20 November, 2020
কথাতে কয় ; অচিন কাঠৰ থোৰা নলগাব ৷ হয় এই বাক্যশাৰী অওকান কৰাৰ বাবে প্ৰতাৰিত হ’ল তেজপুৰৰ এজন চফল ডেকা ৷
প্ৰেমত ঘুৰিছে ভূ মণ্ডল ;প্ৰেমত ফুলিছে শতদল ; কিন্ত এই গৰাকী
ব্যভিচাৰীনি মহিলাৰ নাম
গিতাশ্ৰী গগৈ এও সিদ্ধহস্ত
প্ৰেমৰ জাল পেলোৱাত ৷
এইবাৰ তেও জালত পেলালে তেজপুৰৰ দীপজ্যোতি কলিতা নামৰ যুৱক জনক ৷ লকডাউনৰ আগতে দীপজ্যোতিয়ে এদিন সন্ধিয়া দেখাপালে তেজপুৰ চহৰৰ মাজমজিয়াত এগৰাকী যুৱতীয়ে উচুপি কান্দিথকা ৷ ওচৰচাপি যোৱাত যুৱতীয়ে কলে -- তেও এখন সভাৰ বাবে তেজপুৰলৈ আহিছিল ৷গোলাঘাটলৈ যোৱা শেষৰ বাছখনো গলগৈ ৷ সেয়েহে বিপাংত পৰিছে ৷ ২৬ বছৰীয়া কোমল অন্তৰৰ দিপজ্যোতি ; তেও ততালিকে মাকক ফোনকৰি সহায়কৰিবৰ বাবে গীতাশ্ৰীক নিশাটোৰ বাবে নিজৰ ঘৰত আশ্ৰয় দিবলৈ লৈ গ’ল ৷ নিশা অন্তৰঙ্গতা বাঢ়িল ৷ ফোননম্বৰ আদান প্ৰদান হল ৷ আৰু পুৱা সুন্দৰী যুৱতীয়ে নিজৰ ঘৰলৈ বাট ললে ৷ দিন বাগৰিল ফোনত চলিল প্ৰেমলীলা ৷ মাৰ্চমাহৰ এক শুভদিনত শুভক্ষণত দিপজ্যোতিয়ে
গোলাঘাটৰ বাচষ্টেণ্ডলৈ আহি কথামতেই গীতাশ্ৰীক পলুৱাই নি জীৱন সংঙ্গিনী কৰিলে ৷ যুগ্ম ভাবে বেলেগ বেলেগ পজত ফটোও ওঠিল ৷ ছোৱালী আনিলে তাতে আকৌ সুন্দৰী সেয়েহে তেজপুৰৰ পুলিচ ৰিজাৰ্ভৰ নিজা বাসউভৱনত পাৰ্টীও দিলে ৷ যুগ্ম জীৱনৰ কেইটামান দিনৰ পিচতে গীতাশ্ৰীয়ে নতুন স্বামীক লগত
লৈ গোলাঘাটৰ কছাৰীহাটৰ ঘৰলৈবুলি ১৮ নৱেম্বৰত ওলাই আহিল ৷ লগত দুটাবেগত কাপোৰ সোণৰ নেকলেচ ; টকা ; পাচবুক আদিও ললে ৷গোলাঘাট বাচষ্টেণ্ডত পোৱাৰ পিছত গীতাশ্ৰীয়ে বমিৰভাৱ আহিছেবুলি লগত অনা বেগদুটালৈ আস্থানৰ ৰাজহুৱা টয়লেটৰ দীশে গ’ল ৷ দীপজ্যোতিয়েও ম’বাইল পিতিকি সময় পাৰ কৰিলে ৷ বহু সময় বাগৰিল গীতাশ্ৰী ওভতি নাহিল ৷ দিপজ্যোতিয়ে গীতাশ্ৰীৰ ঘৰৰঠিকনা বিছাৰি কমাৰবন্ধা নতুন শাহুৱেকৰ ঘৰ পালেগৈ ৷ কিন্ত গিতাশ্ৰীৰ ঘৰ বিছাৰি নেপাই গোলাঘাটৰ সাংবাদিকক লগকৰি সকলো কথা আৰক্ষীক জনালে ৷আৰক্ষীক দিয়া এজাহাৰ দিলে ৷ যুগ্মজীৱনৰ প্ৰথমতেই পত্নী বিচ্ছেদৰ বেদনাত আহত হৈ দিপজ্যোতিয়ে পিছদিনা কছাৰীহাটলৈ গৈ যিখিনি কথা গমপালে সেয়াই তেওক হতভম্ব কৰিলে ৷ তেওবোলে চাৰিনম্বৰৰ স্বামীহে ৷ দুনম্বৰৰ স্বামীৰ ফালৰ দুটি লৰা ছোৱালীও আছে ৷ ইয়াতকৈও ভয়ানক কথাযে সুন্দৰী গীতাশ্ৰী নাৰী ব্যৱসায়ী চক্ৰৰ লগতো জড়ীত ৷ অচিন কাঠৰ থোৰা লগাই ৰাম ঠগন খাই হিদয়ত গভীৰ আঘাট লৈ গ’লগৈ তেজপুৰলৈ প্ৰতাৰিত স্বামী দিপজ্যোতি ৷ -- প্ৰকাশ শৰ্মা গোলাঘাট ৷