Wednesday, 24 March 2021

24 March, 2021 বিশ্ব যক্ষ্মা দিৱস পালন

 24 March, 2021

বিশ্ব যক্ষ্মা দিৱস পালন


-----------==---------------------

সমগ্ৰদেশ জুৰি যক্ষ্মা দিবস পালন কৰাৰ লগতে আজি গোলাঘাট জিলা স্বাস্থ্যবিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয় ৷জি এন এম ট্ৰেইনিং চেণ্টাৰত এই উদ্দেশ্যে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণচন্দ্ৰ মহন্তই ৷  মুখ্য অতিথিৰূপে দেৰগাৱৰ বিশিষ্ট সাহিত্যিক সুৰেন মোহন হাজৰিকা আৰু বোলচবি প্ৰযোজক দিনেশ গগৈয়ে অংশগ্ৰহণ কৰে ৷ বিশিষ্ট অতিথি ৰূপে জিলা সত্ৰ ও ন্যায়াধীশ নাৰায়ণ কুৰি ; প্ৰৱক্তা °লুকুমণি গোস্বামী ; তৰালী গগৈ ; লেখিকা অপৰাজিতা বৰুৱা ; নিলিমা ফুকন ; ডা°চুৰেন্দ্ৰ নাথ তামুলী উপস্থিত আছিল ৷ আমণ্তিত অতিথি সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ সপোন "২০২৫ চনৰ ভিতৰত কিদৰে যক্ষ্মাৰোগ নিৰ্মুল কৰিব পাৰি” সিই বিষয়টোৰ ওপৰত ভাষণ দিয়ে ৷ সভাৰ মাজতেই বিশ্বৰ যক্ষ্মাৰোগৰ ভয়াবহতা“ বিষয়ক ৰচনাকৰা এখন বাটৰনাট প্ৰদৰ্শন কৰা হয় ৷ জিলা যক্ষ্মাৰোগ বিষয়া ডা°সুনিতা এক্কাই আতঁধৰা এই সমৰ্গ্ৰ অনুষ্ঠানৰ মাজতেই য্ক্ষ্মাৰ পৰা আৰোগ্য লাভকৰা দহ গৰাকী লোকক সম্বদ্ধনা জনোৱা হয় ৷ সভাৰ শেষত ডা° সুণিতা এক্কাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ ::::


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

নাগৰিকত্ব সংশোধনী আইন বাটিলৰ দাবীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই বুধবাৰে ১১ ঘন্টীয়া অনশন কাৰ্যসূচী পালন

 24 March, 2021


নাগৰিকত্ব সংশোধনী আইন বাটিলৰ দাবীত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই বুধবাৰে   ১১ ঘন্টীয়া অনশন কাৰ্যসূচী পালন


কৰে । গোলাঘাট জিলাৰ ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰক কা বাতিল নকৰিলে  সংগঠন টোৱে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাৱে আন্দোলন চলাই যাব বুলিও সকীয়াই দিয়ে । অসমৰ ৰাইজে কা মানি নলয় আৰু যদি বিজেপি দলে অসমৰ নিৰ্বাচনী প্ৰচাৰত কা বাতিল নকৰো বুলি প্ৰচাৰ চলাই দেখুৱাই দিয়ক  বুলিও তেওঁ লগতে প্ৰত্যহ্বান জনাই । অসমত কা বলবত  হলে অসমীয়াই নিজৰ  ভাষা , কলা সংস্কৃতি হেৰুৱাই পেলাব বুলি  সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক  অভিবতন গোস্বামীয়ে দাবী কৰে । 


প্ৰকাশ শৰ্মা গোলাঘাট ৷

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

লখিমপুৰ খেল* Date :- 24/3/21

 24 March, 2021


*লখিমপুৰ খেল* Date :- 24/3/21



## লখিমপুৰত নিৰ্বাচনী বতাহৰ মাজতে ফুকনহাট চৰাইমৰীয়াত বাৰ্ষিক অধিবেশনৰ।


## চৰাইমৰীয়া যুৱ সমাজৰ সৌজন্যত ৩৫ তম্ বাৰ্ষিক অধিবেশন খনি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় চৰাইমৰীয়া খেল পথাৰত।


## বিভিন্ন ধৰণৰ খেল ধেমালি উপৰিও মঙ্গলবাৰে পুৱা ৫ বজাত মাৰাথান দৌ আৰু নিশালৈ নিমন্ত্ৰিত শিল্পী দ্বৰা সাংস্কৃতিক সন্ধ্যা আয়োজন কৰা হয়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Tuesday, 23 March 2021

মাটি নখন্দাকৈ ঘৰৰ কাষতে অতি সহজতে মীন পালন কৰিব পাৰি

 23 March, 2021


মাটি নখন্দাকৈ ঘৰৰ কাষতে অতি সহজতে মীন পালন কৰিব পাৰি


৷ বায়ফ্লক্চ পদ্ধতিৰে কৰা এই মীনপালন এগৰাকী গৃহিনী বা বৃদ্ধাইও কৰি লাভান্বিত হব পাৰে ৷ এনে সহজ পদ্ধতিৰে মীন উৎপাদনকৰি  স্পষ্ট নিৰ্দৰ্শন দেখুৱাইছে গোলাঘাটৰ ঢ়েকীয়ালৰ নৱজ্যোতি শইকীয়া আৰু তেওৰ পত্নী লিপিকা দত্তই ৷ তেওলোকে চাৰে বাৰ ফুট এটা প্লাষ্টিকৰ টেংকীত প্ৰথমবাৰৰ বাবে ৬ হেজাৰ কাৱৈমাছৰ পোৱালী প্ৰতিপালন কৰি তিনি মাহত মাত্ৰ ৫৫ কিলো দানা খুৱাই মাছ বিক্ৰীৰে যথেষ্টখিনি সফলতাৰ মুখ দেখিলে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

