Wednesday, 10 February 2021

10 February, 2021 *কেচু সাৰ খেতিৰে যুৱক সংস্থাপিত* Date :- 10/2/21 ## লখিমপুৰ জিলাৰ নাঁওবৈছা ৰাজহচক্ৰৰ অর্ন্তগত ৰহালী গা্ওঁৰ নিৱনুৱা যুৱক দিব্যজিৎ নাথে কেচুঁসাৰৰ ব্যৱসায়িক ভাৱে খেতি কৰি নিজক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷ ## অসম চৰকাৰৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী সহযোগিতাত দিব্যজিৎ কেচুঁসাৰ উৎপাদন কেন্দ্ৰ নামৰ এটি কেচুঁসাৰ উৎপাদন প্ৰকল্প ২০১৮ চনতে নিজৰ ঘৰতে স্থাপন কৰি বর্ত্তমান মাহে বহুহেজাৰ টকা উর্পাজন কৰিবলৈ সক্ষম হৈছে ৷ ## লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথমে পৰিক্ষামূলক ভাৱে কেচুঁসাৰৰ খেতি কৰি লাভাম্বিত হোৱাত দিব্যজিৎ নাথে বহল ভাৱে এই ব্যৱসায় কৰিবলৈ লয়৷ ## তেখেতৰ উৎপাদিত সাৰ সমুহ ঘৰৰ পৰাই কৃষক সকলে কিনি লৈ যায় বুলি জানিবলৈ দিয়ে ৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 10 February, 2021


*কেচু সাৰ খেতিৰে যুৱক সংস্থাপিত* Date :- 10/2/21


## লখিমপুৰ জিলাৰ নাঁওবৈছা ৰাজহচক্ৰৰ অর্ন্তগত ৰহালী গা্ওঁৰ নিৱনুৱা যুৱক দিব্যজিৎ নাথে কেচুঁসাৰৰ ব্যৱসায়িক ভাৱে খেতি কৰি নিজক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷


## অসম চৰকাৰৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী সহযোগিতাত দিব্যজিৎ কেচুঁসাৰ উৎপাদন কেন্দ্ৰ নামৰ এটি কেচুঁসাৰ  উৎপাদন প্ৰকল্প ২০১৮ চনতে নিজৰ ঘৰতে স্থাপন কৰি বর্ত্তমান মাহে বহুহেজাৰ টকা উর্পাজন কৰিবলৈ সক্ষম হৈছে ৷


## লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথমে পৰিক্ষামূলক ভাৱে কেচুঁসাৰৰ খেতি কৰি লাভাম্বিত হোৱাত  দিব্যজিৎ নাথে বহল ভাৱে এই ব্যৱসায় কৰিবলৈ লয়৷


## তেখেতৰ উৎপাদিত সাৰ সমুহ ঘৰৰ পৰাই কৃষক সকলে কিনি লৈ যায় বুলি জানিবলৈ দিয়ে ৷



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


10 February, 2021 *Lakhimpur Big Breaking* 10/2/21 ## লখিমপুৰত হিমন্তৰ ৰেলীত অথন্তৰ। ## চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চমক। ## হাজিৰা দিম বুলি চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ অনা মজদুৰক প্ৰতাৰণা। ## বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ লখিমপুৰ বাইপাচত নিশা উত্তেজনা। ## চাৰিশ টকাকৈ দিম বুলি হাজিৰা কৰি খোৱা মানুহক চাইকেল ৰেলীলৈ লৈ গৈছিল। ## শেষত পইচা নাপায় হাতত বিজেপি পতাকা লৈ বিজেপি বিৰোদ্ধে ক্ষুভ এইসকল লোকৰ। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 10 February, 2021


*Lakhimpur Big Breaking* 10/2/21


## লখিমপুৰত হিমন্তৰ ৰেলীত অথন্তৰ।


## চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চমক।


## হাজিৰা দিম বুলি  চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ অনা মজদুৰক প্ৰতাৰণা।


## বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ লখিমপুৰ বাইপাচত নিশা উত্তেজনা।


## চাৰিশ টকাকৈ দিম বুলি হাজিৰা কৰি খোৱা মানুহক চাইকেল ৰেলীলৈ লৈ গৈছিল।


## শেষত পইচা নাপায় হাতত বিজেপি পতাকা লৈ বিজেপি বিৰোদ্ধে ক্ষুভ এইসকল লোকৰ।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Tuesday, 9 February 2021

