Sunday, 11 July 2021

চৰকাৰ চলোৱা বৰমূৰীয়া সকললৈ আহ্বান।।

১১ জুলাই, ২০২১

চৰকাৰ চলোৱা বৰমূৰীয়া সকললৈ আহ্বান।। 

ৰাজ্যত যি সকল দুখীয়া জনসাধাৰণ ৰাইজ আছো আমাৰ অবস্থা একে বাৰে বেয়া দিখত গতি কৰিছে। যোৱা বছৰ আৰু এতিয়া এই বছৰ একে ধৰণে চলিছে ৰাজ্য। একো সলনি হোৱা নাই। এই দৰে আৰু কিমান দিন চলিব ৰাজ্য। বেমাৰে মানুহক জুৰুলা কৰাতকৈও, ধনৰ অভাৱত, আমি  দুখীয়া যি ঘৰত এটাও চৰকাৰী চাকৰী নাই, আৰু যাৰ ডাঙৰ ব্যৱসায় নাই, যি সদায় দৈনিক সৰু দুকান বজাৰ কৰিয়ে হওঁক কিম্বা দৈনিক হাজিৰা কৰিয়ে হওঁক, ভাত মুঠি যোগাৰ কৰি আমাৰ যি জনসাধাৰণ ৰাইজ চলি আছো। আমাৰ অবস্থা একে বাৰে বেয়া। আপোনালোকৰ কোনো চিন্তা নাই, কাৰণ আপোনালোকৰ মাহটো পাৰ হলেই দৰমহা পইচা পায় আৰু সেই টকাই চলে আপোনালোক। আৰু আমাৰ, আমি কত পাম টকা, কোনে দিব টকা চলিবলৈ। বন্ধই কোনো সমস্যা সমাধান কৰিব নোৱাৰে। যদি এনেকৈয়ে ৰাজ্য চলাব বিচাৰে তেন্তে সকলোকে দৰমহা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়া কাৰো দুখ কষ্ট, অভাব অনাটন নহয়। সকলো সুন্দৰ ভাবে চলিব পাৰিব। 
 ধন্যবাদ।।। 

দেশ তথা ৰাজ্যত সুদিন ঘুৰি আহক তাৰে কামনা কৰিলো।। 

চৰকাৰে আমাৰ দৈনিক ভাত মুঠি যোগাৰ কৰা সকললৈ চিন্তা কৰক।।। 

ধন্যবাদেৰে।। 

মাধৱ গগৈ।।।

11 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 10/07/2021.

11 July, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 10/07/2021.

Saturday, 10 July 2021

যোৰহাটৰ ৰেড জ'নসমূহত ক'ভিড প্ৰট'কল ভঙ্গকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ

10 July, 2021

জনসংযোগ,যোৰহাট
প্ৰেছ বাৰ্তা নং : ৮৩/২০২১

যোৰহাটৰ ৰেড জ'নসমূহত ক'ভিড প্ৰট'কল ভঙ্গকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ 

যোৰহাট, জুলাই ১০: যোৰহাট জিলা প্ৰশাসনৰ এটা বৃহৎ দলে আজি জিলাখনৰ বিভিন্ন প্ৰান্তত ক'ভিড প্ৰট'কল ভঙ্গকাৰীৰ বিৰুদ্ধে আৰু চুলাই মদ তথা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়৷ জিলাখনৰ অভিভাৱক মন্ত্ৰী ড: ৰনোজ পেগু আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নিৰ্দেশত তিনি জনকৈ অতিৰিক্ত উপায়ুক্তই একেলগে আজি লগত এট বৃহৎ দল লৈ ক'ভিড পজিটিভ বেছি হোৱা ঠাইসমূহত পৰিদৰ্শন কৰি ৰাইজক ক'ভিডৰ চৰকাৰী নীতি নিয়মসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়ে৷

উল্লেখযোগ্য যে,ভগামুখ, চিন্তামণি গড়,জেলেঙীটোপ আদি ঠাইসমূহ বৰ্তমান ক'ভিডৰ ৰেড জ'ন হিচাপে চিনাক্ত কৰা হৈছে৷ সেয়ে এই ঠাইসমূহত ক'ভিড ৰোধ কৰাৰ উদ্দেশ্য আজি অভিযান চলোৱা হয় আৰু এনেধৰনৰ অভিযান আগলৈও প্ৰায়ে চলাই নিয়াৰ বিষয়ে জিলা প্ৰশাসনে অবগত কৰিছে৷
 
ইয়াৰোপৰি  ক'ভিড সংক্ৰমণ বৃদ্ধিৰ সময়চোৱাত অবৈধ সুৰা তথা চুলাই মদৰ আদ্দাসমূহৰ পৰা যাতে অধিক সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অবৈধ সুৰাৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ আজি দলটোৰ লগত যোৰহাট জিলাৰ আবকাৰী অধীক্ষকসহ আবকাৰী বিভাগৰ এটা দলেও অভিযানত অংশগ্ৰহণ কৰে৷ আবকাৰী অভিযানত বহুতো দেশীয় আৰু বিদেশী সুৰা নষ্ট কৰাৰ লগতে অবৈধ সুৰা বিক্ৰী কৰা বহুকেইজন বিক্ৰেতাক ভাবুকি প্ৰদান কৰা হয়৷ আনহাতে অভিযানকালত জিলা প্ৰশাসনৰ বৃহৎ দলটোৱে উক্ত ঠাইসমূহত ক'ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ল'বলগীয়া  নীতি নিয়মৰ বিষয়ে আৰু অবৈধ সুৰাৰ বিৰুদ্ধে সজাগতাৰো সৃষ্টি কৰে৷

 আজিৰ অভিযানকালত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, বিশ্বজিৎ ফুকন,অনোজ ব্ৰহ্ম, টীয়ক ৰাজহ চক্ৰ বিষয়া  সৌভিক ভূঁঞা, টীয়ক ৰাজহ চক্ৰ বিষয়া( সংলগ্ন) নিলোৎপলাক্ষী বৰা ,আবকাৰী অধীক্ষক বনানী হোজাই, আবকাৰী পৰিদৰ্শক ইমতিয়াজ আলি, টীয়ক আৰক্ষী প্ৰশাসন, চি আৰ পি এফৰ এটা দল আৰু বহকেইজন বিষয়া কৰ্মচাৰীয়ে সহযোগ কৰে৷
স্বা:
জিলা তথ্য আৰু জনসংযোগ বিষয়া, যোৰহাট

Directorate of Information and Public Relations, Assam

যোৰহাট জিলা প্ৰশাসনে গেলামালৰ পাইকাৰী দোকান সমূহ খোলা ৰখাৰ খেত্ৰত কিছু সাল সলনি কৰিছে৷

10 July, 2021

  যোৰহাট জিলা প্ৰশাসনে  গেলামালৰ পাইকাৰী দোকান সমূহ খোলা ৰখাৰ খেত্ৰত কিছু সাল সলনি কৰিছে৷ সেই অনুসৰি পূৰ্বৰ নিৰ্দেশনাত উল্লেখিত সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰৰ সলনি অহা কাইলৈ তথা ১১ জুলাইৰ পৰা কেৱল বুধবাৰ আৰু শুক্ৰবাৰেহে গেলামালৰ পাইকাৰী দোনানসমূহ খোলা ৰাখিব পাৰিব৷ যোৰহাট  আৰু টীয়কত এই দোকানসমূহ পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈকে খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷

Directorate of Information and Public Relations, Assam

10 July, 2021Daily COVID-19🦠😷 bulletin Dibrugarh

10 July, 2021

Daily COVID-19🦠😷 bulletin Dibrugarh

অহা ইংৰাজী ১১/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

10 July, 2021

অহা ইংৰাজী ১১/০৭/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । লগতে, উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে দ্বিতীয় পালি টীকা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব । ইয়াৰোপৰি উক্ত বয়সৰ ক'মৰ্বিদিতি (Co-morbidity) ৰোগীসকল আৰু সংক্ৰমণৰ পৰিমাণ বাঢ়ি থকা অঞ্চলসমূহৰ বাবেও বিশেষ প্ৰতিষেধক শিবিৰৰ ব্যৱস্থা কৰা হৈছে । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

Session schedule of Covid Vaccination Centres for mega campaign under Majuli district.

10 July, 2021

Session schedule of Covid Vaccination Centres for mega campaign under Majuli district.

Date   - 11/07/2021 
Time -  9AM - 5PM

Target - 120
(Age Group 18+)

1) Lakheraj MV School, Upper batiamari - Covishield

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...