা কৰোৱাবলৈ স্বাস্থ্যকেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰে । এই বিশেষ কাৰ্যসূচীৰ অধীনত গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা আৰু ৰোগ নিৰ্ণয় কৰাৰ লগতে তেওঁলোকক পুষ্টিকৰ আহাৰ, স্বাস্থ্যবিধি, মানসিক স্বাস্থ্য বৰ্তাই ৰখা, উপযোগী টিকাকৰণ, পৰিয়াল পৰিকল্পনা আদিৰ দৰে বিষয়ৰ ওপৰতো পৰামৰ্শ প্ৰদান কৰা হয় । প্ৰসূতি স্বাস্থ্যৰ গুণগত মান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বিশেষ এ.এন. চি. অভিযান মুকলি কৰা হৈছে যাতে গৰ্ভাৱস্থা সুস্থ আৰু নিৰাপদ হয় ।

 জিলা স্বাস্থ্য সমিতি, গোলাঘাট
NORTHEAST NEWS INDIA

*গোলাঘাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত অংশ ল'লে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে**চৰকাৰী পুঁজি আৰু আঁচনিৰ ধনৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ বিত্তমন্ত্ৰীৰ**উৎকোচ নোলোৱাকৈ, সমদৃষ্টিৰে সহায় বিচাৰি অহা লোকসকলৰ সমস্যা আৰু মৰ্মবেদনা উপলব্ধি কৰিবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৯

*গোলাঘাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত অংশ ল'লে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে*

*চৰকাৰী পুঁজি আৰু আঁচনিৰ ধনৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ বিত্তমন্ত্ৰীৰ*

*উৎকোচ নোলোৱাকৈ, সমদৃষ্টিৰে সহায় বিচাৰি অহা লোকসকলৰ সমস্যা আৰু মৰ্মবেদনা উপলব্ধি কৰিবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ*

গোলাঘাট, ৩১ মে' : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে কৰা মত বিনিময় অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ভালেসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে ৷ গোলাঘাট জিলা প্ৰশাসন আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰু তেওঁৰ ভাষণৰ অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, জলজীৱন মিছন, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীয়ে অনুষ্ঠানত অংশ লয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে কয় যে চৰকাৰখনে সকলো প্ৰত্যাহ্বান নেওচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ আগত ভাৰতক নতুন ৰূপত দেখুৱাবলৈ সক্ষম হৈছে । তেওঁ কয় যে চৰকাৰী আঁচনিসমূহ কেৱল সাময়িক সকাহহে, সেয়ে আঁচনিৰ ওপৰত নিৰ্ভৰশীল নহৈ ইয়াৰ সুবিধা লাভ কৰি নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা কৰা দৰকাৰ । চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত এক চমু আলোকপাত আগবঢ়াই তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰাঞ্চল ৰূপায়নৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ বিষয়াসকলৰ প্ৰতি আহ্বান জনায় । পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে চৰকাৰখনে বৃহৎ পৰিমাণৰ পুঁজি নিৰ্ধাৰণ কৰিছে । কিন্তু এই আঁচনিৰ ধনৰ অপপ্ৰয়োগ হ'ব নালাগে । মানুহৰ বিপদত চৰকাৰ সদায় ৰাইজৰ কাষত থিয় দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো বিভাগে নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিব লাগিব । তেওঁ সমাজ কল্যান বিভাগৰ দ্বাৰা ইউ ডি আই ডি কাৰ্ড প্ৰস্তুতকৰণৰ ক্ষেত্ৰত দিব্যাংগ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিষয়া-কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে বহু আঁচনিৰ বিষয়ে ৰাইজে গমেই নাপায় আৰু ই আঁচনিৰ সফল ৰূপায়নত বৃহৎ প্ৰত্যাহ্বান । তেওঁ কয় যে পঞ্চায়তৰ ৱাৰ্ড কমিছনাৰৰ পৰা আশা-অংগনৱাড়ী কৰ্মীলৈকে জনপ্রতিনিধি, চৰকাৰী বিষয়া-কৰ্মচাৰী সকলোৱে একত্ৰিতভাবে কাম কৰিলেহে এনে প্ৰত্যাহ্বান গ্ৰহণ কৰি এটা বিপ্লৱৰ সূচনা কৰিব পৰা যাব, যি বিপ্লৱেৰে আমি উন্নয়নৰ দিশে আগবাঢ়িব পাৰিম । তেওঁ পুনৰ কয় যে সমাজত সুস্থ-সবল শিশু যাতে জন্ম হয় এয়া সকলোৰে সামাজিক দায়িত্ব । সকলোৱে নিজৰ এই দায়িত্ব পূৰণ কৰিব পাৰিলে মুখ্যমন্ত্ৰীৰ সপোন পূৰণ কৰি অসমক আমি দেশৰ শীৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিবলৈ সক্ষম হ'ম বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ পোষণ অভিযান, জল জীৱন অভিযান আদি বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে ।

