Friday, 13 November 2020
13 November, 2020 গোলাঘাট জিলাৰ চৌদিশে এতিয়া বাঘৰ বিচৰণ ৷ গাৱে চহৰে এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে ৷ বেতিয়নি চেলেঙী নৰাকোঁৱৰ গোলাঘাট চহৰ আদিত বাঘৰ আতংকৰ মাজতে বৃহস্পতিবাৰে গোলাঘাটৰ জামুগুৰিৰ নোগোৰা ৱাৰ্ডত ওলাল বাঘ ৷ স্বয়ং ৱাৰ্ড মেম্বাৰ মুনিন শৰ্মা ওৰফে ভোলাশৰ্মাৰ ঘৰৰ খেৰৰ মেজিৰ কাষত বান্ধি থোৱা এটা ছাগলি নিশা বাঘে লৈ গ’ল ৷ নিশা কুকুৰৰ ভোকনিৰ মাজতো বাঘে ছাগলি লৈ হাবিত সোমাল ৷ পুৱা গৃহস্থই দেখাপালে ছাগলীনাই সেই ঠাইত আছে বাঘৰ খোজ ৷ এতিয়া সমগ্ৰ অঞ্চলত আতংকই বিৰাজ কৰিছে ৷ :: কল্পনা ফুকন গোলাঘাট।
13 November, 2020
গোলাঘাট জিলাৰ চৌদিশে এতিয়া বাঘৰ বিচৰণ ৷ গাৱে চহৰে এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে ৷ বেতিয়নি চেলেঙী নৰাকোঁৱৰ গোলাঘাট চহৰ আদিত বাঘৰ আতংকৰ মাজতে বৃহস্পতিবাৰে গোলাঘাটৰ জামুগুৰিৰ নোগোৰা ৱাৰ্ডত ওলাল বাঘ ৷ স্বয়ং ৱাৰ্ড মেম্বাৰ মুনিন শৰ্মা ওৰফে ভোলাশৰ্মাৰ ঘৰৰ খেৰৰ মেজিৰ কাষত বান্ধি থোৱা এটা ছাগলি নিশা বাঘে লৈ গ’ল ৷ নিশা কুকুৰৰ ভোকনিৰ মাজতো বাঘে ছাগলি লৈ হাবিত সোমাল ৷ পুৱা গৃহস্থই দেখাপালে ছাগলীনাই সেই ঠাইত আছে বাঘৰ খোজ ৷ এতিয়া সমগ্ৰ অঞ্চলত আতংকই বিৰাজ কৰিছে ৷ :: কল্পনা ফুকন গোলাঘাট।
13 November, 2020 গোলাঘাট জিলাৰ বিলগাও আৰু বৰপথাৰ ৰেলষ্টেচনৰ মাজত বৃহস্পতিবাৰে এক অবাঞ্চিত ঘটনা সংঘটিত হয় বোকাজান ৰেল আৰক্ষীসূত্ৰই জনোৱামতে বৃহস্পতিবাৰে পুৱা প্ৰায় চাৰিবজাত বিলগাঁও আৰু বৰপথাৰ ৰেল ষ্টেচনৰ মাজৰ ৰেলৱে কিল’মিটাৰ 309 অব্লিক 54 হাইফেন 5 মাজৰ ৰেল’ৱে চিৰিত ৰাইজে ৰেলে কটা অৱস্থাত এটা মৃতদেহ দেখা পায় ৷ অচিনাক্ত লোক জনৰ মৃতদেহটো বোকাজান ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিৰ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ব্লু ৰংৰ টি চাৰ্ট আৰু কলা লংপেট পৰিহিত লোকজনে বোকাত লুটুৰী পুতুৰি হৈ ৰেলৰ আগত পৰিলবুলি ৰাইজে সন্দেহ কৰিছে ৷ শুক্ৰবাৰ পয্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই ৷ অচিনাকী লোকজনৰ মৃতদেহটো চিকিৎসালয়ৰ মৰ্গতে ৭২ঘণ্টাৰ বাবে ৰখা হৈছে ৷ নিদ্ধাৰিত সময়ৰ ভিতৰত চিনাক্ত নহলে বিভাগৰ নিয়ম মতে সৎকাৰ কৰাহব বুলি ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
13 November, 2020
গোলাঘাট জিলাৰ বিলগাও আৰু বৰপথাৰ ৰেলষ্টেচনৰ মাজত বৃহস্পতিবাৰে এক অবাঞ্চিত ঘটনা সংঘটিত হয়
বোকাজান ৰেল আৰক্ষীসূত্ৰই জনোৱামতে বৃহস্পতিবাৰে পুৱা প্ৰায় চাৰিবজাত
বিলগাঁও আৰু বৰপথাৰ ৰেল ষ্টেচনৰ মাজৰ ৰেলৱে কিল’মিটাৰ 309 অব্লিক 54 হাইফেন 5 মাজৰ ৰেল’ৱে চিৰিত ৰাইজে ৰেলে কটা অৱস্থাত এটা মৃতদেহ দেখা পায় ৷ অচিনাক্ত লোক জনৰ মৃতদেহটো বোকাজান ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিৰ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ব্লু ৰংৰ টি চাৰ্ট আৰু কলা লংপেট পৰিহিত লোকজনে বোকাত লুটুৰী পুতুৰি হৈ ৰেলৰ আগত পৰিলবুলি ৰাইজে সন্দেহ কৰিছে ৷ শুক্ৰবাৰ পয্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই ৷ অচিনাকী লোকজনৰ মৃতদেহটো চিকিৎসালয়ৰ মৰ্গতে ৭২ঘণ্টাৰ বাবে ৰখা হৈছে ৷ নিদ্ধাৰিত সময়ৰ ভিতৰত চিনাক্ত নহলে বিভাগৰ নিয়ম মতে সৎকাৰ কৰাহব বুলি ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিছে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট
