Thursday, 25 February 2021
Wednesday, 24 February 2021
24 February, 2021 GOLAGHAT CM STATUE OF BROTHERHOOD INAUGURATION গোলাঘাটৰ খুমটাইত বৰ অসম গঢ়োতা চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন। চুকাফাৰ ভাতৃত্ববোধৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। খুমটাই বিধানসভা সমষ্টিৰ খুমটাই নগাঁৱত চুকাফা ক্ষেত্ৰ নামেৰে আজি সাধাৰণ জনতাৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই ক্ষেত্ৰত শিশুয়ে ওমলিব পৰা খেলা ধূলা সামগ্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশত সহায় কৰিব এই ক্ষেত্ৰয়ে। উন্মোচনৰ মুকলি সভাত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিওৱা ডিব্ৰুগড়ৰ যদুমণি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুকলি সভাত অসমীয়া জাতিৰ পিতৃ স্বৰূপ চুকাফাক সন্মান জনাই ভাষণ আৰম্ভ কৰে সৰ্বানন্দ সোণোৱালে। চুকাফাৰ প্ৰতিমূৰ্তি খুমটাই সমষ্টিত স্থাপন কৰাৰ বাবে বিধায়ক মৃনাল শইকীয়াক বিশেষভাৱে শলাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। বিজেপি চৰকাৰে ৰূপায়ন কৰা সকলো আঁচনি চাওলুং চুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত, চৰাইদেউ পাহাৰত ৪২ গৰাকী স্বৰ্গদেউৰ প্ৰতিমূৰ্তি স্থাপনৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে ভাষণত উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। মৃনাল শইকীয়াৰ উপৰিও ৰাজেন গোঁহাইক তেওঁৰ কৰ্মৰ বাবে শলাগ লয় সৰ্বানন্দ সোণোৱালে।::: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
24 February, 2021
GOLAGHAT CM STATUE OF BROTHERHOOD INAUGURATION
গোলাঘাটৰ খুমটাইত বৰ অসম গঢ়োতা চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন। চুকাফাৰ ভাতৃত্ববোধৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। খুমটাই বিধানসভা সমষ্টিৰ খুমটাই নগাঁৱত চুকাফা ক্ষেত্ৰ নামেৰে আজি সাধাৰণ জনতাৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই ক্ষেত্ৰত শিশুয়ে ওমলিব পৰা খেলা ধূলা সামগ্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশত সহায় কৰিব এই ক্ষেত্ৰয়ে। উন্মোচনৰ মুকলি সভাত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিওৱা ডিব্ৰুগড়ৰ যদুমণি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুকলি সভাত অসমীয়া জাতিৰ পিতৃ স্বৰূপ চুকাফাক সন্মান জনাই ভাষণ আৰম্ভ কৰে সৰ্বানন্দ সোণোৱালে। চুকাফাৰ প্ৰতিমূৰ্তি খুমটাই সমষ্টিত স্থাপন কৰাৰ বাবে বিধায়ক মৃনাল শইকীয়াক বিশেষভাৱে শলাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। বিজেপি চৰকাৰে ৰূপায়ন কৰা সকলো আঁচনি চাওলুং চুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত, চৰাইদেউ পাহাৰত ৪২ গৰাকী স্বৰ্গদেউৰ প্ৰতিমূৰ্তি স্থাপনৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে ভাষণত উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। মৃনাল শইকীয়াৰ উপৰিও ৰাজেন গোঁহাইক তেওঁৰ কৰ্মৰ বাবে শলাগ লয় সৰ্বানন্দ সোণোৱালে।:::
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
Tuesday, 23 February 2021
23 February, 2021শ্ৰদ্ধেয় আই,পিতা শিক্ষাগুৰু সমস্ত। সেৱা গ্ৰহণ কৰিব, আপোনাসৰ্বক জনাব বিচাৰো যে,এখন সমাজ তথা ৰাজ্য, সুন্দৰ সব্বাঙ্গীন দেশ গঢ়াত আপোনাসবৰ বহোত কৰণীয় আছে। ইয়াৰ বাবে প্ৰতেকজন আইৰ, পিতাৰ দায়িত্ব আছে। এখন সমাজ, এখন ৰাজ্য, বা এখন দেশ তেতিয়াহে জীয়াই থাকিব, যেতিয়া লৈকে আই, পিতৃ তথা শিক্ষাগুৰুয়ে গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিৱ। নিজৰ লগতে আনৰ সন্তানক নিজৰ ভাবি সুপথ দেখুবাৱ গুৰুত্বপূৰ্ণ ভূমিকা লব। আজি শিশু কালিলৈ এখন সমাজ গঢ়োতা, এখন ৰাজ্য তথা এখন দেশৰ সম্পদ। আপোনাসৰ্বে সকলো দিশৰ পৰা জ্ঞান প্ৰদান কৰিৱ লাগিব। আধ্যাত্মিক আচাৰ আচৰণ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৱ লাগিৱ। সমাজ সেৱাত মনোনিবেশ কৰাৱ লাগিৱ। তেতিয়াহে আমাৰ সমাজ খন সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হৱ। নহলে সমাজৰ যি বেয়া প্ৰভাৱ আপোনাৰ জীৱন কালতে হওঁক বা মৃত্যু পাছতে, বা ইয়াৰ প্ৰভাৱ গোটেই বিশ্ববাসীয়ে ভুগীবলৈ পাৱ। আহক সময় থাকোতেই সকলো আগুৱাই আৰু এই পৃথিবীৰ পৰা যি বেয়া কু প্ৰভাৱ কুসংস্কাৰ পৰিছে নাইকীয়া হোৱাত গুৰুত্ব দিয়ক। এখন সমাজ সুন্দৰ সব্বাঙ্গীন হবলৈ হলে পিতৃ মাতৃৰ লগতে শিক্ষা গুৰুৰ বহোত দায়িত্ব আৰু কতব্য আছে। শিক্ষা গুৰুৱে অকল কিতাপত লিপিবদ্ধ হৈ থকা শিক্ষা স্কুল,শিক্ষা প্রতিষ্ঠান প্ৰদান কৰিলে নহৱ তাৰ উপৰিও আধ্যাত্মিক দিশত আচাৰ, বিচাৰ সংস্কাৰ আদি বিষয় প্ৰদান কৰিব লাগিব। তেতিয়াহে সমাজৰ পৰা অপায় অমঙ্গল অসুয়া শক্তি সানি বিঘ্নিত কাম তথা সমাজৰ অপৰিতিকৰ পৰিস্থিতিৰ কাৰ্জিয়া পেচাল, পৰ আলোচনা কুসংস্কাৰ দুৰ হৈ সমাজ খন বা ৰাজ্য, দেশখন সুন্দৰ সব্বাঙ্গীন হব। সদৌ শেষত সকলোলৈকে অনুৰোধ থাকিল সমাজ খন, ৰাজ্য তথা দেশখন সুন্দৰ সব্বাঙ্গীন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয় যেন। মোকো এজন আপোনালোকৰ পৰিয়ালৰ তথা সন্তান হিচাপে আকোঁৱালি লয়যেন। শ্ৰদ্ধাৰে মাধৱ গগৈ গোলাঘাট।
Monday, 22 February 2021
লখিমপুৰ আছু প্ৰতিবাদ* Date :-22/2;21
22 February, 2021
*লখিমপুৰ আছু প্ৰতিবাদ* Date :-22/2;21
## মোডীৰ অসম ভ্ৰমণৰ প্ৰতিবাদত লখিমপুৰত আছুৰ কলা পতাকা।
## চিলাপথাৰ ত প্ৰধান মন্ত্ৰী মোদীয়ে জনসভাত অংশ গ্রহণ কৰাৰ সময়তে তেওঁৰ আগমনৰ বিৰোধিতা কৰি লখিমপুৰত আছুৱে কলা পতাকা জোকাৰি বিক্ষোভ প্ৰদৰ্শন কৰে।
## নিৰ্বাচনী সময়ত অসম চুক্তি ৰূপায়ণ ৰ কথা দি আজিও পালন নকৰাৰ প্ৰতিবাদত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্য্য সূচী গ্রহণ কৰে।
##বানপানীৰ সময়ত অসমলৈ আহিবলৈ আহৰি নোপোৱা মোডীয়ে এতিয়া নিৰ্বাচনৰ বাবে মাহটো ভিতৰতে তিনিবাৰকৈ অসমলৈ ঢপলিয়াই কেনেকৈ আহিব পাৰিলে বুলি ধিক্কাৰ দিয়ে আছুৱে ।
## আগন্তুক সময়ত যি দলৰে চৰকাৰ নহওক কিয় অসম চুক্তি ৰূপায়ণ কৰিবই লাগিব অন্যথা ছাত্র সন্থাৰ শক্তিশালী আন্দোলন ৰ সন্মুখীন হব লাগিব বুলি তেওলোকে সকিয়নী দিয়ে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটাৰ সজাগতা কাৰ্যসূচী ।
22 February, 2021 *লখিমপুৰ ৰাইজমেল* Date :- 21/2/21 ## অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লখিমপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱাকালি লখিমপুৰ তেলাহীৰ যোৰখাট বালিগাৱত এখনি ৰাইজমেল অনুস্থিত হয়। ## সমন্বয়ক অচ্যুত বৰাই আঁত ধৰা সভা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পংকজ হাজৰিকাই। ## সমাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে,সমাজত ইয়াৰ প্ৰভাৱ,এইবোৰ সমাজৰ পৰা কেনেকৈ নাইকীয়া কৰিব পাৰি সেই সম্পৰ্কে বহুল ব্যাখ্যা ডাঙি ধৰে। ## এই অনুষ্ঠানত সচেতন নাগৰিক হিচাপে ৰমেশ শইকীয়া,আৰ্যভট্ট কেন্দ্ৰৰ সদস্য সকলৰ উপৰিও অঞ্চলটোৰ শতাধিক ৰাইজ এই ৰাইজমেল খনিত উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
22 February, 2021
*লখিমপুৰ ৰাইজমেল* Date :- 21/2/21
## অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লখিমপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱাকালি লখিমপুৰ তেলাহীৰ যোৰখাট বালিগাৱত এখনি ৰাইজমেল অনুস্থিত হয়।
## সমন্বয়ক অচ্যুত বৰাই আঁত ধৰা সভা খনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পংকজ হাজৰিকাই।
## সমাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে,সমাজত ইয়াৰ প্ৰভাৱ,এইবোৰ সমাজৰ পৰা কেনেকৈ নাইকীয়া কৰিব পাৰি সেই সম্পৰ্কে বহুল ব্যাখ্যা ডাঙি ধৰে।
## এই অনুষ্ঠানত সচেতন নাগৰিক হিচাপে ৰমেশ শইকীয়া,আৰ্যভট্ট কেন্দ্ৰৰ সদস্য সকলৰ উপৰিও অঞ্চলটোৰ শতাধিক ৰাইজ এই ৰাইজমেল খনিত উপস্থিত থাকে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...