Thursday, 22 April 2021

খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ লোক ৷

 22 April, 2021


খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ  লোক ৷



অসমৰ কৃষিৰ ভড়াল হিচাপে জনাজাত গোলাঘাটৰ দ’চমুৱাৰ শগুণপাৰা গাঁৱৰ বিলাহী খেতিয়কৰ দুৰ্দশা ৷ বিলাহীখেতিৰ ফচলৰ বজাৰ মূল্য নোপোৱাৰ বাবে কৃষিপথাৰৰ ফচল তলিতেই গেলিবলৈ ধৰিছে ৷ ৩ টকা দৰতো বিলাহী কিনিবলৈ নাহে বেপাৰী ৷ ৯৯ শতাংশ কৃষক থকা গাওঁ খনৰ কৃষকৰ উৎপাদিত বিলাহী এতিয়া গৰু ছাগলীয়েও নোখোৱা হৈছে ৷ কৃষকৰ এনে দুৰ্দশাৰ খবৰ লবলৈও অহানাই গ্ৰাম সেৱককে ধৰি কৃষি বিভাগৰ লোক ৷ ::


 গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

 22 April, 2021


গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী


মৃণাল গগৈ ওৰফে জজ’



 গোলাঘাটৰ আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জজৌক  গ্ৰেপ্তাৰ কৰি ২১ এপ্ৰিলত আদালতৰ যোগেদি  জেল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি  এনডিপিএচ আইনৰ অধীনত  অভিযুক্ত জজৌক গ্ৰেপ্তাৰ কৰা হৈছে। গোলাঘাট নগৰৰ  চানমাৰিৰ ভগা গাঁওৰ নিবাসী মৃণাল গগৈ ওৰফে জজৌ দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল আৰু ইয়াৰ পূৰ্বে তেওঁ একাধিক বাৰ জেললৈ গৈছিল। আৰক্ষীয়ে জ'জ  সহ দীপজ্যোতি সিংহা আৰু দেবজিত চেতিয়া নামৰ আন দুটা ড্ৰাগছ ব্যৱসায়ীকো কালি গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে l উল্লেখযোগ্য যে জজক পূৰ্বেও কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল l কিন্তু প্ৰতি বাৰেই জামিনত জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল জজয়ে । উল্লেখযোগ্য যে, কুখ্যাত ড্ৰাগছ মাফিয়া জ'জক ২০১৬ চনত ২২(এ)/২৭ এন ডি পি এচৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । কিন্তু কাৰাগাৰৰ পৰা জামিন লাভ কৰাৰ পাছতে পুণৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। পুণৰ গোলাঘাট আৰক্ষীয়ে ৫৬২/২০১৭ গোচৰত ২০(বি) এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে । কিন্তু পুণৰ জামিন লাভ কৰিয়েই গোলাঘাট জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছিল। ইয়াৰ পাছতে  গোলাঘাট আৰক্ষীয়ে পুণৰ ৮৮৮/১৮ নম্বৰৰ গোচৰৰ অধীনত ২২/২৭ এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে যদিও বাৰে বাৰে জামিন লাভ কৰা জ'জয়ে পুণৰ জামিনত আহিয়েই জিলাখনত ভিন্ন প্ৰান্তত ড্ৰাগছৰ অবাধ বেহা গঢ়ি তুলিছিল । আৰক্ষীৰ বাৰে বাৰে টোপনি হৰণ কৰা জ'জৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে গৃহ বিভাগক তথ্য সহকাৰে বিষয়টো অৱগত কৰাত  নাৰ্কেটিক বৰ্ডৰ অধীনৰ প্ৰিভেঞ্চন অৱ ইলিছিট ট্ৰেফিকিং এন ডি পি এচ আইন ১৯৮৮ অধীনত কালি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে । স্মৰ্তব্য যে , এই আইনৰ অধীনত দুবছৰ পৰ্যন্ত কোনো জামিন লাভ কৰিব নোৱাৰে । ঃ 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটত নতুনকৈ ৬১জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি

