Thursday, 7 October 2021

জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ১৭৮

*জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন*

গোলাঘাট, ৭ অক্টোবৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত তথা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া শ্ৰী ৰণি ৰাজকুমাৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ বাবে বিভিন্ন বিভাগে দাখিল কৰা প্ৰস্তাৱসমূহ উত্থাপন কৰে । বৈঠকত জলসম্পদ, কৃষি, শিক্ষা, মীন, লোকনিৰ্মাণ(পথ), হস্ততাঁত আৰু বস্ত্ৰশিল্প, সমাজ কল্যান বিভাগ আৰু ৰাজহ চক্ৰ পৰ্যায়ত কেইবাটাও প্ৰকল্প দাখিল কৰা হয় । ২০২১ চনত বানপানী, ধুমুহা আদিৰ ফলত বাট-পথ, বিদ্যালয় গৃহ আৰু অন্যান্য ক্ষয়-ক্ষতি তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি চমুকৈ এছ ডি আৰ এফৰ অধীনত পুনৰসংস্থাপনৰ বাবে দাখিল কৰা কেইবাটাও প্ৰকল্প প্ৰস্তাৱ গৃহীত হয় । বৈঠকত অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...