23 March, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৩৬/২০২১
ভোটগ্ৰহন প্ৰক্ৰিয়াত নিয়োজিত অসামৰিক আৰু আৰক্ষী বিষয়াসকলৰ যুটীয়া বৈঠক সম্পন্ন
নাগালেণ্ডৰ সৈতে থকা সীমান্ত অঞ্চলৰ লগতে জটিল ভোটগ্ৰহন কেন্দ্ৰসমূহত নিয়োগ কৰা হ'ব অৰ্ধ সামৰিক বাহিনী
গোলাঘাট, ২৩ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত ভোটগ্ৰহন প্ৰক্ৰিয়াত নিয়োজিত অসামৰিক আৰু আৰক্ষী বিষয়াসকলৰ আজি এখন যুটীয়া বৈঠক অনুষ্ঠিত হয় । গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ভোটগ্ৰহনত নিয়োজিত আৰক্ষী আৰু অসামৰিক বিষয়াসকলক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় । আৰক্ষী আৰু অসামৰিক খণ্ডৰ চেক্টৰ আৰু জ'নেল বিষয়াসকলৰ মাজত সু-সমন্বয় ৰক্ষা কৰিব পাৰিলেহে সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে নাগালেণ্ডৰ সৈতে থকা সীমান্ত অঞ্চলৰ লগতে জটিল ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা হ'ব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে । শ্ৰী সিঙে লগতে যিকোনো আইন শৃংখলাজনিত পৰিস্থিতিত আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৭৭৪-২৮৫০৩৩ আৰু ৬০২৬৯-০০৫৩৩ ত যোগাযোগ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে বিষয়াসকলক নিজৰ ভোটগ্ৰহন কেন্দ্ৰ আৰু তাত নিয়োজিত অন্য বিষয়া-কৰ্মচাৰীসকলৰ বিষয়ে জানিবলৈ আৰু বিতং তথ্যৰ বাবে "প'ল সম্পৰ্ক" নামৰ মোবাইল এপ ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনায় । ভোটগ্ৰহন কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যাতে কোনো ধৰণৰ অপ্ৰয়োজনীয় ভিৰ নহয়, সেইয়া সুনিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় । সমগ্ৰ প্ৰক্ৰিয়াটোত কোৱিড-19ৰ নীতি-নিৰ্দেশনাসমূহ যাতে পালন কৰা হয়, তাৰ বাবেও সজাগ হ'বলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে । আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা আৰু বিভিন্ন বাহিনীৰ কামাণ্ডোসকলৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেমান বিষয়া উপস্থিত আছিল ।
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া