Thursday, 18 March 2021

গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা এখন দ্ৰোণ উদ্ধাৰ কৰে ৷

 18 March, 2021


গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা এখন দ্ৰোণ উদ্ধাৰ কৰে ৷



 গোলাঘাটৰ মইনাপাৰাৰ এজনলোকে তেওৰ ঘৰৰ বাহনিৰ ওপৰত লাগিথকা দ্ৰোণখন বাহগছৰ ওপৰৰ পৰা নমায় আনে ৷ আৰক্ষীয়ে এই বিষয়ে জানিবপাৰি দ্ৰোণ খন লৈ আহে ৷ আৰু উপযুক্ত প্ৰমাণ দি দ্ৰোণখন মালিকে থানাৰপৰা লৈ যাবলৈ আহ্বান জনায় ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভখুমটাইত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ল পষ্টেল বেলট

18 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৩১/২০২১

গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ

খুমটাইত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ল পষ্টেল বেলট 

গোলাঘাট, ১৮ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাত আজিৰেপৰা বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে । গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৬-খুমটাই সমষ্টিত আজি ভোটগ্ৰহনকাৰী দলে ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰে ।  সমষ্টিটোত ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম পষ্টেল বেলটৰ বাবে বৈধ পোৱা গৈছিল । আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ সম্পন্ন হয় । প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক নিয়োগ কৰা হয় । উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাত পষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব । কাইলৈ গোলাঘাট সমষ্টিত ভোটগ্ৰহন কৰা হ'ব ।কাইলৈ ভোটগ্ৰহন সম্পূৰ্ণ নহ'লে ২০ মাৰ্চতো পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব । 
         ইফালে গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাসকলৰ বাবেও আজিৰে পৰা পষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে । নিৰ্বাচন আয়োগে ইতিমধ্যে ১১টা সেৱাক অত্যাৱশ্যকীয় সেৱা হিচাপে নিৰ্ধাৰণ কৰিছে । গোলাঘাট নিৰ্বাচন জিলাৰ পষ্টেল বেলটযোগে ভোটদানৰ বাবে আবেদন কৰা ভোটদাতাসকলে কাইলৈ আৰু ২০ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা পষ্টেল বেলট কেন্দ্ৰত আহি ভোট দিব পাৰিব ।

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Wednesday, 17 March 2021

সংবাদ মাধ্যমকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে কাইলৈ পষ্টেল বেলটযোগে ভোটগ্ৰহন

17 March, 2021

প্ৰেছ বিজ্ঞপ্তি ২৯/২০২১

সংবাদ মাধ্যমকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে কাইলৈ পষ্টেল বেলটযোগে ভোটগ্ৰহন

গোলাঘাট, ১৭ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাসকলে কাইলৈৰে পৰা পষ্টেল বেলটযোগে ভোট দিব পাৰিব । নিৰ্বাচন আয়োগে ইতিমধ্যে ১১টা সেৱাক অত্যাৱশ্যকীয় সেৱা হিচাপে নিৰ্ধাৰণ কৰিছে । গোলাঘাট নিৰ্বাচন জিলাৰ পষ্টেল বেলটযোগে ভোটদানৰ বাবে আবেদন কৰা ভোটদাতাসকলে কাইলৈৰ পৰা ২০ মাৰ্চলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা পষ্টেল বেলট কেন্দ্ৰত আহি ভোট দিব পাৰিব বুলি অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈয়ে জানিবলৈ দিছে । 

গোলাঘাট নিৰ্বাচন জিলা প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচন জিলাত কাইলৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটযোগে ভোটঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট

17 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২৮/২০২১

গোলাঘাট নিৰ্বাচন জিলাত কাইলৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ পষ্টেল বেলটযোগে ভোট

ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট 

গোলাঘাট, ১৭ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত পষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব । এই ভোটদাতাসকলৰ বাবে কাইলৈ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন কৰা হ'ব । কাইলৈ খুমটাই সমষ্টিৰ বাবে আৰু ১৯ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক থাকিব । কাইলৈ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন সম্পূৰ্ণ নহ'লে ২০ মাৰ্চতো পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । উল্লেখযোগ্য যে দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । খুমটাই সমষ্টিত আবেদন কৰা ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । একেদৰে গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে গোলাঘাটত নিয়ন্ত্ৰণ কক্ষ স্থাপন

17 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং-২৭/২০২১

ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে গোলাঘাটত নিয়ন্ত্ৰণ কক্ষ স্থাপন

