Tuesday, 31 May 2022

গোলাঘাটৰ ফৰকাটিংত বিশ্ব ধপাঁত বিৰোধী দিৱস আজি ৱল্ড ন’ টবাক’ দে

৩১ মে ২০২২ঃ গোলাঘাটৰ ফৰকাটিংত বিশ্ব ধপাঁত বিৰোধী দিৱস
আজি ৱল্ড ন’ টবাক’ দে

৷ অৰ্থাৎ ধপাঁত বিৰোধী দিৱস ৷ এই দিৱসৰ উপলক্ষে  জিলাখনৰ বিভিন্ন স্থানৰ লগতে ফৰকাটিং ৰেলজংচনৰ সমীপৰ অমৰজ্যোতি ক্লাৱত এই দিৱস পালন কৰা হয় ৷ জিলা ধপাঁত নিয়ন্ত্রণ কোষৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ সভানেত্ৰীত্ব কৰে ড° লুকুমণি গোস্বামীয়ে ৷ সভাত ফৰকাটিং কলেজৰ অধ্যক্ষ ড° অপূৰ্ব শইকীয়া : অতিৰিক্ত উপায়ুক্ত কুলদিপ বৰ্মনকে ধৰি বহুকেইজনে বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷ কুকিলকণ্ঠিৰ গায়িকা অন্যান্যা গোস্বামীয়ে পৰিবেশন কৰা গীতে ৰাইজৰ মন মোহে ৷ বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু NCC ক্ৰেডাৰ আৰু ৰাইজে অংশগ্ৰহণ কৰা সভাৰ শেষত এখনি বাটৰ নাটও প্ৰদৰ্শন কৰা হয় ৷ ::
 প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India