09 February, 2021 আজি পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ চাৰহ মিচিং গাৱৰ প্ৰায় বহো শতাধিক পুৰুষ-মহিলা একে লগে অগপ আৰু কংগ্ৰেছ দলৰ কৰ্মী লগতে সাধাৰণ লোক মাননীয় বিধায়ক মৃণাল শইকিয়া উপস্থিতত যোগিবাৰী স্থিত খুমটাই সমষ্টি বিধায়ক মৃণাল শইকিয়াৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্ম ৰাজিত আকৃষ্ট হৈ নতুনকৈ পাৰ্টীত যোগদান কৰে। নিউজ ডেস্কঃ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া

 09 February, 2021


আজি পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ চাৰহ মিচিং গাৱৰ প্ৰায় বহো শতাধিক  পুৰুষ-মহিলা একে লগে  অগপ আৰু কংগ্ৰেছ দলৰ  কৰ্মী লগতে সাধাৰণ লোক   মাননীয় বিধায়ক মৃণাল শইকিয়া উপস্থিতত যোগিবাৰী স্থিত  খুমটাই সমষ্টি বিধায়ক মৃণাল শইকিয়াৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্ম ৰাজিত আকৃষ্ট হৈ  নতুনকৈ পাৰ্টীত যোগদান কৰে।


নিউজ ডেস্কঃ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া


09 February, 2021 *হিমন্ত বিশ্ব শর্মাৰ চাইকেল ৰেলী- দলংৰ আধাৰশিলা স্থাপন* Date :- 9/2/21 ## আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই লখিমপুৰ জিলাৰ পানীগাওঁ চাৰিআালিৰ পৰা আজাদ হৈ উত্তৰ লখিমপুৰ নগৰৰ কমলাবৰীয়া পথৰ বৰমুৰীয়া তিনিআালিলৈকে এক চাইকেল ৰেলীত অংশ লয়৷ ## তেখেতে সাংবাদিকৰ আগত কয় যে অসমৰ বিভিন্ন ঠাইত এনেদৰে চাইকেল ৰেলী কৰি তেখেতে ১ কোটি জনতাৰ লগত সর্ম্পক স্থাপন কৰিব৷ ## দুবছৰৰ ভিতৰত অসমৰ ৫খন চিকিৎসা মহাবিদ্যালয় সর্ম্পুন কৰি তুলাৰ কথা প্ৰকাশ কৰে ৷ ## মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ ৰাজ্যিক স্বপ্ৰধান উন্নয়ন ২০২০-২১ আচঁনিৰ অধীনত লখিমপুৰ বিধান সভা সমষ্টিৰ খাৰকাটি আহোমনি পথৰ ফটাসূতি ঘাটৰ ৰঙানদীৰ ওপৰত পকীদলং নির্ম্মানৰ ভূমিপূজন কৰে আজি ৷ ## এই দুয়োটা কার্য্য-সূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক উৎপল দত্ত ,ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সদস্য মানৱ ডেকা আৰু জনতা পার্টিৰ লখিমপুৰ জিলাৰ সভাপতি ফনীধৰ বৰুৱা উপস্থিত থাকে৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 09 February, 2021


*হিমন্ত বিশ্ব শর্মাৰ চাইকেল ৰেলী- দলংৰ আধাৰশিলা স্থাপন* Date :- 9/2/21


## আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই লখিমপুৰ জিলাৰ পানীগাওঁ চাৰিআালিৰ পৰা আজাদ হৈ উত্তৰ লখিমপুৰ নগৰৰ কমলাবৰীয়া পথৰ বৰমুৰীয়া তিনিআালিলৈকে এক চাইকেল ৰেলীত অংশ লয়৷


## তেখেতে সাংবাদিকৰ আগত কয় যে অসমৰ বিভিন্ন ঠাইত এনেদৰে  চাইকেল ৰেলী কৰি তেখেতে ১ কোটি জনতাৰ লগত সর্ম্পক স্থাপন কৰিব৷


## দুবছৰৰ ভিতৰত অসমৰ ৫খন চিকিৎসা মহাবিদ্যালয় সর্ম্পুন কৰি তুলাৰ কথা প্ৰকাশ কৰে ৷


## মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ ৰাজ্যিক স্বপ্ৰধান উন্নয়ন ২০২০-২১ আচঁনিৰ অধীনত লখিমপুৰ বিধান সভা সমষ্টিৰ খাৰকাটি আহোমনি পথৰ ফটাসূতি ঘাটৰ ৰঙানদীৰ ওপৰত পকীদলং নির্ম্মানৰ ভূমিপূজন কৰে আজি ৷


