Monday, 22 February 2021

ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটাৰ সজাগতা কাৰ্যসূচী ।

22 February, 2021

ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটাৰ সজাগতা কাৰ্যসূচী । 
 গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট বিধানসভা সমষ্টিৰ কমাৰবন্ধা আৰু বকলাইৰ বিভিন্ন স্থানত আজি জিলা নিৰ্বাচন শাখাৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী। নিৰ্বাচন আয়োগৰ SVEEP ৰ অধীনত ভোটদাতাসকলক সজাগ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। এখন ভ্ৰাম্যমান বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটদাতা ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলোৱা হয় । আজি ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে এটি গীতো মুকলি কৰা হয় । অহিৰ ভৈৰৱৰ সংগীত পৰিচালনাৰে "ভোট দিয়া হে" গীতটিৰ সুৰ দিয়াৰ লগতে কণ্ঠদান কৰিছে ডঃ মানস প্ৰতিম দাসে । আজিৰ সজাগতা কাৰ্যসূচীৰ অংশৰূপে গামখাৰু বিহু দলে বিভিন্ন স্থানত বিহু নৃত্য প্ৰদৰ্শন কৰি ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস চলায় । বিভিন্ন স্থানত ভোটদাতাসকলৰ মনৰ ভাৱ বুজাৰ বাবে তেওঁলোকৰ মাজত নিৰ্বাচনী বিষয়াৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত ভোটদান সম্পৰ্কীয় কেতবোৰ প্ৰশ্নাৱলী সম্বলিত পত্ৰও বিতৰণ কৰা হয়। উল্লেখযোগ্য যে আসন্ন বিধানসভা নিৰ্বাচনত গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ কেতবোৰ ঠাইত ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে 

 গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India