15 March, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ২৫/২০২১
গোলাঘাটত পষ্টেল বেলটযোগে ভোটগ্ৰহন কৰিবলগীয়া বিষয়াসকলক নিকা আৰু নিয়াৰিকৈ ভোটগ্ৰহন সম্পন্ন কৰাৰ নিৰ্দেশ উপায়ুক্তৰ
১৮ আৰু ১৯ মাৰ্চত কোৱিড-19 ৰ নীতি-নিৰ্দেশনা মানি কৰা হ'ব ভোটগ্ৰহন
গোলাঘাট, ১৫ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত পষ্টেল বেলটযোগে বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলৰ ভোটদান সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ভোটদাতাসকলৰ বাবে অহা ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন কৰা হ'ব । গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি পষ্টেল বেলটযোগে ভোটগ্ৰহনৰ প্ৰক্ৰিয়াত নিয়োজিত চুপাৰভাইজাৰ, ছেক্টৰ বিষয়া, মাইক্ৰ' অৱজাৰ্ভাৰ আৰু ভিডিঅ'গ্ৰাফাৰসকলৰ প্ৰশিক্ষণ সম্পন্ন হয় । প্ৰশিক্ষণ কার্যসূচীত অংশ লৈ জিলা নিৰ্বাচন বিষয়া তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে পষ্টেল বেলট প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াৰ দায়িত্বত থকা প্ৰতিগৰাকী বিষয়াকে সতৰ্ক হ'বলৈ আহ্বান জনায় । তেওঁ পষ্টেল বেলটযোগে ভোটগ্ৰহন প্ৰক্ৰিয়া নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাটো সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শ্ৰী মোদীয়ে ৱিষয়াসকলক পষ্টেল বেলটসমূহ বন্ধ খামত সুমুওৱাৰ শুদ্ধ পদ্ধতিও দেখুৱাই দিয়ে যাতে কোনো ভোটদাতাই ভুল পদ্ধতি অৱলম্বন নকৰে । তেওঁ কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো নিকা কৰাৰ বাবে প্ৰতিটো ভোটগ্ৰহনকাৰী দলত ভিডিঅ'গ্ৰাফাৰ আৰু মাইক্ৰ' অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে । উল্লেখযোগ্য যে সমষ্টি দুটাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব । ১৮ মাৰ্চত খুমটাই সমষ্টিৰ বাবে আৰু ১৯ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক থাকিব । ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন সম্পূৰ্ণ নহ'লে ২০ মাৰ্চতো পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । খুমটাই সমষ্টিত আবেদন কৰা ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । একেদৰে গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব । প্ৰশিক্ষণত অতিৰিক্ত উপায়ুক্ত মুন গগৈ, চুলতানা আখতাৰা আহমেদ, পল্লৱী গগৈ, সহকাৰী আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, ময়ূৰাক্ষী দত্ত আৰু অম্লান ফুকন উপস্থিত আছিল ।
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ
No comments:
Post a Comment
Welcome Northeast News India