Thursday, 12 November 2020
Wednesday, 11 November 2020
11 November, 2020 DATE-11-11_2020 বোকাখাতৰ লহেৰে চাপৰিত দুধৰ্ষ চোৰাং গড় চিকাৰী আটক । কৌশলেৰে কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰি মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটো । কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত আৰক্ষী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই জানিব পৰা গৈছে । ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
11 November, 2020
DATE-11-11_2020
বোকাখাতৰ লহেৰে চাপৰিত দুধৰ্ষ চোৰাং গড় চিকাৰী আটক ।
কৌশলেৰে কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰি মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটো । কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত আৰক্ষী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই জানিব পৰা
গৈছে । ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷
Tuesday, 10 November 2020
10 November, 2020 কৃষক বজাৰত বীজ বিতৰণ কৰিলে কৃষি বিভাগে ৷ শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষক সকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যৰে গোলাঘাটৰ এৰেঙ্গাপাৰাত স্থাপন কৰা হৈছে কৃষক বজাৰ ৷ এই বজাৰখনত কৃষকসকলে পোনপটীয়াকৈ গ্ৰাহকক উচিত মূল্যত বিক্ৰীকৰি আহিছে কৃষিজাত ফচল ৷ কৃষকক গোলাঘাটজিলা কৃষি বিভাগে খেতিৰ বাবে সময়ে সময়ে সহায় কৰি আহিছে ৷ জিলা প্ৰশাসনে কৃষিবিভাগৰ সহযোগত স্প্ৰে মেচিন বিনামূলীয়াকৈ যোগান ধৰাৰ পিছত মঙ্গলবাৰে বাদামৰ বীজ আৰু গোমধানৰ বীজ বিতৰণ কৰে ৷ এই সন্দভত জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ আনহাতে উৎফুল্লিত কৃষকেও বিভাগটোৰ সলাগ ললে ৷ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
10 November, 2020
কৃষক বজাৰত বীজ বিতৰণ কৰিলে কৃষি বিভাগে ৷
শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত কৃষক সকলক মধ্যভোগীৰ হাতোৰাৰ পৰা উদ্ধাৰৰ উদ্দেশ্যৰে গোলাঘাটৰ এৰেঙ্গাপাৰাত স্থাপন কৰা হৈছে কৃষক বজাৰ ৷ এই বজাৰখনত কৃষকসকলে পোনপটীয়াকৈ গ্ৰাহকক উচিত মূল্যত বিক্ৰীকৰি আহিছে কৃষিজাত ফচল ৷ কৃষকক গোলাঘাটজিলা কৃষি বিভাগে খেতিৰ বাবে সময়ে সময়ে সহায় কৰি আহিছে ৷ জিলা প্ৰশাসনে কৃষিবিভাগৰ সহযোগত স্প্ৰে মেচিন বিনামূলীয়াকৈ যোগান ধৰাৰ পিছত মঙ্গলবাৰে বাদামৰ বীজ আৰু গোমধানৰ বীজ বিতৰণ কৰে ৷ এই সন্দভত জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ আনহাতে উৎফুল্লিত কৃষকেও বিভাগটোৰ সলাগ ললে ৷ঃ প্ৰকাশ শৰ্মা গোলাঘাট ৷
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...