Wednesday, 24 February 2021

24 February, 2021 GOLAGHAT CM STATUE OF BROTHERHOOD INAUGURATION গোলাঘাটৰ খুমটাইত বৰ অসম গঢ়োতা চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন। চুকাফাৰ ভাতৃত্ববোধৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। খুমটাই বিধানসভা সমষ্টিৰ খুমটাই নগাঁৱত চুকাফা ক্ষেত্ৰ নামেৰে আজি সাধাৰণ জনতাৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই ক্ষেত্ৰত শিশুয়ে ওমলিব পৰা খেলা ধূলা সামগ্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশত সহায় কৰিব এই ক্ষেত্ৰয়ে। উন্মোচনৰ মুকলি সভাত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিওৱা ডিব্ৰুগড়ৰ যদুমণি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুকলি সভাত অসমীয়া জাতিৰ পিতৃ স্বৰূপ চুকাফাক সন্মান জনাই ভাষণ আৰম্ভ কৰে সৰ্বানন্দ সোণোৱালে। চুকাফাৰ প্ৰতিমূৰ্তি খুমটাই সমষ্টিত স্থাপন কৰাৰ বাবে বিধায়ক মৃনাল শইকীয়াক বিশেষভাৱে শলাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। বিজেপি চৰকাৰে ৰূপায়ন কৰা সকলো আঁচনি চাওলুং চুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত, চৰাইদেউ পাহাৰত ৪২ গৰাকী স্বৰ্গদেউৰ প্ৰতিমূৰ্তি স্থাপনৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে ভাষণত উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। মৃনাল শইকীয়াৰ উপৰিও ৰাজেন গোঁহাইক তেওঁৰ কৰ্মৰ বাবে শলাগ লয় সৰ্বানন্দ সোণোৱালে।::: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 24 February, 2021


GOLAGHAT CM STATUE OF BROTHERHOOD INAUGURATION


গোলাঘাটৰ খুমটাইত বৰ অসম গঢ়োতা চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন। চুকাফাৰ ভাতৃত্ববোধৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। খুমটাই বিধানসভা সমষ্টিৰ খুমটাই নগাঁৱত চুকাফা ক্ষেত্ৰ নামেৰে আজি সাধাৰণ জনতাৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই ক্ষেত্ৰত শিশুয়ে ওমলিব পৰা খেলা ধূলা সামগ্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশত সহায় কৰিব এই ক্ষেত্ৰয়ে। উন্মোচনৰ মুকলি সভাত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিওৱা ডিব্ৰুগড়ৰ যদুমণি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুকলি সভাত অসমীয়া জাতিৰ পিতৃ স্বৰূপ চুকাফাক সন্মান জনাই ভাষণ আৰম্ভ কৰে সৰ্বানন্দ সোণোৱালে। চুকাফাৰ প্ৰতিমূৰ্তি খুমটাই সমষ্টিত স্থাপন কৰাৰ বাবে বিধায়ক মৃনাল শইকীয়াক বিশেষভাৱে শলাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। বিজেপি চৰকাৰে ৰূপায়ন কৰা সকলো আঁচনি চাওলুং চুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত, চৰাইদেউ পাহাৰত ৪২ গৰাকী স্বৰ্গদেউৰ প্ৰতিমূৰ্তি স্থাপনৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে ভাষণত উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে। মৃনাল শইকীয়াৰ উপৰিও ৰাজেন গোঁহাইক তেওঁৰ কৰ্মৰ বাবে শলাগ লয় সৰ্বানন্দ সোণোৱালে।:::


 কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...