21 April, 2021
প্ৰেছ বিজ্ঞপ্তি নং- ৫৭/২০২১
ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে গোলাঘাট জিলাত নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ উপায়ুক্তৰ
গোলাঘাট, ২১ এপ্ৰিল : ক’ভিড -19ৰ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ইতিমধ্যে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে । গোলাঘাট জিলাতো ক’ভিডত আক্ৰান্তৰ সংখ্যাই ১০০ অতিক্ৰম কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ, বিভাষ চন্দ্ৰ মোদীয়ে তৎকালীনভাৱে বলৱৎ হোৱাকৈ চৰকাৰী আৰু বেচৰকাৰী সকলো ধৰণৰ নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰিছে । ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে জাৰি কৰা এই নিৰ্দেশ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত প্ৰাক্ প্ৰাথমিক শিক্ষানুষ্ঠানকে ধৰি পঞ্চম শ্ৰেণীপৰ্যন্ত সকলো ধৰণৰ নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধ থাকিব । ধাৰাবাহিক শিকণ প্ৰক্ৰিয়া যাতে অব্যাহত থাকে তাৰবাবে বিদ্যালয় কৰ্তৃপক্ষই এইসকল ছাত্ৰ-ছাত্ৰীৰ অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব । এই নিৰ্দেশ উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ ৫১(বি) ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
No comments:
Post a Comment
Welcome Northeast News India