24 March, 2021
নাগৰিকত্ব সংশোধনী আইন বাটিলৰ দাবীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই বুধবাৰে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী পালন
কৰে । গোলাঘাট জিলাৰ ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰক কা বাতিল নকৰিলে সংগঠন টোৱে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাৱে আন্দোলন চলাই যাব বুলিও সকীয়াই দিয়ে । অসমৰ ৰাইজে কা মানি নলয় আৰু যদি বিজেপি দলে অসমৰ নিৰ্বাচনী প্ৰচাৰত কা বাতিল নকৰো বুলি প্ৰচাৰ চলাই দেখুৱাই দিয়ক বুলিও তেওঁ লগতে প্ৰত্যহ্বান জনাই । অসমত কা বলবত হলে অসমীয়াই নিজৰ ভাষা , কলা সংস্কৃতি হেৰুৱাই পেলাব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক অভিবতন গোস্বামীয়ে দাবী কৰে ।
প্ৰকাশ শৰ্মা গোলাঘাট ৷
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India