## এই দুয়োটা কার্য্য-সূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক উৎপল দত্ত ,ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সদস্য মানৱ ডেকা আৰু জনতা পার্টিৰ  লখিমপুৰ জিলাৰ সভাপতি ফনীধৰ বৰুৱা উপস্থিত থাকে৷



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Monday, 8 February 2021

08 February, 2021 *লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 8/2/2021 ## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হয়। ## শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে নিশা অনুষ্টিত হয় । ## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হয়। ## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত। ## নিশা চুৰান্ত খেলখন আৰ্ফেড ইলেভন আৰু মোগ্লে গাৰ্ডেনৰ মাজত অনুষ্টিত হয়। ## আৰ্ফেড ইলেভনে মোগ্লে গাৰ্ডেনক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 08 February, 2021


*লখিমপুৰ ক্ৰিকেট প্ৰতিযোগিতা* Date :- 8/2/2021


## লখিমপুৰ জিলাৰ বৃহত চৰাইমৰীয়া কমলাবৰীয়া ক্ৰিকেট ক্লাবৰ উদ্যোগত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ৫ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ পৰা আৰম্ভ হয়।


## শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ক্ৰিকেট প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি দেওবাৰে নিশা অনুষ্টিত হয় ।


## এই ক্ৰিকেট প্ৰতিযোগিতা খনি লখিমপুৰ ফোকনহাট চৰাইমৰীয়া খেল পথাৰত আনুষ্ঠিত হয়।


## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰে এই প্ৰতিযোগিতা খনিত।


## নিশা চুৰান্ত খেলখন আৰ্ফেড ইলেভন আৰু মোগ্লে গাৰ্ডেনৰ মাজত অনুষ্টিত হয়।


## আৰ্ফেড ইলেভনে মোগ্লে গাৰ্ডেনক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।



লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


08 February, 2021 মেৰাপানী সমূহীয়া চিকিৎসালয়ত অদ্ভুত ঘটনা ৷ কুকুৰে কামোৰা বেজী লবলৈ অহা ৰোগীক কামুৰিলে চিকিৎসা কৰ্মীয়ে ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া ৪ নং তৰাণি কল্যাণপুৰৰ দেৱ ক'ল নামৰ এজন লোকক কুকুৰে কামোৰাৰ বাবে মেৰাপানী চিকিৎসালয়লৈ আহে। সেই সময়ত চিকিৎসালয়ৰ টিকট কাউন্টাৰত সুনীল ৰজক নামৰ এজন চিকিৎসাকৰ্মী নিয়োজিত হৈ আছিল। ৰোগী আৰু চিকিৎসা কৰ্মী গৰাকীৰ মাজত টকা খুচুৰা দিয়াক লৈ বাকবিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ পাছতে দুয়ো গৰাকীৰ মাজত হতাহতি হৈ সুনীল ৰজক নামৰ কৰ্মীজনে দেৱ ক'ল নামৰ লোকজনক শৰীৰৰ কেইবা ঠাইতো উপৰ্যপৰি আঘাট হানে। এই ঘটনাৰ পাছতেই ৰোগী আৰু আত্মীয় সকলে পৰিস্থিতি উতপ্ত কৰি তোলে। ৰোগী আৰু আত্মীয়। কল্পনা ফুকনৰ ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 08 February, 2021


মেৰাপানী সমূহীয়া চিকিৎসালয়ত অদ্ভুত ঘটনা ৷ কুকুৰে কামোৰা বেজী লবলৈ অহা ৰোগীক কামুৰিলে চিকিৎসা কৰ্মীয়ে ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া  ৪ নং তৰাণি কল্যাণপুৰৰ দেৱ ক'ল নামৰ এজন লোকক কুকুৰে কামোৰাৰ বাবে মেৰাপানী চিকিৎসালয়লৈ আহে। সেই সময়ত চিকিৎসালয়ৰ টিকট কাউন্টাৰত সুনীল ৰজক নামৰ এজন চিকিৎসাকৰ্মী নিয়োজিত হৈ আছিল। ৰোগী আৰু চিকিৎসা কৰ্মী গৰাকীৰ মাজত টকা খুচুৰা দিয়াক লৈ বাকবিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ পাছতে দুয়ো গৰাকীৰ মাজত হতাহতি হৈ সুনীল ৰজক নামৰ কৰ্মীজনে দেৱ ক'ল নামৰ লোকজনক শৰীৰৰ কেইবা ঠাইতো উপৰ্যপৰি আঘাট হানে। এই ঘটনাৰ পাছতেই ৰোগী আৰু আত্মীয় সকলে পৰিস্থিতি উতপ্ত কৰি তোলে। 


