18 March, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৩১/২০২১
গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ
খুমটাইত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ল পষ্টেল বেলট
গোলাঘাট, ১৮ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাত আজিৰেপৰা বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে । গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৬-খুমটাই সমষ্টিত আজি ভোটগ্ৰহনকাৰী দলে ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰে । সমষ্টিটোত ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম পষ্টেল বেলটৰ বাবে বৈধ পোৱা গৈছিল । আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ সম্পন্ন হয় । প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক নিয়োগ কৰা হয় । উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাত পষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব । কাইলৈ গোলাঘাট সমষ্টিত ভোটগ্ৰহন কৰা হ'ব ।কাইলৈ ভোটগ্ৰহন সম্পূৰ্ণ নহ'লে ২০ মাৰ্চতো পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব ।
ইফালে গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাসকলৰ বাবেও আজিৰে পৰা পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে । নিৰ্বাচন আয়োগে ইতিমধ্যে ১১টা সেৱাক অত্যাৱশ্যকীয় সেৱা হিচাপে নিৰ্ধাৰণ কৰিছে । গোলাঘাট নিৰ্বাচন জিলাৰ পষ্টেল বেলটযোগে ভোটদানৰ বাবে আবেদন কৰা ভোটদাতাসকলে কাইলৈ আৰু ২০ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা পষ্টেল বেলট কেন্দ্ৰত আহি ভোট দিব পাৰিব ।
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India