Friday, 19 March 2021

গোলাঘাট কোষাগাৰত স্থাপন কৰা ষ্ট্ৰঙ ৰুমত ৰখা হৈছে পষ্টেল বেলটখুমটাইত ৪৪৯জনে দিলে পষ্টেল বেলটযোগে ভোট, ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ

19 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৩২/২০২১

গোলাঘাট কোষাগাৰত স্থাপন কৰা ষ্ট্ৰঙ ৰুমত ৰখা হৈছে পষ্টেল বেলট

খুমটাইত ৪৪৯জনে দিলে পষ্টেল বেলটযোগে ভোট, ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ

গোলাঘাট, ১৯ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাত কালিৰেপৰা বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে । গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট সমষ্টিত আজি ভোটগ্ৰহনকাৰী দলে ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰে ।  প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক নিয়োগ কৰা হয় । আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ সম্পন্ন হয় । গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছিল । ইফালে খুমটাই সমষ্টিত কালি ৪৪৯জনে দিলে পষ্টেল বেলটযোগে ভোট । ইয়াৰে ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ ।সমষ্টিটোত ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম পষ্টেল বেলটৰ বাবে বৈধ পোৱা গৈছিল ।  । উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাত পষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব । দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...