 ৰোগী আৰু আত্মীয়। 


কল্পনা ফুকনৰ ৰিপ’ট  নৰ্থ ইষ্ট  নিউজ ইণ্ডিয়া গোলাঘাট ৷


Sunday, 7 February 2021

07 February, 2021 বিজেপিৰ পুৰণা কৰ্মীয়েই খেদিলে ন-বিজেপি অজন্তা ক গোলাঘাট : ৭ ফেব্ৰুৱাৰী ২০২০ প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰি বাৰৰ বিধায়ক অজন্তা নেওগৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ দল এৰি গেৰুৱা বসন পিন্ধি পুনৰবাৰ বিধায়ক হোৱাৰ সপোন দেখা অজন্তা নেওগে খোজে প্ৰতি উজুটি খাব ধৰিছে। আজি পুণৰ বাৰ সভা অনুষ্ঠিত কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিবলগা হ’ল অজন্তা নেওগ ৷ আজি পুৱা গোলাঘাটৰ বিজেপিৰ মহিলা মৰ্চাৰ একাংশ মহিলা আৰু সাংগোপাংগ লগতলৈ গোলাঘাটৰ বেঙেনাখোৱা গাওঁ পঞ্চায়তৰ এঘৰত সভা অনুষ্ঠিত কৰিবলৈ ধৰোতেই বিজেপিৰ বহু সংখ্যক লোক সেই স্থানত উপস্থিত হৈ অজন্তা নেওগৰ লগতে সাংগো পাংগো সকলক তীব্ৰ বাক্যবানেৰে ধৰাশায়ী কৰিবলৈ ধৰে ৷ বিজেপি কৰ্মীৰ ধৰ্ণা- বিক্ষোভ সহিব নোৱাৰি অজন্তা নেওগ আৰু স্তাৱক সকল সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় ৷ ইফালে উক্ত সভাৰ পিছতেই তিনি নং ৱাৰ্ডতও এখন সভা আহ্বান কৰা হৈছিল ৷ সভালৈ মানুহো আহিছিল ৷ সেই সভাতো বিক্ষুভৰ উমান পাই তিনি নং ৱাৰ্ডৰ সভালৈ যাবলৈ অজন্তা নেওগৰ সাহস নহল ৷ ফলত আমন্ত্রণী ৰাইজ সভা অনুষ্ঠিত নকৰাকৈ ওভতি গ’ল ৷ একাংশ ৰাইজে জানিবলৈ দিয়ামতে গুৱাহাটীৰ পৰা জাপিদিয়া অজন্তা নেওগক তৃৰ্ণমূলৰ কৰ্মীয়ে কোনোপধ্যেই দলৰ মজিয়াত গ্ৰহণ নকৰে ৷ স্মতব্য যে ন- বিজেপি গৰাকী য'লৈকে গৈছে ত'তেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইতিপূৰ্ব্বে ফৰকাটিং ; গোলাঘাটৰ পাচঁ আলি মেৰাপানী ; কমাৰবন্ধা আদিত অনুষ্ঠিত কৰিবলৈ লোৱা বিজেপিৰ সভাত খোদ বিজেপিৰ কৰ্মীয়ে অজন্তা নেওগ গ' বেক ধ্বনিৰে উত্তাল কৰিছিল । গেৰুৱা বসনে অজন্তা নেওগৰ ৰাজনৈতিক কেৰিয়াৰত প্ৰতিবন্ধক হিচাপে থিয় দিছে। কংগ্ৰেছ দল এৰি বিজেপিলৈ গৈ পুনৰবাৰ বিজেপি দলৰ হৈ গোলাঘাট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতাৰ মন মেলিছে যদিও প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰিবাৰৰ বিধায়ক অজন্তা নেওগে। কিন্তু এইবাৰ পদে পদে উজুটি খাইছে ।প্ৰাক নিৰ্বাচনী প্ৰচাৰৰ নামত দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ গৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ বিজেপিৰ পুৰণা কৰ্মী একাংশই জনোৱামতে দলটোৰ নীতি আদৰ্শ আওকাণ কৰি দলীয় সভা অনুস্থিত কৰিছে অজন্তা নেওগে।অজন্তা নেওগৰ লগত বিজেপি মূখী হোৱা একাংশই সভা আহ্বান কৰি দলীয় বিষয়ববীয়াক আন্ধাৰত ৰখাৰ বাবে ক্ষোভৰ উদ্গিৰণ ঘটা বুলি অভিযোগ উঠিছে ।এনে প্ৰেক্ষাপটত অজন্তা নেওগৰ পুনৰবাৰ বিধায়ক হোৱা সপোন কেনেদৰে পূৰণ হয়,সিহে লক্ষ্যণীয় হ'ব। ::::: গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 07 February, 2021


