Friday, 19 March 2021

19 March, 2021

NORTHEAST NEWS INDIA

নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু গোলাঘাট জিলা প্ৰশাসন ৷

 19 March, 2021


নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু গোলাঘাট জিলা প্ৰশাসন ৷


উপায়ুক্ত বিভাসচন্দ্ৰ মোডীয়ে  সাংবাদিক প্ৰকাশ শৰ্মাৰ কেমেৰাৰ আগত জনালে সবিস্তাৰে ৷ ::::


প্ৰকাশ শৰ্মা গোলাঘাট  

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখতে আজি এক ধৰ্না কায্যসূচে ৰূপায়ন কৰে বহুসংখ্যক মহিলাই ৷

 19 March, 2021


গোলাঘাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখতে আজি এক ধৰ্না কায্যসূচে ৰূপায়ন কৰে বহুসংখ্যক মহিলাই ৷



 মাইক্ৰ’ফাইনেঞ্চ ঋণ মাফ কৰিব বুলি বিজেপি দলৰ চৰকাৰৰ প্ৰভাৱশালী মণ্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰি লগতে ঋণ লোৱা মহিলা সকলক আশ্বাস দিছিল যে কোনো মাইক্ৰফাইনেঞ্চৰ লোকে ঋণৰ ধন পৰিশোধৰ বাবে কাৰো ঘৰলৈ গৈ ঋণ পৰিশোধৰবাবে হেচা দিব নোৱাৰিব ৷ কিন্ত কায্যত সেই ঘোষণাক অৱজ্ঞা কৰিলে মাইক্ৰফাইনেঞ্চয়ে ৷ চৰকাৰি মণ্ত্ৰীৰ ঘোষণা কায্যকৰী নোহেৱাত আজি গোলাঘাট জিলা উপায়ুক্তৰ কায্যালয়ত ঋণ মাফৰ আবেদন কৰিবলৈ অহা মহিলা সকলৰ আবেদন গ্ৰহণ নকৰিলে ৷ নিৰ্বাচনী অধিসূচনাৰ বাবে উপায়ুকই এই আবেদনৰ বিষয়টো স্থগিত ৰাখিছিল ৷ কিন্ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা  মহিলা সকলে এই কথা মানি নলৈ উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত ধৰ্ণাৰে উত্তাল কৰিলে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট কোষাগাৰত স্থাপন কৰা ষ্ট্ৰঙ ৰুমত ৰখা হৈছে পষ্টেল বেলটখুমটাইত ৪৪৯জনে দিলে পষ্টেল বেলটযোগে ভোট, ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ

19 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৩২/২০২১

গোলাঘাট কোষাগাৰত স্থাপন কৰা ষ্ট্ৰঙ ৰুমত ৰখা হৈছে পষ্টেল বেলট

খুমটাইত ৪৪৯জনে দিলে পষ্টেল বেলটযোগে ভোট, ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ

গোলাঘাট, ১৯ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাত কালিৰেপৰা বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে । গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট সমষ্টিত আজি ভোটগ্ৰহনকাৰী দলে ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰে ।  প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক নিয়োগ কৰা হয় । আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ সম্পন্ন হয় । গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছিল । ইফালে খুমটাই সমষ্টিত কালি ৪৪৯জনে দিলে পষ্টেল বেলটযোগে ভোট । ইয়াৰে ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ ।সমষ্টিটোত ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম পষ্টেল বেলটৰ বাবে বৈধ পোৱা গৈছিল ।  । উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাত পষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব । দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Thursday, 18 March 2021

কাৰ দোষত বাইক-গাড়ী চুৰি হয় ৷ চাওক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাই প্ৰেৰণ কৰা এস্ক্লুচিভ দৃশ্য ৷

 18 March, 2021


কাৰ দোষত বাইক-গাড়ী  চুৰি

 হয় ৷ চাওক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাই প্ৰেৰণ কৰা এস্ক্লুচিভ দৃশ্য ৷ 



দুচকীয়া অথবা চাৰিচকীয়া বাহন চুৰিহলে সাধাৰণতে আৰক্ষী দুৰ্বলতাৰ কথা কোৱা হয় কিন্ত এনে বাহনৰ মালিকৰ অসাবধানতাও এনে অবাঞ্চিত ঘটনাৰ এক কাৰক ৷ আজি গোলাঘাটৰ মাজমজিয়াৰ বাটা চাৰ্কোলৰ ওচৰত এজন যুৱকে বাইকখনত চাবি লগাই এৰিথৈ যায় ৷ এইদৃশ্য দেখাপাই  দায়িত্বত থকা ট্ৰেফিক আৰক্ষীৰ লোকে প্ৰায় দুইঘণ্টা ধৰি বাইকখন ৰখি থাকিবলগা হয় অৱশ্যে বহু সময়ৰ মুৰত বাইকৰ মালিকে বাইকখন লৈ যায় ৷


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা এখন দ্ৰোণ উদ্ধাৰ কৰে ৷

 18 March, 2021


গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা এখন দ্ৰোণ উদ্ধাৰ কৰে ৷



 গোলাঘাটৰ মইনাপাৰাৰ এজনলোকে তেওৰ ঘৰৰ বাহনিৰ ওপৰত লাগিথকা দ্ৰোণখন বাহগছৰ ওপৰৰ পৰা নমায় আনে ৷ আৰক্ষীয়ে এই বিষয়ে জানিবপাৰি দ্ৰোণ খন লৈ আহে ৷ আৰু উপযুক্ত প্ৰমাণ দি দ্ৰোণখন মালিকে থানাৰপৰা লৈ যাবলৈ আহ্বান জনায় ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভখুমটাইত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ল পষ্টেল বেলট

18 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৩১/২০২১

গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ

খুমটাইত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ল পষ্টেল বেলট 

গোলাঘাট, ১৮ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাত আজিৰেপৰা বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে । গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৬-খুমটাই সমষ্টিত আজি ভোটগ্ৰহনকাৰী দলে ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰে ।  সমষ্টিটোত ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম পষ্টেল বেলটৰ বাবে বৈধ পোৱা গৈছিল । আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ সম্পন্ন হয় । প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক নিয়োগ কৰা হয় । উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাত পষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব । কাইলৈ গোলাঘাট সমষ্টিত ভোটগ্ৰহন কৰা হ'ব ।কাইলৈ ভোটগ্ৰহন সম্পূৰ্ণ নহ'লে ২০ মাৰ্চতো পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব । 
         ইফালে গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাসকলৰ বাবেও আজিৰে পৰা পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে । নিৰ্বাচন আয়োগে ইতিমধ্যে ১১টা সেৱাক অত্যাৱশ্যকীয় সেৱা হিচাপে নিৰ্ধাৰণ কৰিছে । গোলাঘাট নিৰ্বাচন জিলাৰ পষ্টেল বেলটযোগে ভোটদানৰ বাবে আবেদন কৰা ভোটদাতাসকলে কাইলৈ আৰু ২০ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা পষ্টেল বেলট কেন্দ্ৰত আহি ভোট দিব পাৰিব ।

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...