Monday, 15 March 2021

আজি চ’ত মাহৰ এক তাৰিখ এই দিনটোৰ পৰাই সাতদিন ধৰি ভক্তিৰষত ডুৱযায় সমগ্ৰ মৰঙীবাসী ৰাইজ ৷

 15 March, 2021


আজি চ’ত মাহৰ এক তাৰিখ এই দিনটোৰ পৰাই সাতদিন ধৰি ভক্তিৰষত ডুৱযায় সমগ্ৰ মৰঙীবাসী ৰাইজ ৷


 ঢ়ুলীয়া গাঁবৰ নামঘৰত প্ৰতিবছৰে আজিৰ দিনটোতেই সাতদিনীয়াকৈ ভগবান ৰাম আৰু একেই অবতাৰ কৃষ্ণৰ ভক্তিৰষত ডুৱয়ায় মৰঙীবাসী ৷  সাত দিনীয়াকৈ পালন কৰা হৈছে অবিৰত ভাগৱত পাঠৰ কায্যসূচী ৷আজি পুৱা নামঘৰৰ সমীপৰপৰা উলিওৱা

 সাংস্কৃতিক ধৰ্মীয় সমদলৰ শুভাৰম্ভ পৰে যুৱ উদ্যোগপতি  সঞ্জীৱ গগৈয়ে ৷হেজাৰ হেজাৰ ভক্তৰ সহযোগত প্ৰায় তিনিকিলোমিটাৰ জুৰি

 শোভায়াত্ৰাকাৰী সকলে ভগবান কৃষ্ণ -ৰামনামেৰে সমগ্ৰ এলেকাটোত ভক্তিৰসত ডুৱ যায় ৷ এই অবিৰত ভাগৱত পাঠৰ  কায্যসূচীৰ শেষৰদিনা ২২মাৰ্চৰ নিশা অগ্নিগড় শিল্পী সমাজৰ উদ্যোগত গৰুড়ৰ অমৃত হৰণ ; বিনতৰা দাসত্ত্ব মোচন ভাওনাৰ নাটখন প্ৰদৰ্শন কৰা হব ৷ ::


 প্ৰকাশ শৰ্মা   নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰ দহমাইলখুঁটিত দুষ্পাপ্য প্ৰজাতিৰ বন্যপ্ৰানী সহ তিনিজন লোকক আটক।

 15 March, 2021


MERAPANI BREAKING 


গোলাঘাটৰ দহমাইলখুঁটিত দুষ্পাপ্য প্ৰজাতিৰ বন্যপ্ৰানী সহ তিনিজন লোকক আটক। 



ঘিলাধাৰী আৰক্ষীয়ে তালাচী চলাই ১০ টা বিৰল প্ৰাজতিৰ বান্দৰ আৰু দুটা বিৰল প্ৰজাতিৰ চৰাই লগত তিনিজন লোকক আটক।  ইম্ফলৰ পৰা চেন্নাইলৈ বুলি অনা এখন এচ ০১ ই এ ৪৭০৭

ইস্কপিঅ' গাড়ীও জব্দ কৰে। আটক কৰা লোক কেইজন তামুলিনাডুৰ অৰ্জুন আগৰৱলা (৩৯), ইম্ফলৰ মহমদ ফাৰুক (২৭ ) মণিপুৰৰ

আইচ খান (৩৫)। উদ্ধাৰ হোৱা বন্যপ্ৰানীসমূহ বাজ্ৰিল আৰু দক্ষিণ আমেৰিকাতহে পোৱা যায় বুলি বন বিভাগৰ সূত্ৰ প্ৰকাশ। বৰ্তমান জামুগুৰি বন বিভাগৰ জিম্মাত বন্যপ্ৰাণী কেইটাসহ আটকাধীন সৰবৰাহকাৰী কেইটা।


 প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

गोलाघाट में चुनाव ड्यूटी में लापरवाही के लिए दो मतदान कर्मियों को कारण बताओ नोटिस

