07 February, 2021
বিজেপিৰ পুৰণা কৰ্মীয়েই খেদিলে ন-বিজেপি অজন্তা ক
গোলাঘাট : ৭ ফেব্ৰুৱাৰী ২০২০
প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰি বাৰৰ বিধায়ক অজন্তা নেওগৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ দল এৰি গেৰুৱা বসন পিন্ধি পুনৰবাৰ বিধায়ক হোৱাৰ সপোন দেখা অজন্তা নেওগে খোজে প্ৰতি উজুটি খাব ধৰিছে। আজি পুণৰ বাৰ সভা অনুষ্ঠিত কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিবলগা হ’ল অজন্তা নেওগ ৷ আজি পুৱা গোলাঘাটৰ বিজেপিৰ মহিলা মৰ্চাৰ একাংশ মহিলা আৰু সাংগোপাংগ লগতলৈ গোলাঘাটৰ বেঙেনাখোৱা গাওঁ পঞ্চায়তৰ এঘৰত সভা অনুষ্ঠিত কৰিবলৈ ধৰোতেই বিজেপিৰ বহু সংখ্যক লোক সেই স্থানত উপস্থিত হৈ অজন্তা নেওগৰ লগতে সাংগো পাংগো সকলক তীব্ৰ বাক্যবানেৰে ধৰাশায়ী কৰিবলৈ ধৰে ৷ বিজেপি কৰ্মীৰ ধৰ্ণা- বিক্ষোভ সহিব নোৱাৰি অজন্তা নেওগ আৰু স্তাৱক সকল সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় ৷ ইফালে উক্ত সভাৰ পিছতেই তিনি নং ৱাৰ্ডতও এখন সভা আহ্বান কৰা হৈছিল ৷ সভালৈ মানুহো আহিছিল ৷ সেই সভাতো বিক্ষুভৰ উমান পাই তিনি নং ৱাৰ্ডৰ সভালৈ যাবলৈ অজন্তা নেওগৰ সাহস নহল ৷ ফলত আমন্ত্রণী ৰাইজ সভা অনুষ্ঠিত নকৰাকৈ ওভতি গ’ল ৷ একাংশ ৰাইজে জানিবলৈ দিয়ামতে গুৱাহাটীৰ পৰা জাপিদিয়া অজন্তা নেওগক তৃৰ্ণমূলৰ কৰ্মীয়ে কোনোপধ্যেই দলৰ মজিয়াত গ্ৰহণ নকৰে ৷
স্মতব্য যে ন- বিজেপি গৰাকী য'লৈকে গৈছে ত'তেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইতিপূৰ্ব্বে ফৰকাটিং ; গোলাঘাটৰ পাচঁ আলি মেৰাপানী ; কমাৰবন্ধা আদিত অনুষ্ঠিত কৰিবলৈ লোৱা বিজেপিৰ সভাত খোদ বিজেপিৰ কৰ্মীয়ে অজন্তা নেওগ গ' বেক ধ্বনিৰে উত্তাল কৰিছিল । গেৰুৱা বসনে অজন্তা নেওগৰ ৰাজনৈতিক কেৰিয়াৰত প্ৰতিবন্ধক হিচাপে থিয় দিছে। কংগ্ৰেছ দল এৰি বিজেপিলৈ গৈ পুনৰবাৰ বিজেপি দলৰ হৈ গোলাঘাট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতাৰ মন মেলিছে যদিও প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ চাৰিবাৰৰ বিধায়ক অজন্তা নেওগে। কিন্তু এইবাৰ পদে পদে উজুটি খাইছে ।প্ৰাক নিৰ্বাচনী প্ৰচাৰৰ নামত দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ গৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ বিজেপিৰ পুৰণা কৰ্মী একাংশই জনোৱামতে দলটোৰ নীতি আদৰ্শ আওকাণ কৰি দলীয় সভা অনুস্থিত কৰিছে অজন্তা নেওগে।অজন্তা নেওগৰ লগত বিজেপি মূখী হোৱা একাংশই সভা আহ্বান কৰি দলীয় বিষয়ববীয়াক আন্ধাৰত ৰখাৰ বাবে ক্ষোভৰ উদ্গিৰণ ঘটা বুলি অভিযোগ উঠিছে ।এনে প্ৰেক্ষাপটত অজন্তা নেওগৰ পুনৰবাৰ বিধায়ক হোৱা সপোন কেনেদৰে পূৰণ হয়,সিহে লক্ষ্যণীয় হ'ব। :::::
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া