Tuesday, 5 April 2022

আহক আমি সকলোৱে ইজনে সিজনৰ হাতে হাত ধৰি এক মানৱ জাতিৰ গান গাওঁ।

আহক আমি সকলোৱে শপত লওঁ আহি থকা দিন বোৰত যেন আমি সকলোৱে সকলোকে লগত লৈ এখন সুন্দৰ সব্বাঙ্গীন সমাজ, এক মানৱ জাতি হিচাপে এই পৃথিবীত, মা আৰু প্ৰকৃতিৰ বুকোত প্ৰতিষ্ঠা হওঁ। 

আহক আমি সকলোৱে ইজনে সিজনৰ হাতে হাত ধৰি এক মানৱ জাতিৰ গান গাওঁ। 

সেৱাৰে

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*
  *প্ৰতিষ্ঠাপক*
Email- mother.and.nature2021@gmail.com -  
*WhatsApp - 9859593814*

*নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠকত নিৰ্বাচিত আৰু পদেন সদস্যসকলৰ শপতগ্ৰহণ**ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ পাছত এতিয়া বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰাৰ সময় : অজন্তা নেওগ**চৰকাৰৰ তিনিখলপীয়া ব্যৱস্থাৰ প্ৰতিটো শাখাই সমন্বয়েৰে কাম কৰিলেহে প্ৰগতি সম্ভৱ : নেওগ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৭

*নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠকত নিৰ্বাচিত আৰু পদেন সদস্যসকলৰ শপতগ্ৰহণ*

*ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ পাছত এতিয়া বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰাৰ সময় : অজন্তা নেওগ*

*চৰকাৰৰ তিনিখলপীয়া ব্যৱস্থাৰ প্ৰতিটো শাখাই সমন্বয়েৰে কাম কৰিলেহে প্ৰগতি সম্ভৱ : নেওগ*
গোলাঘাট, ৫ এপ্ৰিল : নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক আজি পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকত গোলাঘাট পৌৰসভাৰ পদেন সদস্য আৰু নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলে শপতগ্ৰহন কৰে । সেই অনুসৰি শপতগ্ৰহণ কাৰ্যসূচীৰ অস্থায়ী সভাপতি হিচাপে বাছনি কৰা ৬ নং ৱাৰ্ডৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ প্ৰণৱজ্যোতি চলিহাক জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীয়ে শপতবাক্য পাঠ কৰোৱায় । পৰৱৰ্তী সময়ত অস্থায়ী সভাপতিগৰাকীয়ে গোলাঘাট পৌৰসভাৰ পদেন সদস্য, গোলাঘাট সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ আৰু নিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলক শপতবাক্য পাঠ কৰোৱায় । আজিৰ সভাতে সৰ্বসন্মতিক্ৰমে ১১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ দুলুমনি বৰবৰাক পৌৰপতি আৰু ৯ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ সীমান্ত বৰাক উপ-পৌৰপতি হিচাপে নিৰ্বাচন কৰা হয় ।
 