ৰাইজে সুধিব পাৰিব নিৰ্বাচন সম্পৰ্কীয়  যিকোনো প্ৰশ্ন

গোলাঘাট, ১৭ মাৰ্চ: গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজৰ সুবিধাৰ বাবে প্ৰশাসনে স্থাপন কৰিছে নিয়ন্ত্ৰণ কেন্দ্ৰ ৷ জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে সদৰি কৰা মতে ভোটাৰ ৰাইজে বিধানসভা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগ টোল ফ্ৰি ১৯৫০ আৰু নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭৪-২৮৩২৮২ নম্বৰলৈ ফোন কৰি জনাব পাৰিব ৷ এই নিয়ন্ত্ৰণ কক্ষলৈ ভোটাৰে নিৰ্বাচন সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ উত্তৰ পাবৰ বাবে আৰু সন্দেহ নিৰাময়ৰ বাবেও ফোন কৰিব পাৰিব ৷ ৰাইজৰ প্ৰশ্ন বা অভিযোগবোৰ প্ৰয়োজনত কল চেন্টাৰৰ পৰা সংশ্লিষ্ট নিৰ্বাচন কোষ বা বিভাগলৈ প্ৰেৰণ কৰিও সমাধানৰ ব্যৱস্থা কৰা হ'ব ৷ ৰাইজক এই সুবিধা গ্ৰহণ কৰি সকলোৰে অংশগ্ৰহণেৰে এক স্বচ্ছ আৰু নিকা নিৰ্বাচন অনু্ষ্ঠিত কৰাত সহযোগ কৰিবলৈ নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁইয়ে আহ্বান জনাইছে ।

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচন জিলাত এতিয়ালৈকে ১১,৮৫,৭০৫ টকা জব্দ, ২১লাখ টকাতকৈয়ো অধিক মূল্যৰ সুৰা জব্দআদৰ্শ আচৰণ বিধি কোষৰ সক্ৰিয় ভূমিকাৰ বাবেই ২০১৬ চনৰ তুলনাত জব্দ কৰা সুৰা আৰু ধনৰ পৰিমাণ ৫.৫ গুণ অধিক

17 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২৫/২০২১

গোলাঘাট নিৰ্বাচন জিলাত এতিয়ালৈকে ১১,৮৫,৭০৫ টকা জব্দ, ২১লাখ টকাতকৈয়ো অধিক মূল্যৰ সুৰা জব্দ

আদৰ্শ আচৰণ বিধি কোষৰ সক্ৰিয় ভূমিকাৰ বাবেই ২০১৬ চনৰ তুলনাত জব্দ কৰা সুৰা আৰু ধনৰ পৰিমাণ ৫.৫ গুণ অধিক
গোলাঘাট, ১৭ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে । দুয়োটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভিলেন্স দলে বিশেষ সাফল্য অর্জন কৰিছে । নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হোৱা দিন ধৰি এতিয়ালৈকে দুয়োটা সমষ্টিত ২১, ৬৮, ২৫৫ টকা মূল্যৰ সুৰা আৰু ১১,৮৫,৭০৫ টকা নগদ ধন জব্দ কৰা হৈছে । গোলাঘাট বিধানসভা সমষ্টিৰ অধীনৰ বিভিন্ন স্থানৰ পৰা ৮,৫৯,০০০টকা নগদ ধন জব্দ কৰা হৈছে আৰু খুমটাই সমষ্টিৰ অধীনৰ বিভিন্ন ঠাইৰ পৰা  নগদ ৩,২৬,৭০৫ টকা জব্দ কৰা হৈছে ।২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত এই পৰিমাণ ৫.৫গুণ অধিক বুলি আদৰ্শ আচৰণ বিধি কোষৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকাই জানিবলৈ দিছে । দুয়োটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভিলেন্স দলৰ অধিক সক্ৰিয়তা আৰু সজাগ ভূমিকাৰ বাবেই এইয়া সম্ভৱ হৈছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে । উল্লেখযোগ্য যে ধনৰ অবৈধ লেনদেন আৰু নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ত চকু ৰখাৰ বাবে  নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত বৈধ নথি-পত্ৰ অবিহনে নগদ ৫০হাজাৰ টকাতকৈ অধিক ধন কঢ়িওৱাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি কোনো বৈধ নথি-পত্ৰ নাথাকিলে এনে ধনক অবৈধ হিচাপে গণ্য কৰা হয় । একেদৰে ভোটাৰৰ মাজত সুৰাৰ অবাধ প্ৰচলন ৰোধ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে । দুয়োটা সমষ্টিত তিনিটাকৈ ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভিলেন্স দল নিয়োগ কৰা হৈছে । এই দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে ।

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Tuesday, 16 March 2021

গীতা পাঠ লখিমপুৰ

 16 March, 2021


*গীতা পাঠ লখিমপুৰ* Date :- 16/3/21


## লখিমপুৰৰ ঘাৰমৰাত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰীকৃষ্ণ গীতাপাঠ আৰু ব্যাখ্যানুষ্ঠান।


## জীৱ জগতৰ কল্যাণৰ অৰ্থে পূৰ্ৱাঞ্চল মণিকাঞ্চন যুৱ সমাজৰ সৌজন্যত আয়োজন কৰা এই গীতাপাঠ অনুষ্ঠানৰ পুৱা পতাকা উত্তলন কৰে ঘাৰমৰা সত্ৰ ডেকা সত্ৰাধিকাৰ গকুল কৃষ্ণ গোস্বামীয়ে।


## গীতাপাঠ কৰে মাজুলী প্ৰশান্ত বৰুৱা, দীপাংকৰ কাকতি, নৰুত্তম দত্ত আৰু যোৰহাটৰ দীপ কলিতাই।


## গীতাপাঠৰ ব্যাখ্যা কৰে নাৰায়ণপুৰৰ জগত বনিয়া, ধেমাজি হৰিকান্ত দাস, যোৰহাটৰ ৰঞ্জিত বৰা আৰু বিহপুৰীয়া পদ্ম বৰাই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।