Thursday, 22 April 2021

অসমৰ অন্যতম জনগোষ্ঠী হৈছে দেউৰী জনগোষ্ঠী।

 22 April, 2021


*দেউৰী বিহু লখিমপুৰ* Date :- 22/4/21


## অসমৰ অন্যতম জনগোষ্ঠী হৈছে দেউৰী জনগোষ্ঠী।



## এই জনগোষ্ঠীয় লোকসকলে প্ৰথম বহাগৰ দিনাই বিহু উৎযাপন নকৰি বহাগৰ প্ৰথম বুধবাৰৰ পৰা হে বহাগ বিহু উৎযাপন কৰে।


## এই বিহুক দেউৰী ভাষাত বিচু বিলি কোৱা হয়।


## লখিমপুৰ জিলা নাৰায়ণপুৰ বৰ দেউৰী গাওঁত  যোৱা বুধবাৰৰ পৰা বিচু উৎযাপন কৰা হয়।


## পূৱা পৰম্পৰাৰ মতে সকলোৱে দেউৰী উপাস্য দেৱতা কুন্দি মামাক উপাসনা কৰি বিহু আৰম্ভনি কৰে।


## ইয়াৰ লগতে বুকা বিহু তো নাচি বাগি আনন্দত মতলীয়া হৈ পৰে সকলো।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰ শ্ৰী শ্ৰী বাসন্তী পূজা

 22 April, 2021


গোলাঘাটৰ শ্ৰী শ্ৰী বাসন্তী পূজা



গোলাঘাটৰ ৰূপ নগৰৰ সাৰ্ববজানীন পূজা সমিতিৰ উদ্যোগত ১৮ৰ পৰা ২২ এপ্ৰিললৈ চতুৰ্থ বৰ্ষৰ বাবে শ্ৰী শ্ৰী বাসন্তী পূজাৰ আয়োজন কৰা হৈছে ৷ বসন্ত কালত শ্ৰী ৰামচন্দ্ৰই লংকালৈ গৈ সীতাক উদ্ধাৰৰ কৰিবলৈ যোৱাৰ আগতে দুৰ্গাদেৱীক পূজা কৰিছিল ৷সেয়েহে এই দুৰ্গা

 পূজাভাগক বাসন্তী পূজা বুলি কোৱা হয় ৷ ১৮ এপ্ৰিলৰ পৰা আৰম্ভকৰা এই দুৰ্গা পূজাৰ বুধবাৰে নৱমী পূজা ৷ নৱমীপূজাৰ দিনা কুমাৰী কণ্যাক পূজা কৰি সন্তুষ্ট কৰিব পাৰিলে মা দুৰ্গাৰ আৰ্শীবাদ পোৱা যায়বুলি ভক্তগণৰ বিশ্বাস ৷ বুধবাৰে এই ৰূপনগৰৰ লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাঙ্গণত কুমাৰী পূজা কৰাৰ লগতে হোম যজ্ঞ অনুষ্ঠিত হয় ৷ বৃহস্পতিবাৰে দশমীৰ দিনা এই ৫ দিনীয়া পূজা অন্ত পৰিব ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

22 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 21/04/2021.


NORTHEAST NEWS INDIA

কোভিড আপডেট অসম

22 April, 2021

Covid Update Assam 

কোভিড আপডেট অসম 
ৰাজ্যৰ বাহিৰৰ পৰা বিমান আৰু ৰেলযোগে অহা সকলো যাত্ৰীয়ে বাধ্যতামূলকভাৱে ৭ দিনৰ গৃহ সংৰক্ষণৰ মাজেৰে যাব লাগিব।


NORTHEAST NEWS INDIA

Wednesday, 21 April 2021

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গোলাঘাট জিলাত নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

21 April, 2021


প্ৰেছ বিজ্ঞপ্তি নং- ৫৭/২০২১

ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গোলাঘাট জিলাত নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ

গোলাঘাট, ২১ এপ্ৰিল : ক’ভিড -19ৰ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ইতিমধ্যে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে । গোলাঘাট জিলাতো ক’ভিডত আক্ৰান্তৰ সংখ্যাই ১০০ অতিক্ৰম কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ, বিভাষ চন্দ্ৰ মোদীয়ে তৎকালীনভাৱে বলৱৎ হোৱাকৈ চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰিছে । ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে জাৰি কৰা এই নিৰ্দেশ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত প্ৰাক্ প্ৰাথমিক শিক্ষানুষ্ঠানকে ধৰি পঞ্চম শ্ৰেণীপৰ্যন্ত  সকলো ধৰণৰ নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধ থাকিব । ধাৰাবাহিক শিকণ প্ৰক্ৰিয়া যাতে অব্যাহত থাকে তাৰবাবে বিদ্যালয় কৰ্তৃপক্ষই এইসকল ছাত্ৰ-ছাত্ৰীৰ অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব । এই নিৰ্দেশ উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ ৫১(বি) ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

21 April, 2021 ORDER NORTHEAST NEWS INDIA

21 April, 2021

ORDER

NORTHEAST NEWS INDIA

21 April, 2021 NOTIFICATION NORTHEAST NEWS INDIA

21 April, 2021

NOTIFICATION

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...