Friday, 8 October 2021
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো। মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)Email- mother.and.nature2021@gmail.comবিশ্বৰ সকলোলৈ আহ্বান। মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল , মোৰ সকলোলৈ আহ্বান। সকলো অঞ্চলতে এখনকৈ সকলোকে সামৰি মঞ্চ গঠন কৰিবলৈ অনুৰোধ জনালো। মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত। মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব। 🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব। 🚩আমাৰ কোনো জাতি ধৰ্ম বুলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই। 🚩আমাক বিশ্বত মানৱ জাতি বুলি হে জানিব। 🚩 আমাৰ কৰ্মই ধৰ্ম হব। 🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ। 🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব। যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব। 🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ। ধন্যবাদেৰে মাধৱ গগৈ।। আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো ।।MADHOB GOGOIমা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति) Founder (CEO), প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।Email- mother.and.nature2021@gmail.com - WhatsApp - 9859593814
বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। আহক আমি সকলো মিলি মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ। আহক আমি সকলো মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুস্থ মানসিকতাৰে জীয়াই থাকো।
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
Email- mother.and.nature2021@gmail.com
বিশ্বৰ সকলোলৈ আহ্বান। মা, দেউতা, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল , মোৰ সকলোলৈ আহ্বান। সকলো অঞ্চলতে এখনকৈ সকলোকে সামৰি মঞ্চ গঠন কৰিবলৈ অনুৰোধ জনালো।
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
আমাৰ এই মঞ্চত সকলোৱে ঠাই পাৱ। আমাৰ মহান উদ্দেশ্য হৈছে বিশ্বত চিৰ শান্তি, সুস্থ বাৰ্তাবৰণ, সুস্থ পৰিবেশ , সুস্থ সমাজ গঢ় লৈ উঠে। সমগ্র বিশ্বত মানৱ জাতি সত্য পথত অগ্রসৰ হয়। শান্তি বিৰাজ কৰে সমগ্র পৃথিবীত।
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति)
আমাৰ লক্ষ্য আৰু উদেশ্যে :-🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
🚩আমাৰ ইয়াৰ সকলোৱে এখন সুস্থ পৰিয়ালৰ দৰে কাম কৰি যাব লাগিব।
🚩আমি সকলো মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে কাম কৰি যাব লাগিব।
🚩আমাৰ কোনো জাতি ধৰ্ম বুলি নাথাকিব। যেনেকৈ মা আৰু প্ৰকৃতিৰ কোনো ধৰ্ম বা জাতি নাই।
🚩আমাক বিশ্বত মানৱ জাতি বুলি হে জানিব।
🚩 আমাৰ কৰ্মই ধৰ্ম হব।
🚩 সকলো মানৱ জাতি প্ৰতি আমি সমভাৱ ৰাখিব লাগিৱ।
🚩 শান্তি সম্প্রতি ভাতিত্ববোধ একতা আমি সকলোৱে বৰ্তাই ৰাখিব লাগিব। তেতিয়াহে আমি এখন সুস্থ পৃথিবী লাভ কৰিম।
🚩আমাৰ সকলোৱে এটা পৰিয়াল হৈ থাকিব লাগিব। যদি আমাৰ কাৰোবাৰ কিবা বিপদ সমস্যা হয়, তেন্তে সকলোৱে মিলি সেই পৰিয়াল টোক বা ব্যক্তি গৰাকীক সহায় সহযোগিতা কৰিব লাগিব।
🚩 আমাৰ সকলোৱে ইজনে সিজনক - মা, দেউতা, আই, বোপাই, বাই, ভনী, ককাই, ভাই, বংশ, পৰিয়াল হিচাপে সন্মান কৰিব লাগিব।
🚩 আমাৰ লক্ষ্য আৰু উদ্দেশ্য সুস্থ বিশ্ব গঢ়াৰ। পৃথিবীৰ সকলোকে সমান চকুৰে চোৱা আৰু সকলোকে সম অধিকাৰ দিয়াৰ আহ্বান।
মা আৰু প্ৰকৃতি য়ে দিছে আমাক শক্তি। আমি সকলো মানৱ জাতি হৈ পৰো মা আৰু পৃথিবীৰ দৰে। সকলো ভেদাভেদ লুভ,মোহ,অংহকাৰ ত্যাগ কৰি, জীৱ শ্ৰেষ্ঠ মানৱ জাতি ৰূপে, তাৰে মোৰ কামনা, সকলো মানৱ জাতি লৈ।
ধন্যবাদেৰে মাধৱ গগৈ।।
আহক আমি সকলো হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু এখন সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো ।।
MADHOB GOGOI
মা আৰু প্ৰকৃতি (Mother and Nature) ( मा और प्रकृति) Founder (CEO), প্ৰতিষ্ঠাপক ,মূখ্য কাৰ্যবাহী ।
Email- mother.and.nature2021@gmail.com -
WhatsApp - 9859593814
Thursday, 7 October 2021
জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন*
জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ১৭৮
*জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন*
গোলাঘাট, ৭ অক্টোবৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত তথা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া শ্ৰী ৰণি ৰাজকুমাৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ বাবে বিভিন্ন বিভাগে দাখিল কৰা প্ৰস্তাৱসমূহ উত্থাপন কৰে । বৈঠকত জলসম্পদ, কৃষি, শিক্ষা, মীন, লোকনিৰ্মাণ(পথ), হস্ততাঁত আৰু বস্ত্ৰশিল্প, সমাজ কল্যান বিভাগ আৰু ৰাজহ চক্ৰ পৰ্যায়ত কেইবাটাও প্ৰকল্প দাখিল কৰা হয় । ২০২১ চনত বানপানী, ধুমুহা আদিৰ ফলত বাট-পথ, বিদ্যালয় গৃহ আৰু অন্যান্য ক্ষয়-ক্ষতি তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি চমুকৈ এছ ডি আৰ এফৰ অধীনত পুনৰসংস্থাপনৰ বাবে দাখিল কৰা কেইবাটাও প্ৰকল্প প্ৰস্তাৱ গৃহীত হয় । বৈঠকত অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ দ্বিতীয়খন বৈঠক সম্পন্ন* *১৫ নৱেম্বৰৰ ভিতৰত গুৰুত্বপূৰ্ণ পথসমূহত দিশ নিৰ্দেশনাসুচক লগোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৭৭
*গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ দ্বিতীয়খন বৈঠক সম্পন্ন*
*১৫ নৱেম্বৰৰ ভিতৰত গুৰুত্বপূৰ্ণ পথসমূহত দিশ নিৰ্দেশনাসুচক লগোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*
গোলাঘাট, ৭অক্টোবৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা পৰিবহন বিষয়া শ্ৰী দিব্যজ্যোতি কাৰ্জি আৰু উপ আৰক্ষী অধীক্ষক শ্ৰী মাধুৰ্য বৰুৱাৰ লগতে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ, পৰিবহন বিভাগ, আৰক্ষী, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, স্বাস্থ্য বিভাগ, যানবাহন পৰিদৰ্শক আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল । সভাত পথ সুৰক্ষাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । তাৰ ভিতৰত পথ সুৰক্ষাৰ পৰিসংখ্যা আৰু কাৰণসমূহ, পথ সুৰক্ষা বাহিনীৰ পুনৰুজ্জীৱিতকৰণ, অত্যধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান, দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰা আদি অন্যতম । বৈঠকত জিলা উপায়ুক্তগৰাকীয়ে সমাগত শীতকালত কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পাব পৰা সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাটো সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অহা ১৫ নৱেম্বৰৰ ভিতৰত দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকা এলেকাসমূহত স্থানীয় যুৱক-যুৱতীক জড়িত কৰোৱাই পথ সুৰক্ষা বাহিনী নামেৰে এটা স্বেচ্ছাসেৱী বাহিনী গঠন কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয় । সভাত দেৰগাঁও, নেঘেৰিটিং আৰু বোকাখাতৰ কেতবোৰ স্থানত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে অতি সোনকালেই দিশ নিৰ্দেশনা সূচক লগোৱাৰ বাবে সিদ্ধান্ত লোৱা হয় । জিলা উপায়ুক্তগৰাকীয়ে দুৰ্ঘটনাপ্ৰৱন অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহন বিষয়াক নিৰ্দেশ দিয়ে । তেওঁ দুৰ্ঘটনাত পতিত হোৱা লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে ল'বলগীয়া প্ৰাৰম্ভিক ব্যৱস্থা আৰু প্ৰাথমিক চিকিৎসা সন্দৰ্ভত পথ সুৰক্ষা বাহিনী, আৰক্ষী আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ উপযুক্ত প্ৰশিক্ষণৰ বিষয়টো গুৰুত্ব আৰোপ কৰে । লগতে শাৰদীয় দুৰ্গা পূজাৰ আগতে যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগক এটা যুটীয়া অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হয় । আনহাতে পথ সুৰক্ষা পুঁজিৰ ধনেৰে পৰিবহন বিভাগৰ তৰফৰ পৰা আজি দুৰ্ঘটনাত পতিত অথবা অন্য জৰুৰী অৱস্থাৰ ৰোগীক কঢ়িয়াবৰ বাবে ১০ খন ষ্ট্ৰেছাৰ আৰু ১০ টা প্ৰাথমিক চিকিৎসাৰ কিট আৰক্ষীক অৰ্পণ কৰা হয় । এই সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ আৰু অন্য দুৰ্ঘটনাপ্ৰৱন এলেকাত থকা থানাসমূহত যোগান ধৰা হ'ব যাতে জৰুৰী সময়ত ব্যৱহাৰ কৰিব পৰা যায় ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Wednesday, 6 October 2021
Tuesday, 5 October 2021
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...