26 November, 2020
*লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 26/11/2020
আজিও অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত আজিও সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি লখিমপুৰ নগৰৰ খেলমাটিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ লখিমপুৰ জিলা সমিতি অন্তৰ্গত লখিমপুৰ নগৰ, কমলাবৰীয়া, বগলীজান, জহিং আৰু চাবতী আঞ্চলিক সমিতি উদ্যোগত এক শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। প্ৰয়াত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ বিদেহীৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ NORTHEAST NEWS INDIA