15 March, 2021


प्रेस विज्ञप्ति संख्या: 25/2021

गोलाघाट में चुनाव ड्यूटी में लापरवाही के लिए दो मतदान कर्मियों को कारण बताओ नोटिस

गोलाघाट, 15 मार्च: गोलाघाट जिले में चुनाव ड्यूटी में लापरवाही के लिए दो मतदान कर्मियों को कारण बताओ नोटिस जारी किया गया। बेटियोनी हायर सेकेंडरी स्कूल में पीजीटी बिपुल कुमार भगवती को डीसी और जिला निर्वाचन अधिकारी बिभाष चंद्र मोदी द्वारा प्रशिक्षण में अनधिकृत अनुपस्थिति के लिए कारण बताओ नोटिस जारी किया गया है। उन्हें नोटिस मिलने के तीन दिनों के भीतर जवाब देने के लिए कहा गया है। गोलाघाट चुनाव जिले में तैनात एक स्टेटिक सर्विलांस टीम के प्रभारी दुलाल कुर्मी को भी आदर्श आचार संहिता सेल द्वारा चुनाव ड्यूटी में लापरवाही के लिए कारण बताओ नोटिस जारी किया गया है। उन्हें नोटिस मिलने के 24 घंटे के भीतर जवाब देने के लिए कहा गया है।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट


NORTHEAST NEWS INDIA

গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত গাফিলতী কৰাৰ বাবে দুজনলৈ কাৰণ দৰ্শোৱাৰ জাননী

15 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২৫/২০২১

গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত গাফিলতী কৰাৰ বাবে দুজনলৈ কাৰণ দৰ্শোৱাৰ জাননী

গোলাঘাট, ১৫ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী কৰ্তব্যত গাফিলতী কৰাৰ অভিযোগত এগৰাকী বিষয়া আৰু এগৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে । বেটীয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিপুল কুমাৰ ভাগৱতীলৈ অকৰ্তৃত্বশীলভাৱে প্ৰশিক্ষণত উপস্থিত নথকাৰ বাবে জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । জাননী লাভ কৰাৰ তিনিদিনৰ ভিতৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে । আনহাতে গোলাঘাট নিৰ্বাচন জিলাত নিয়োজিত এটা ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দায়িত্বত থকা বিষয়া দুলাল কুৰ্মীকো কৰ্তব্যত গাফিলতী কৰাৰ অভিযোগত আদৰ্শ আচৰণ বিধি কোষে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি জাননী লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটত পষ্টেল বেলটযোগে ভোটগ্ৰহন কৰিবলগীয়া বিষয়াসকলক নিকা আৰু নিয়াৰিকৈ ভোটগ্ৰহন সম্পন্ন কৰাৰ নিৰ্দেশ উপায়ুক্তৰ১৮ আৰু ১৯ মাৰ্চত কোৱিড-19 ৰ নীতি-নিৰ্দেশনা মানি কৰা হ'ব ভোটগ্ৰহন

15 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২৫/২০২১

গোলাঘাটত পষ্টেল বেলটযোগে ভোটগ্ৰহন কৰিবলগীয়া বিষয়াসকলক নিকা আৰু নিয়াৰিকৈ ভোটগ্ৰহন সম্পন্ন কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

