জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮০/২০২২
*গোলাঘাট জিলাতো ৬ জুনৰ পৰা ২১ জুনলৈ 'হৰ ঘৰ দস্তক ২.০' অভিযান*
*ডেৰ লাখৰো অধিক লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*
গোলাঘাট, ২ জুন : ৰাজ্যৰ অন্যান্য জিলাৰ দৰে গোলাঘাট জিলাতো অহা ৬ জুনৰ পৰা ২১ জুনলৈ ঘৰে-ঘৰে গৈ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান 'হৰ ঘৰ দস্তক ২.০' ৰূপায়ন কৰা হ'ব । আজি এই সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত জিলা টীকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে এই অভিযান সন্দৰ্ভত পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে ব্যাখ্যা আগবঢ়ায় । তেওঁ জানিবলৈ দিয়ে যে জিলাখনত ১৮ বছৰৰ উৰ্দ্ধৰ ৭ লাখ ৯৬ হাজাৰৰো অধিক অৰ্থাৎ ১০৫.৬৫ শতাংশ লোকে ইতিমধ্যে প্ৰথম পালি, ৬ লাখ ৫৭ হাজাৰৰো অধিক অৰ্থাৎ ৮৪.৫৫ শতাংশ লোকে দ্বিতীয় পালি আৰু প্ৰায় ১৩,৯০০ লোকে সুৰক্ষাসূচক পালি গ্ৰহণ কৰিছে । একেদৰে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ৩৯ হাজাৰৰো অধিক (৫৯.৩৯) কিশোৰ-কিশোৰীয়ে প্ৰথম পালি আৰু প্ৰায় ৩০ হাজাৰে(৭৫.৯৫) দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । ১২ৰ পৰা ১৪ বছৰ বয়সৰ ৩০ হাজাৰৰো অধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে প্ৰথম পালি(৬৭.৬৮), ১৩ হাজাৰৰো অধিকে দ্বিতীয় পালি(৪৩.৩৫) প্ৰতিষেধক লৈছে । জিলাখনত এতিয়ালৈকে মুঠ ৮ লাখ ৬৬ হাজাৰৰো অধিক লোকে প্ৰথম পালি, ৭ লাখ ১৮ হাজাৰৰো অধিক লোকে দ্বিতীয় পালি আৰু ১৩,৯০০ লোকে সুৰক্ষাসূচক পালি গ্ৰহণ কৰিছে । অৰ্থাৎ জিলাখনত মুঠ ১৫ লাখ ৯৮ হাজাৰৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । তেওঁ কয় যে জিলাখনৰ মুঠ ছটা স্বাস্থ্যখণ্ডত বিভিন্ন বয়সৰ লোকৰ ৬,৮১৯ পালি প্ৰতিষেধক লোৱাৰ সময় হৈছে আৰু ডেৰ লাখৰো অধিক লোকৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ সময় পাৰ হৈ গৈছে । 'হৰ ঘৰ দস্তক ২.০' অভিযানৰ অধীনত এইসকল লোকৰ ঘৰে ঘৰে গৈ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দলে প্ৰতিষেধক প্ৰদান কৰিব বুলি শ্ৰীমতী দেউৰীয়ে জানিবলৈ দিয়ে । অৱশ্যে দুটা সুকীয়া মোবাইল নম্বৰ ব্যৱহাৰ কৰি প্ৰতিষেধক গ্ৰহণ কৰা, ফোন হেৰুওৱা, অন্য ঠাইৰ পৰা আহি বা অন্য ঠাইলৈ গৈ প্ৰতিষেধক লোৱা, বাহিৰৰ পৰা অহা শ্ৰমিক, মৃত্যু হোৱা লোক আদিৰ নাম কৰ্তন কৰিলে প্ৰতিষেধক লোৱাৰ সময় উকলি যোৱা লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পাব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে যিসকল লোকে এতিয়াও প্ৰথম পালি প্ৰতিষেধক ল'বলৈ বাকী আছে তেওঁলোককো এই অভিযানৰ অধীনত চিনাক্ত কৰি প্ৰতিষেধক প্ৰদান কৰা হ'ব । সভাত উপায়ুক্তগৰাকীয়ে অহা ৬ তাৰিখৰ পৰা প্ৰথমে বিদ্যালয়সমূহত প্ৰতিষেধক প্ৰদান অভিযান তীব্ৰতৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । এই অভিযান সফল কৰাৰ বাবে আশা, অংগনৱাড়ী কৰ্মী, পঞ্চায়ত প্ৰতিনিধি আৰু গাঁওবুঢ়াসকলক লগত লৈ ঘৰে-ঘৰে গৈ প্ৰতিষেধক ল'বলৈ সৈমান কৰাব লাগিব বুলি তেওঁ কয় । তেওঁ চাহ বাগিচাসমূহত প্ৰতিষেধক প্ৰদানৰ হাৰ বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । উপায়ুক্তগৰাকীয়ে প্ৰথমশাৰীৰ কৰ্মীসকলক সুৰক্ষাসূচক পালি ল'বলৈ আহ্বান জনায় । সভাত অতিৰিক্ত উপায়ুক্ত ( টীকাকৰণ) কুলদীপ হাজৰিকাই এতিয়াও প্ৰতিষেধক গ্ৰহণৰ পৰা বাদ পৰি থকা বিদ্যালয়সমূহত ক'ভিডৰ প্ৰতিষেধক প্ৰদানত গুৰুত্ব দিবলৈ আহ্বান জনায় । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া, চক্ৰ বিষয়া, উন্নয়ন খণ্ড বিষয়া, চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India