ভোটগ্ৰহন প্ৰক্ৰিয়াত নিয়োজিত অসামৰিক আৰু আৰক্ষী বিষয়াসকলৰ যুটীয়া বৈঠক সম্পন্ননাগালেণ্ডৰ সৈতে থকা সীমান্ত অঞ্চলৰ লগতে জটিল ভোটগ্ৰহন কেন্দ্ৰসমূহত নিয়োগ কৰা হ'ব অৰ্ধ সামৰিক বাহিনী

23 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৩৬/২০২১

ভোটগ্ৰহন প্ৰক্ৰিয়াত নিয়োজিত অসামৰিক আৰু আৰক্ষী বিষয়াসকলৰ যুটীয়া বৈঠক সম্পন্ন

নাগালেণ্ডৰ সৈতে থকা সীমান্ত অঞ্চলৰ লগতে জটিল ভোটগ্ৰহন কেন্দ্ৰসমূহত নিয়োগ কৰা হ'ব অৰ্ধ সামৰিক বাহিনী

গোলাঘাট, ২৩ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত ভোটগ্ৰহন প্ৰক্ৰিয়াত নিয়োজিত অসামৰিক আৰু আৰক্ষী বিষয়াসকলৰ আজি এখন যুটীয়া বৈঠক অনুষ্ঠিত হয় । গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ভোটগ্ৰহনত নিয়োজিত আৰক্ষী আৰু অসামৰিক বিষয়াসকলক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় । আৰক্ষী আৰু অসামৰিক খণ্ডৰ চেক্টৰ আৰু জ'নেল বিষয়াসকলৰ মাজত সু-সমন্বয় ৰক্ষা কৰিব পাৰিলেহে সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে নাগালেণ্ডৰ সৈতে থকা সীমান্ত অঞ্চলৰ লগতে জটিল ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা হ'ব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে । শ্ৰী সিঙে লগতে যিকোনো আইন শৃংখলাজনিত পৰিস্থিতিত আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৭৭৪-২৮৫০৩৩ আৰু ৬০২৬৯-০০৫৩৩ ত যোগাযোগ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে বিষয়াসকলক নিজৰ ভোটগ্ৰহন কেন্দ্ৰ আৰু তাত নিয়োজিত অন্য বিষয়া-কৰ্মচাৰীসকলৰ বিষয়ে জানিবলৈ আৰু বিতং তথ্যৰ বাবে "প'ল সম্পৰ্ক" নামৰ মোবাইল এপ ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনায় । ভোটগ্ৰহন কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যাতে কোনো ধৰণৰ অপ্ৰয়োজনীয় ভিৰ নহয়, সেইয়া সুনিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় । সমগ্ৰ প্ৰক্ৰিয়াটোত কোৱিড-19ৰ নীতি-নিৰ্দেশনাসমূহ যাতে পালন কৰা হয়, তাৰ বাবেও সজাগ হ'বলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে । আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা আৰু বিভিন্ন বাহিনীৰ কামাণ্ডোসকলৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেমান বিষয়া উপস্থিত আছিল ।
 
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট জিলাত ২৫ মাৰ্চৰ পৰা ড্ৰাই দে ঘোষণা

23 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৩৫/২০২১

গোলাঘাট জিলাত ২৫ মাৰ্চৰ পৰা ড্ৰাই দে ঘোষণা

গোলাঘাট, ২৩ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ পৰিপ্ৰেক্ষিতত অহা ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ আৰু অহা ২ মে' ভোটগণনাৰ দিনটোত ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে । এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব । গোলাঘাটৰ সৈতে থকা নাগালেণ্ড সীমান্তৱৰ্তী জিলাখনৰ অধীনৰ স্থানসমূহতো এই নিয়ম কাৰ্যকৰী হ'ব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
 
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটত কাইলৈ পুৱা ৭ বজাৰ পৰা নিষিদ্ধ মটৰ চাইকেল ৰেলী

23 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৩৪/২০২১

গোলাঘাটত কাইলৈ পুৱা ৭ বজাৰ পৰা নিষিদ্ধ মটৰ চাইকেল ৰেলী

গোলাঘাট, ২৩ মাৰ্চ : ভাৰতীয় নিৰ্বাচন আয়োগে অসমকে ধৰি নিৰ্বাচন সম্পন্ন হ'বলগীয়া ৰাজ্যকেইখনত ভোটগ্ৰহনৰ ৭২ ঘণ্টাৰ পূৰ্বৰে পৰা সকলো ধৰণৰ মটৰ চাইকেল ৰেলী নিষিদ্ধ কৰিছে । ভোটগ্ৰহনৰ পূৰ্বে অথবা ভোটগ্ৰহনৰ দিনা ভোটাৰক আতংকিত কৰাৰ বাবে কেতবোৰ ঠাইত কিছুমান সমাজবিৰোধী চক্ৰই মটৰ চাইকেল ব্যৱহাৰ কৰাৰ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চত ভোটগ্ৰহন হ'বলগীয়া গোলাঘাট জিলাতো কাইলৈ পুৱা ৭ বজাৰ পৰা সকলো ধৰণৰ মটৰ চাইকেল ৰেলী নিষিদ্ধ ঘোষণা কৰা হৈছে । ভোটগ্ৰহনলৈ ৭২ ঘণ্টা থকাৰ পূৰ্বৰে পৰা অথবা ভোটগ্ৰহনৰ দিনা কোনো প্ৰাৰ্থী, সমৰ্থক তথা ৰাজনৈতিক দলে মটৰ চাইকেল ৰেলী উলিয়াব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে ।
 
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...