অনুষ্ঠানত ভাগ লৈ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে ক'ভিডৰ পিছত বিশ্ব অৰ্থনীতিয়ে সাংঘাতিক প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল । কিন্তু সকলো প্ৰত্যাহ্বান আৰু দুৰ্যোগপূৰ্ণ পৰস্থিতিৰ মুখামুখি হৈ আমাৰ দেশে বিশ্ব মঞ্চত শক্তিশালীভাবে থিয় দিবলৈ সক্ষম হয় । তেওঁ কয় যে দেশ পৰিচালনাৰ মুলমন্ত্ৰ সেৱা, সু-শাসন আৰু গৰিব কল্যাণ । তেওঁ প্ৰতিজন বিষয়াক উৎকোচ নোলোৱাকৈ সমদৃষ্টিৰে সহায় বিচাৰি অহা লোকসকলৰ সমস্যা আৰু মৰ্মবেদনা উপলব্ধি কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে সমাজৰ প্ৰতিজন লোকৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে আমি প্ৰয়াস চলাব লাগিব, তেতিয়াহে ভাৰতবৰ্ষ পৃথিৱীত বিশ্বগুৰু হ'ব পাৰিব । তেওঁ লগতে ৰাইজক সচেতন হ'বলৈ আহ্বান জনায় যাতে কোনেও আঁচনিৰ নামত আভুৱা ভাৰিব নোৱাৰে । তেওঁ বিভিন্ন আঁচনিৰ বিষয়ে অংশগ্ৰহনকাৰীসকলক বিতংভাবে অৱগত কৰে । উপায়ুক্ত গৰাকীয়ে অযোগ্য হিতাধিকাৰীসকলক আঁচনিৰ সুবিধা স্বেচ্ছাই ত্যাগ কৰিবলৈও আহ্বান জনায় । 

অনুষ্ঠানত ভাষণ দি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে কয় যে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত বিষয়াগৰাকীৰ লগতে হিতাধিকাৰীসকলৰো দায়িত্ব আছে । কোনো আঁচনি বেয়া নহয়, আঁচনিৰ অপব্যৱহাৰহে বেয়া বুলি তেওঁ কয় । 

অনুষ্ঠানত জিলা পৰিষদৰ অধ্যক্ষ হেলিনা পেগু দলে, অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ, কুলদীপ হাজৰিকা, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, এল ডি এম সজীৱ কুমাৰ বৰা আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বী, জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকল উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটৰ ফৰকাটিংত বিশ্ব ধপাঁত বিৰোধী দিৱস আজি ৱল্ড ন’ টবাক’ দে

৩১ মে ২০২২ঃ গোলাঘাটৰ ফৰকাটিংত বিশ্ব ধপাঁত বিৰোধী দিৱস
আজি ৱল্ড ন’ টবাক’ দে

৷ অৰ্থাৎ ধপাঁত বিৰোধী দিৱস ৷ এই দিৱসৰ উপলক্ষে  জিলাখনৰ বিভিন্ন স্থানৰ লগতে ফৰকাটিং ৰেলজংচনৰ সমীপৰ অমৰজ্যোতি ক্লাৱত এই দিৱস পালন কৰা হয় ৷ জিলা ধপাঁত নিয়ন্ত্রণ কোষৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ সভানেত্ৰীত্ব কৰে ড° লুকুমণি গোস্বামীয়ে ৷ সভাত ফৰকাটিং কলেজৰ অধ্যক্ষ ড° অপূৰ্ব শইকীয়া : অতিৰিক্ত উপায়ুক্ত কুলদিপ বৰ্মনকে ধৰি বহুকেইজনে বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷ কুকিলকণ্ঠিৰ গায়িকা অন্যান্যা গোস্বামীয়ে পৰিবেশন কৰা গীতে ৰাইজৰ মন মোহে ৷ বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু NCC ক্ৰেডাৰ আৰু ৰাইজে অংশগ্ৰহণ কৰা সভাৰ শেষত এখনি বাটৰ নাটও প্ৰদৰ্শন কৰা হয় ৷ ::
 প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...