14 February, 2021
*লখিমপুৰত হাতী* Date :- 14/2/21
## লখিমপুৰৰ কদমৰ পৰা শনিবাৰে বিয়লি এজনি হাতীয়ে উচপ খাই মাউতৰ হাতৰপৰা এৰাই লখিমপুৰৰ অলিয়ে গলীয়ে ঘুৰি ফুৰিছে।
## শনিবাৰে নিশা লখিমপুৰৰ মাজেৰে পাৰ হৈ আজাদ হৈ পুৱা পানীগাঁৱৰ খাবলো ঘাতত ওলাই।
## পানীগাঁৱৰ পৰা পুণৰ আহি বিয়লি তেলাহী বান্টৌত এখন হাবিত জিৰণি লয়।
## বৰ্ত্তমানলৈ হাতীটো কৰায়ত্ব কৰিব পৰা নাই।
## জানিব পৰা মতে বিশ্বনাথ চাৰিআলি চতিয়া পৰা বগীনদী দুলুং বনাঞ্চলত কামৰ বাবে আহিছিল হাতীটো।
## দুলুংত বনাঞ্চলত কাম কৰি ঘুৰি আহোতে কদমত এখন JCB য়ে ক্ৰছ কৰোতে হাতীটোৱে ভয় খাই মাউতৰ হাতৰপৰা এৰাই লখিমপুৰৰ অলিয়ে গলীয়ে ঘুৰি ফুৰিছে এই হাতীটো।
## মাউতৰ লগতে বন বিভাগৰ লোক আৰু আৰক্ষীয়ে হাতীটোক আটক কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে যদিও এই পয্যন্ত হাতীটো কৰায়ত্ব কৰিবলৈ পৰা নাই।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া