22 April, 2021


প্ৰেছ বিজ্ঞপ্তি নং : ৫৮/২০২১

গোলাঘাটত নতুনকৈ ৬১জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি

গোলাঘাটত এতিয়ালৈকে ৬০,৮৬৮ পালি প্ৰতিষেধক প্ৰদান

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে গোলাঘাট পৌৰসভা এলেকাত তিনি দিনত ৩৯,৯০০টকাৰ জৰিমনা

গোলাঘাট, ২২ এপ্ৰিল : গোলাঘাট জিলাত আজি নতুনকৈ ৬১জন লোকৰ দেহত ক'ভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে । ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি পাইছে । ইয়াৰে ১৩৯জন ঘৰতে আছুটীয়াকৈ থকাৰ বিপৰীতে ৬১জন লোক গোলাঘাট ক'ভিড চিকিৎসালয়, ৩জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল আৰু দুজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে । আজি ২,০৯১জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১০৯জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় । ৰেপিড টেষ্টতে ৬১জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে । উল্লেখযোগ্য যে গোলাঘাট জিলাত পহিলা এপ্ৰিলৰ পৰা আজিলৈকে ২৬,০৭২ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে । এই সময়ছোৱাত জিলাখনত ২৭০ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । অৱশ্যে বৰ্তমান ইয়াৰে ২০৫ জনহে সক্ৰিয় ক'ভিড ৰোগী । জিলাখনত এই সময়ছোৱাত দুজন লোকৰ ক'ভিডত মৃত্যু হৈছে । গোলাঘাটত ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে  সতৰ্কতামূলক ব্যৱস্থাসমূহ অধিক কঠোৰভাৱে পালনত গুৰুত্ব আৰোপ কৰিছে । আজি তৃতীয় দিনাও জিলাখনত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে কৰ্মবাহিনীসমূহে ব্যাপক অভিযান চলায় । অৱশ্যে ৰাইজৰ মাজত মাস্ক পৰিধানক লৈ সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।  আজি গোলাঘাট পৌৰসভা এলেকাত মাস্ক পৰিধান নকৰা লোকৰ পৰা ৬,৪০০টকাৰ জৰিমনা আদায় কৰা হয় । ইয়াকে লৈ যোৱা তিনিটা দিনত গোলাঘাট নগৰত  মুঠ ৩৯,৯০০টকাৰ জৰিমনা বিহা হৈছে । ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলাখনৰ বিভিন্ন ৰাজহুৱা স্থান, দোকান -বজাৰ আদিত ক'ভিড বিধিসমূহ পালন কৰাত জিলা উপায়ুক্তই গুৰুত্ব আৰোপ কৰিছে । তেওঁ সঠিকভাৱে মাস্ক পৰিধান কৰাৰ লগতে স্বাস্থ্য বিধিসমূহ মানি এই ৰোগ প্ৰতিৰোধত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰিবলৈ পুনৰ এবাৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । ইফালে গোলাঘাট নগৰত আজিও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত স্থায়ী অনুভাষ যন্ত্ৰৰ সহায়ত ক'ভিড বিধিসমূহ মানি চলাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয় । গোলাঘাট জিলাত ক'ভিড-19ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে ।  জিলাখনত যোৱা ১৬ জানুৱাৰীৰ পৰা আজিৰ দিনটোলৈকে ৬০,৮৬৮ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ফ্ৰণ্টলাইন কৰ্মীক এতিয়ালৈকে ১১,২৮২টা প্ৰথম পালি আৰু ৭,০৬৪টা দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে । আনহাতে স্বাস্থ্যসেৱা কৰ্মীক ৫,৩৪৩ টা প্ৰথম পালি আৰু ৩,৮৪৬ টা দ্বিতীয় পালি দিয়া হৈছে । একেদৰে ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকক ৩০,১৫২ টা প্ৰথম পালি আৰু ৩,১৮১ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । জিলাখনত এতিয়ালৈকে ৩১৮ ভায়েল কোভাক্সিন আৰু ৫,৭৮৬ ভায়েল কোভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট


নৰ্থইষ্ট নিউজ ইণ্ডিয়া

অসমৰ অন্যতম জনগোষ্ঠী হৈছে দেউৰী জনগোষ্ঠী।

 22 April, 2021


*দেউৰী বিহু লখিমপুৰ* Date :- 22/4/21


## অসমৰ অন্যতম জনগোষ্ঠী হৈছে দেউৰী জনগোষ্ঠী।



## এই জনগোষ্ঠীয় লোকসকলে প্ৰথম বহাগৰ দিনাই বিহু উৎযাপন নকৰি বহাগৰ প্ৰথম বুধবাৰৰ পৰা হে বহাগ বিহু উৎযাপন কৰে।


## এই বিহুক দেউৰী ভাষাত বিচু বিলি কোৱা হয়।


## লখিমপুৰ জিলা নাৰায়ণপুৰ বৰ দেউৰী গাওঁত  যোৱা বুধবাৰৰ পৰা বিচু উৎযাপন কৰা হয়।


## পূৱা পৰম্পৰাৰ মতে সকলোৱে দেউৰী উপাস্য দেৱতা কুন্দি মামাক উপাসনা কৰি বিহু আৰম্ভনি কৰে।


## ইয়াৰ লগতে বুকা বিহু তো নাচি বাগি আনন্দত মতলীয়া হৈ পৰে সকলো।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰ শ্ৰী শ্ৰী বাসন্তী পূজা

 22 April, 2021


গোলাঘাটৰ শ্ৰী শ্ৰী বাসন্তী পূজা



গোলাঘাটৰ ৰূপ নগৰৰ সাৰ্ববজানীন পূজা সমিতিৰ উদ্যোগত ১৮ৰ পৰা ২২ এপ্ৰিললৈ চতুৰ্থ বৰ্ষৰ বাবে শ্ৰী শ্ৰী বাসন্তী পূজাৰ আয়োজন কৰা হৈছে ৷ বসন্ত কালত শ্ৰী ৰামচন্দ্ৰই লংকালৈ গৈ সীতাক উদ্ধাৰৰ কৰিবলৈ যোৱাৰ আগতে দুৰ্গাদেৱীক পূজা কৰিছিল ৷সেয়েহে এই দুৰ্গা

 পূজাভাগক বাসন্তী পূজা বুলি কোৱা হয় ৷ ১৮ এপ্ৰিলৰ পৰা আৰম্ভকৰা এই দুৰ্গা পূজাৰ বুধবাৰে নৱমী পূজা ৷ নৱমীপূজাৰ দিনা কুমাৰী কণ্যাক পূজা কৰি সন্তুষ্ট কৰিব পাৰিলে মা দুৰ্গাৰ আৰ্শীবাদ পোৱা যায়বুলি ভক্তগণৰ বিশ্বাস ৷ বুধবাৰে এই ৰূপনগৰৰ লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাঙ্গণত কুমাৰী পূজা কৰাৰ লগতে হোম যজ্ঞ অনুষ্ঠিত হয় ৷ বৃহস্পতিবাৰে দশমীৰ দিনা এই ৫ দিনীয়া পূজা অন্ত পৰিব ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

22 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 21/04/2021.


NORTHEAST NEWS INDIA

কোভিড আপডেট অসম

22 April, 2021

Covid Update Assam 

কোভিড আপডেট অসম 
ৰাজ্যৰ বাহিৰৰ পৰা বিমান আৰু ৰেলযোগে অহা সকলো যাত্ৰীয়ে বাধ্যতামূলকভাৱে ৭ দিনৰ গৃহ সংৰক্ষণৰ মাজেৰে যাব লাগিব।


NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।