Wednesday, 10 March 2021

ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰী

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰী

গোলাঘাট, ১০ মাৰ্চ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো নিৰ্বাচনী আৰ্হি আচৰণবিধি বলৱৎ হৈছে । আৰ্হি আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ৰাজ্য, কেন্দ্ৰীয় অথবা ৰাজহুৱা খণ্ডৰ কোনো কৰ্মচাৰীয়ে কোনো ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব বুলি গোলাঘাট জিলাৰ আৰ্হি আচৰণ বিধি কোষে স্পষ্ট কৰি দিছে । 

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডৰ দ্বাৰা ১.৯০ লাখ টকা জব্দ

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডৰ দ্বাৰা ১.৯০ লাখ টকা জব্দ

গোলাঘাট, ১০ মাৰ্চ : গোলাঘাট থানাৰ অধীনৰ ধনশিৰি দলঙৰ সমীপৰ পৰা গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৯০লাখ টকা জব্দ কৰে । ত্ৰিপুৰাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখন লাহৰিজানৰ পৰা গোলাঘাট অভিমুখে আহি আছিল । অনুসন্ধান অব্যাহত আছে ।

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

स्टैटिक सर्विलांस टीम ने गोलाघाट में 1.45 लाख रुपये जब्त किए

10 March, 2021

प्रेस विज्ञप्ति

स्टैटिक सर्विलांस टीम ने गोलाघाट में 1.45 लाख रुपये जब्त किए
गोलाघाट, 10 मार्च: गोलाघाट निर्वाचन जिले में तैनात स्टेटिक सर्विलांस टीम ने आज घिल्डारी चौकी के तहत डोसमेल खुटी में एक चार पहिया वाहन से 1.45 लाख रुपये जब्त किए।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट

NORTHEAST NEWS INDIA

গোলাঘাটত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক

গোলাঘাট, ১০ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ পৰ্যবেক্ষক (General Observer ) হিচাপে ৰামকৃষ্ণ চাহুৱে দায়িত্ব গ্ৰহণ কৰিছে । পৰ্যবেক্ষকগৰাকীয়ে ৰাইজলৈ গোহাৰি জনাই কয় যে নিৰ্বাচন সংক্ৰান্তীয় যিকোনো অভাৱ-অভিযোগ উত্থাপন কৰিবলৈ তেওঁক পোনপটীয়াকৈ ৯৩৯৪১-৭৭৫১৫ আৰু ৯৩৬৫২-৪৯৬৩৮ দূৰভাষ নম্বৰত ফোন কৰি জনাব পাৰিব । শ্ৰী চাহুৱে আসন্ন বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক কোনো প্ৰলোভনত নপৰি নিজৰ বিবেকেৰে বিচাৰ বিবেচনা কৰি ভোট দিবলৈ আহ্বান জনায় । তেওঁ কয় যে ভোটদান এটা দায়িত্ব আৰু সকলোৱে এই দায়িত্ব পালন কৰা উচিত । নিৰ্বাচনক লৈ ৰাইজৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰি তেওঁ এইবাৰ সমষ্টি দুটাত ১০০ শতাংশ ভোটদান হ'ব বুলি আশা প্ৰকাশ কৰে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰ দহমাইল খুঁটি ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.৪৫ লাখ টকা জব্দ

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটৰ দহমাইল খুঁটি ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.৪৫ লাখ টকা জব্দ

গোলাঘাট, ১০ মাৰ্চ : গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী চকীৰ অধীনৰ দহমাইল খুঁটিৰ পৰা আজি গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দলে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৪৫লাখ টকা জব্দ কৰে ।  

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

96 খুমটাই নমিনেচন গোলাঘাট।

 09 March, 2021


96 খুমটাই নমিনেচন গোলাঘাট। 





হাজাৰ হাজাৰ সমৰ্থকেৰে  সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে খুমটাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই।


সঞ্জীৱ কুমাৰ প্ৰজাপতি  নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Tuesday, 9 March 2021

গোলাঘাটৰ কমাৰবন্ধা মাখন আৰু দেৰগাঁৱৰ নাৰিকলগুৰিৰ মমতাই পোৰোহিতৰ বেদমণ্তৰ মাজত অগ্নিক সাক্ষীকৰি যুগ্মজীৱনৰ পাতনি মেলিলে আঠমাৰ্চৰ দিনা

 09 March, 2021


গোলাঘাটৰ কমাৰবন্ধা মাখন আৰু দেৰগাঁৱৰ নাৰিকলগুৰিৰ মমতাই পোৰোহিতৰ বেদমণ্তৰ মাজত অগ্নিক সাক্ষীকৰি  যুগ্মজীৱনৰ পাতনি মেলিলে আঠমাৰ্চৰ দিনা


৷ সৰুতেই পৃতি মাতৃ হাৰা মাখনশৰ্মাৰ একমাত্ৰ ককায়েক ৰুদ্ৰকান্ত শৰ্মা শাৰিৰীক ভাবে অক্ষম ব্যক্তি ৷ কিছূদিনৰ পূৰ্বে ৰুদ্ৰৰ পত্নী মীনাদেৱীৰ মৃত্যু ঘটিল ৷ মহিলা নোহোৱা ঘৰখনত এগৰাকী মহিলাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি মাখনে বিয়াকৰোৱাৰ বাবে ছোৱালী পচন্দ কৰিলে দেৰগাঁৱৰ নাৰিকলগুৰিৰ মমতা কটকীক ৷ সৌন্দৰ্যময়ী মমতা সকলো কামকাজতে পাৰ্গত ৷ কিন্ত ভগবানে তেওৰ মুখত নিদিলে মাত কথা ৷ কানেৰেও কমকৈ শুনে ৷ দিব্যাঙ্গ মমতাক জীৱনসংগীনী হিচপে মাখনে পচন্দ কৰাত তেওৰ বংশ পৰিয়ালে বিয়াখন পাতি দিবলৈ প্ৰস্তুতি চলালে ৷ পিতৃ মাতৃহাৰা মমতাৰো এজন ককায়েক মুকবধিৰ ৷ দ’ৰা কইনা দুয়োটা পৰিয়ালকে বংশৰ লোকে সহায় কৰি সোমবাৰে সম্পন্ন কৰিলে মাখন-মমতাৰ বিয়াখন ৷



কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...