শপতগ্ৰহণ কৰি গোলাঘাট পৌৰসভাৰ পদেন সদস্য তথা মন্ত্ৰী অজন্তা নেওগে প্ৰথমেই পৌৰসভাৰ নৱনিৰ্বাচিত সদস্যসকলক অভিনন্দন জ্ঞাপন কৰি ৰাইজৰ আশীৰ্বাদ আৰু আস্থা শিৰত লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় । তেওঁ কয় যে গোলাঘাট পৌৰসভা গোলাঘাট জিলাৰ দাপোনস্বৰূপ । শতবৰ্ষ গৰকা এনে এটা ঐতিহ্যমণ্ডিত অনুষ্ঠান পূৰ্বে অৰাজনৈতিকভাৱে পৰিচালিত হৈছিল । কিন্তু সংবিধানৰ ৭৪ সংখ্যক সংশোধনীৰ পৰাই পৌৰনিকায়সমূহে সাংবিধানিক মৰ্যাদা লাভ কৰিলে আৰু স্থানীয় স্ব-শাসন ব্যৱস্থাৰ আধাৰত পুঁজিৰ ব্যৱস্থা, কৰ-কাটল সংগ্ৰহ, প্ৰতি ৫ বছৰৰ মূৰে মূৰে নিৰ্বাচন, মহিলা আৰু অনুসূচীত জাতি-জনজাতিৰ বাবে সংৰক্ষণ আদিৰ ব্যৱস্থা কৰা হ'ল । তেওঁ কয় যে সংসদ, বিধানসভা আৰু পৌৰসভা এই তিনিখলপীয়া ব্যৱস্থাৰ প্ৰতিটো শাখাই সমন্বয়েৰে কাম কৰিলেহে সামগ্ৰিক প্ৰগতি সম্ভৱ । ক'ভিড মহামাৰীৰ ভয়াৱহতাৰ পাছত এতিয়া আগলৈ চোৱাৰ সময় বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি আগবাঢ়িব । তেওঁ এতিয়া বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰাৰ সময় বুলি মত প্ৰকাশ কৰে । তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে যোৱা ৯ মাহত ২৪ ঘণ্টাই ৰাইজৰ সেৱা তথা প্ৰত্যেকজন দৰিদ্ৰ মানুহৰ কাষলৈ যোৱাৰ প্ৰয়াস কৰিছে । এইক্ষেত্ৰত গোলাঘাট পৌৰসভাৰ সদস্যসকলেও অনুৰূপ ধৰণে ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি পৌৰসভাখনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব লাগিব বুলি তেওঁ কয় । যোৱা ৯ মাহত গোলাঘাট পৌৰসভাই বিভিন্ন শিতানত প্ৰায় ১০০ কোটি টকা লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ নিৰ্বাচিত সদস্যসকলক একোগৰাকী সৈনিক হিচাপে অৱতীৰ্ণ হৈ পুঁজিৰ সদব্যৱহাৰ কৰি নিখুঁতভাৱে কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে কয় যে টাটা ট্ৰাষ্টে গোলাঘাটত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰাই গোলাঘাটৰ চেলেঙিত প্ৰস্তাৱিত কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ  আধাৰশিলা স্থাপন কৰিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে গোলাঘাটৰ সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবেও ইতিমধ্যে পুঁজি অনুমোদন হৈছে । তেওঁ চাফাইকৰ্মীসকলক উচ্চ প্ৰশংসা কৰি ৰাইজকো পৰিষ্কাৰ পৰিচ্ছনতাৰ দিশত সহযোগ কৰিবলৈ আহ্বান জনায় । লগতে ৱাৰ্ড কমিছনাৰসকলক ৱাৰ্ড সমিতি গঠন কৰি ৰাইজৰ সহযোগত সমস্যা সমাধানৰ পথ উলিয়াবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ গোলাঘাট পৌৰসভাই এমাহত ১.৩০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা বিষয়টোৰ প্ৰশংসা কৰাৰ লগতে পাৰ্ক আৰু বাট-পথসমূহ পৰিষ্কাৰ আৰু সূচল কৰি ৰখাৰ ক্ষেত্ৰত পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, নিৰ্বাচিত সদস্য আৰু ৰাইজৰ সহযোগিতা কামনা কৰে । 

সভাত পৌৰপতি দুলুমণি বৰবৰাই ৰাইজৰ আস্থা লৈ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাম বুলি মন্তব্য কৰে । সভাত উপ-পৌৰপতি সীমান্ত বৰাই গোলাঘাট নগৰখনক অহা তিনি বছৰৰ ভিতৰত নতুন ৰূপ দিয়াৰ লক্ষ্যৰে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কয় ।

সভাত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু জিলা প্ৰশাসন তথা পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, বিজেপি আৰু অসম গণ পৰিষদ দলৰ জিলা পৰ্যায়ৰ নেতা-কৰ্মী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 4 April 2022

