13 February, 2021
*কৃষি বিজ্ঞান মহাবিদ্যালয়ত প্ৰশিক্ষণ* Date :- 13/2/21
## বেকাৰী সামগ্ৰীৰ সংসাধনৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগৰ সংস্থাপন”কর্ম্মশালা।
## অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ জিলাৰ গৰুমৰীয়াত অৱস্থিত লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত থকা কে,ভি,কে কেন্দ্ৰত “বেকাৰী সামগ্ৰীৰ সংসাধনৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগৰ সংস্থাপন” শীর্ষক ৫ দিনীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ আজি সামৰণি পৰে ৷
## এই উপলক্ষে অনুস্থিত সামৰণি অনুস্থানৰ আদৰনি ভাষণ প্ৰদান কৰে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ও মুৰর্ব্বী ড০প্ৰশান্ত কুমাৰ পাঠকে৷
## অনুস্থানত অতিথি হিছাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰাৰ লগতে কর্ম্মশালাত অংশ লোৱা সকলৰ মানপত্ৰ প্ৰদান কৰে ক্ৰমে-লখিমপুৰ আঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ড০ প্ৰবাল শইকীয়া, লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শষ্য বিভাগৰ বিশেষজ্ঞা জোৎস্না দাস, পশু বিজ্ঞান বিভাগৰ বিশেষজ্ঞ ড০ অৰিন্দম চক্ৰৱতীকে ধৰি বহুকেইজন বিশেষজ্ঞই৷
## সামুহিক বিজ্ঞানৰ বিশেষজ্ঞা দিপশিখা হাজৰীকাৰ তত্বাৱধানত অনুস্থিত এই কর্ম্মশালাত ৩৪ গৰাকী মহিলাই প্ৰশিক্ষন গ্ৰহন কৰে৷
## উল্লেখযোগ্য যে- মহিলাসকলৰ এই প্ৰশিক্ষণত বিভিন্ন ধৰনৰ বেকাৰী সামগ্ৰী যেনে কেক,কুকিচ,ব্ৰেড,বিস্কুটৰ বিজ্ঞান সন্মত আৰু প্ৰণালীবদ্ধ প্ৰস্ত্ততকৰন, খাদ্য সুৰক্ষাৰ বাবে লাগতিয়াল দিশ সমুহৰ ওপৰত প্ৰশিক্ষন প্ৰদান কৰা হয়৷
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India