বিজেপিৰ পুৰণা কৰ্মীয়েই খেদিলে ন-বিজেপি অজন্তা ক


 গোলাঘাট : ৭ ফেব্ৰুৱাৰী ২০২০


   প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰি বাৰৰ বিধায়ক অজন্তা নেওগৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ দল এৰি গেৰুৱা বসন পিন্ধি পুনৰবাৰ বিধায়ক হোৱাৰ সপোন দেখা অজন্তা নেওগে খোজে প্ৰতি উজুটি খাব ধৰিছে। আজি পুণৰ বাৰ সভা অনুষ্ঠিত কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিবলগা হ’ল অজন্তা নেওগ ৷ আজি পুৱা গোলাঘাটৰ বিজেপিৰ মহিলা মৰ্চাৰ  একাংশ মহিলা আৰু সাংগোপাংগ লগতলৈ গোলাঘাটৰ বেঙেনাখোৱা গাওঁ পঞ্চায়তৰ এঘৰত সভা অনুষ্ঠিত কৰিবলৈ ধৰোতেই বিজেপিৰ বহু সংখ্যক লোক সেই স্থানত উপস্থিত হৈ অজন্তা নেওগৰ লগতে সাংগো পাংগো সকলক তীব্ৰ বাক্যবানেৰে ধৰাশায়ী কৰিবলৈ ধৰে ৷  বিজেপি কৰ্মীৰ ধৰ্ণা- বিক্ষোভ সহিব নোৱাৰি অজন্তা নেওগ আৰু স্তাৱক সকল সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় ৷ ইফালে উক্ত সভাৰ পিছতেই তিনি নং ৱাৰ্ডতও এখন সভা আহ্বান কৰা হৈছিল ৷ সভালৈ মানুহো আহিছিল ৷ সেই সভাতো বিক্ষুভৰ উমান পাই তিনি নং ৱাৰ্ডৰ সভালৈ যাবলৈ অজন্তা নেওগৰ সাহস নহল ৷ ফলত আমন্ত্রণী ৰাইজ সভা অনুষ্ঠিত নকৰাকৈ ওভতি গ’ল ৷ একাংশ ৰাইজে জানিবলৈ দিয়ামতে গুৱাহাটীৰ পৰা জাপিদিয়া অজন্তা নেওগক  তৃৰ্ণমূলৰ কৰ্মীয়ে কোনোপধ্যেই  দলৰ মজিয়াত গ্ৰহণ নকৰে ৷

   স্মতব্য যে ন- বিজেপি গৰাকী য'লৈকে গৈছে ত'তেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইতিপূৰ্ব্বে ফৰকাটিং ; গোলাঘাটৰ পাচঁ আলি মেৰাপানী ; কমাৰবন্ধা আদিত    অনুষ্ঠিত কৰিবলৈ লোৱা  বিজেপিৰ সভাত খোদ বিজেপিৰ কৰ্মীয়ে অজন্তা নেওগ গ' বেক ধ্বনিৰে উত্তাল কৰিছিল । গেৰুৱা বসনে অজন্তা নেওগৰ ৰাজনৈতিক কেৰিয়াৰত প্ৰতিবন্ধক হিচাপে থিয় দিছে। কংগ্ৰেছ দল এৰি বিজেপিলৈ গৈ পুনৰবাৰ বিজেপি দলৰ হৈ গোলাঘাট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতাৰ মন মেলিছে যদিও প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰিবাৰৰ বিধায়ক অজন্তা নেওগে। কিন্তু এইবাৰ পদে পদে উজুটি খাইছে ।প্ৰাক নিৰ্বাচনী প্ৰচাৰৰ নামত দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ গৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ বিজেপিৰ পুৰণা কৰ্মী একাংশই জনোৱামতে  দলটোৰ  নীতি আদৰ্শ আওকাণ কৰি দলীয় সভা অনুস্থিত কৰিছে অজন্তা নেওগে।অজন্তা নেওগৰ লগত বিজেপি মূখী হোৱা একাংশই সভা আহ্বান কৰি দলীয় বিষয়ববীয়াক আন্ধাৰত ৰখাৰ বাবে ক্ষোভৰ উদ্গিৰণ ঘটা বুলি অভিযোগ উঠিছে ।এনে প্ৰেক্ষাপটত অজন্তা নেওগৰ পুনৰবাৰ বিধায়ক হোৱা সপোন কেনেদৰে পূৰণ হয়,সিহে লক্ষ্যণীয় হ'ব। :::::  

গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...