Monday, 15 March 2021

গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত গাফিলতী কৰাৰ বাবে দুজনলৈ কাৰণ দৰ্শোৱাৰ জাননী

15 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২৫/২০২১

গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত গাফিলতী কৰাৰ বাবে দুজনলৈ কাৰণ দৰ্শোৱাৰ জাননী

গোলাঘাট, ১৫ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী কৰ্তব্যত গাফিলতী কৰাৰ অভিযোগত এগৰাকী বিষয়া আৰু এগৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে । বেটীয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিপুল কুমাৰ ভাগৱতীলৈ অকৰ্তৃত্বশীলভাৱে প্ৰশিক্ষণত উপস্থিত নথকাৰ বাবে জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । জাননী লাভ কৰাৰ তিনিদিনৰ ভিতৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে । আনহাতে গোলাঘাট নিৰ্বাচন জিলাত নিয়োজিত এটা ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দায়িত্বত থকা বিষয়া দুলাল কুৰ্মীকো কৰ্তব্যত গাফিলতী কৰাৰ অভিযোগত আদৰ্শ আচৰণ বিধি কোষে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি জাননী লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...