*কাইলৈ নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৬

*কাইলৈ নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক*

গোলাঘাট, ৪ এপ্ৰিল : অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ নিৰ্দেশক্ৰমে নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক কাইলৈ ৫ এপ্ৰিলত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'ব । বৈঠকত গোলাঘাট পৌৰসভাৰ নৱনিৰ্বাচিত ১৩ গৰাকী নিৰ্বাচিত ৱাৰ্ড কমিছনাৰে শপতগ্ৰহন কৰিব । এই বৈঠকতে পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষও নিৰ্বাচন কৰা হ'ব । উল্লেখযোগ্য যে ১৩ টা ৱাৰ্ডৰ গোলাঘাট পৌৰসভাৰ নিৰ্বাচনত ১০ খন আসন বিজেপিয়ে আৰু ৩ খন অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে লাভ কৰিছে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

জৱাহৰ নৱোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীত প্ৰৱেশৰ বাবে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বাছনি পৰীক্ষা-২০২২ ৰ প্ৰৱেশ পত্ৰ

প্ৰেছ বাৰ্তা
জৱাহৰ নৱোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীত প্ৰৱেশৰ বাবে অহা ৯ এপ্ৰিলত  অনুষ্ঠিত হ'বলগীয়া বাছনি পৰীক্ষা-২০২২ ৰ প্ৰৱেশ পত্ৰ www.navodaya.gov.in ৱেবছাইটত উপলব্ধ কৰা হৈছে। প্ৰাৰ্থীসকলে এই ৱেবছাইটৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব বা জৱাহৰ নৱোদয় বিদ্যালয়, কামৰূপৰ অধ্যক্ষৰ কাৰ্যালয়তো যোগাযোগ কৰিব পাৰিব।
জনসংযোগ, কামৰূপ
NORTHEAST NEWS INDIA

*অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান বিত্তমন্ত্ৰী অজন্তা নেওগৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৫

*অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান বিত্তমন্ত্ৰী অজন্তা নেওগৰ*

গোলাঘাট, ৪ এপ্ৰিল : বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট নগৰৰ এৰেঙাপাৰাত থকা মন্ত্ৰীগৰাকীৰ বাসগৃহৰ চৌহদত যোৱা ১৬ আৰু ২৫ মাৰ্চত ক্ৰমে পাঁচ আলিৰ ১১ নং ৱাৰ্ড আৰু বেঙেনাখোৱা ধুবী চাৰিআলিৰ ৬ নং ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ চেক প্ৰদান কৰে । ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা ক্ষতিপূৰণৰ চেকসমূহ বিত্তমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰে । তেওঁ চেক বিতৰণ কৰি যিকোনো ধৰনৰ সম্ভাব্য দুৰ্যোগ প্ৰতিহত কৰিব পৰাকৈ সকলোকে সজাগ তথা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে যিকোনো ধৰণৰ দুৰ্যোগ অথবা সমস্যাৰ ক্ষেত্ৰত বৰ্তমানৰ ৰাজ্য চৰকাৰখন সদায় ভুক্তভোগী ৰাইজ তথা পৰিয়ালৰ সৈতে আছে । তেওঁ ভুক্তভোগী পৰিয়াল তথা ব্যৱসায়ী সকলৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰে । আজিৰ চেক বিতৰণ অনুষ্ঠানত বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যোৱা বেঙেনাখোৱা ধুবী চাৰিআলিৰ দুজন, পাঁচ আলিৰ এজন, আংশিকভাৱে ক্ষতিগ্ৰস্ত বেঙেনাখোৱা ধুবী চাৰিআলিৰ এজন আৰু দুয়োটা স্থানৰ অন্য ২০ টা পৰিয়াল তথা ব্যৱসায়ীক চেক প্ৰদান কৰা হয় । চেক বিতৰণ কাৰ্যসূচীত গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া পাপৰি দাসৰ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ সদস্যসকল উপস্থিত আছিল । উল্লেখযোগ্য যে ১৬ মাৰ্চৰ দুপৰীয়া পাঁচ আলিৰ ১১ নং ৱাৰ্ডত আৰু ২৬ মাৰ্চৰ নিশা বেঙেনাখোৱা ধুবী চাৰিআলিৰ ৬ নং ৱাৰ্ডত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...