১৮ আৰু ১৯ মাৰ্চত কোৱিড-19 ৰ নীতি-নিৰ্দেশনা মানি কৰা হ'ব ভোটগ্ৰহন

গোলাঘাট, ১৫ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত পষ্টেল বেলটযোগে বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলৰ ভোটদান সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ভোটদাতাসকলৰ বাবে অহা ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন কৰা হ'ব । গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি পষ্টেল বেলটযোগে ভোটগ্ৰহনৰ প্ৰক্ৰিয়াত নিয়োজিত চুপাৰভাইজাৰ, ছেক্টৰ বিষয়া, মাইক্ৰ' অৱজাৰ্ভাৰ আৰু ভিডিঅ'গ্ৰাফাৰসকলৰ প্ৰশিক্ষণ সম্পন্ন হয় । প্ৰশিক্ষণ কার্যসূচীত অংশ লৈ জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে পষ্টেল বেলট প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াৰ দায়িত্বত থকা প্ৰতিগৰাকী বিষয়াকে সতৰ্ক হ'বলৈ আহ্বান জনায় । তেওঁ পষ্টেল বেলটযোগে ভোটগ্ৰহন প্ৰক্ৰিয়া নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাটো সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শ্ৰী মোদীয়ে ৱিষয়াসকলক পষ্টেল বেলটসমূহ বন্ধ খামত সুমুওৱাৰ শুদ্ধ পদ্ধতিও দেখুৱাই দিয়ে যাতে কোনো ভোটদাতাই ভুল পদ্ধতি অৱলম্বন নকৰে । তেওঁ কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো নিকা কৰাৰ বাবে প্ৰতিটো ভোটগ্ৰহনকাৰী দলত ভিডিঅ'গ্ৰাফাৰ আৰু মাইক্ৰ' অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে । উল্লেখযোগ্য যে সমষ্টি দুটাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব ।  ১৮ মাৰ্চত খুমটাই সমষ্টিৰ বাবে আৰু ১৯ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক থাকিব । ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন সম্পূৰ্ণ নহ'লে ২০ মাৰ্চতো পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । খুমটাই সমষ্টিত আবেদন কৰা ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । একেদৰে গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব । প্ৰশিক্ষণত অতিৰিক্ত উপায়ুক্ত মুন গগৈ, চুলতানা আখতাৰা আহমেদ, পল্লৱী গগৈ, সহকাৰী আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, ময়ূৰাক্ষী দত্ত আৰু অম্লান ফুকন উপস্থিত আছিল । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Sunday, 14 March 2021

গোলাঘাট জিলাত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যিকোনো ঘোষণা, ৰেলী আৰু সভা নিষিদ্ধ

14 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২৪/২০২১

গোলাঘাট জিলাত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যিকোনো ঘোষণা, ৰেলী আৰু সভা নিষিদ্ধ 
গোলাঘাট, ১৪ মাৰ্চ : আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে গোলাঘাট জিলাত বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকসকলৰ মাজত ৰাজনৈতিক কাৰ্যকলাপ বৃদ্ধি পোৱালৈ চাই ইতিমধ্যে ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে । জিলা দণ্ডাধীশ তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই সম্পৰ্কীয় নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যিকোনো ঘোষণা, ৰেলী, সভা আদি নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশ সমগ্ৰ গোলাঘাট জিলাতে বলৱৎ হৈছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

লখিমপুৰ Mega Expro

 14 March, 2021


*লখিমপুৰ Mega Expro


* Date :- 14/3/21


## বিগত বৰ্ষ দৰে এইবাৰো লখিমপুৰ ত্যাগক্ষেত্ৰত এখনি মেগা বানিজ্য মেলা অনুষ্টিত কৰা হৈছে।


## যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ মার্চলৈ চলা এই বানিজ্য মেলাত আপোনাৰ ঘৰৰ সকলো যাৱতীয় বস্তু পাব।


## কিন্তু বিশেষ কাৰণত ১৪ মার্চৰ পৰিবতে ২১ মাৰ্চৰলৈকে এই বানিজ্য মেলাখনি চলাই নিয়াৰ সিদ্ধান্ত লয়।


## আপুনি ইয়াতা পাব বিনামূলীয়াকৈ এটা লটৰী টিকেত, য'ত আছে কেইবাটাও আক্ৰষণীয় পুৰস্কা।


## লগতে উপভোগ কৰিবলৈ পাৰে নৃত্য আৰু ফেচন'স্বু।


## ভাৰতৰ বিভিন্ন প্ৰান্ত পৰা প্ৰায় ৬০ খনকৈ বিপনিয়ে অংশ লোৱা এই বানিজ্য মেলাত আপোনি লব পাৰে মন পচন্দৰ বিভিন্ন লাগতিয়াল সামগ্ৰী।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।