Monday, 26 October 2020

26 October, 2020 আজি বিজয়া দশমী ৷ দুৰ্গতি নাশিনী দুৰ্গাক বিদায়ৰ বাবে গোলাঘাটৰ পূজা মণ্ডপত পুৱা ভক্তই শাৰি পাতিলেহি এইয়া নৱগ্ৰহ মন্দিৰৰ দৃশ্য ৷ শাৰদীয় এই কেইটা দিনত ভক্তগণে দেৱী দুৰ্গাক পূজা অৰ্চনা কৰাৰ পিছত আজি পুৱা ভক্ত সকলে শান্তি পানী গ্ৰহণ কৰি মণ্ডপত আয়তিৰ নাম ; সংখ ঘণ্টা উৰুলী ৰ মাআত পূজাৰীৰ শুভ আৰ্ষীষৰে দেৱী দুৰ্গাক বিদায় জনালে ৷ দেৱীৰ মৃন্ময় মূৰ্ত্তি সমূহ ধনশিৰি নদীত বিষৰ্জন দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট

 26 October, 2020


আজি বিজয়া দশমী ৷ দুৰ্গতি নাশিনী দুৰ্গাক বিদায়ৰ বাবে গোলাঘাটৰ পূজা মণ্ডপত পুৱা ভক্তই শাৰি পাতিলেহি এইয়া নৱগ্ৰহ মন্দিৰৰ দৃশ্য ৷ শাৰদীয় এই কেইটা দিনত ভক্তগণে দেৱী দুৰ্গাক পূজা অৰ্চনা কৰাৰ পিছত আজি পুৱা ভক্ত সকলে শান্তি পানী গ্ৰহণ কৰি মণ্ডপত আয়তিৰ নাম ; সংখ ঘণ্টা উৰুলী ৰ মাআত পূজাৰীৰ শুভ আৰ্ষীষৰে দেৱী দুৰ্গাক বিদায় জনালে ৷ দেৱীৰ মৃন্ময় মূৰ্ত্তি সমূহ ধনশিৰি নদীত বিষৰ্জন দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ ::: প্ৰকাশ শৰ্মা গোলাঘাট


26 October, 2020 এজন সাধাৰণ নাগৰিক ৷ বাৰেবাৰে তেওঁ স্মৰণ কৰিছে এগৰাকী কেবিনেট মণ্ত্ৰীক ৷ কিন্ত কিয় ? গোলাঘাটৰ ফৰকাটিংৰ টিৰুৱাল গাঁৱৰ মগবুল আলী ওৰফে দছ ৷ এও ঘৰে ঘৰে বিদ্যুতৰ ৱায়াৰিং ; পানীমটৰ ভালকৰা আদি কাম কৰে ৷ কায্যত তেও এজন নামথকা ইলেকট্ৰিকচিয়ান ৷ এওৰ আছে এক দলীয় পৰিচয়ও ৷ মন্ত্ৰী অতুল বৰাৰ অতি প্ৰিয়পাত্ৰ দছ ৷ অগপৰ বেয়া দিনতো তেও সঙ্গ এৰা নাছিল অতুল বৰাৰ ৷ বৰাই গোলাঘাট সমষ্টি ত্যাগ কৰি বোকাখাটলৈ গল ৷ তথাপিও তেও চিঞৰি থাকিল “ অতুলবৰা জিন্দাবাদ” ৷ অগপ জিন্দাবাদ ৷কিছূদিনৰ আগৰেপৰা দছ লিভাৰজনিত ৰোগ আৰু আন ৰোগত ভোগী শয্যাশায়ী হৈ আছে ৷ ৰোগাক্ৰান্ত দেহাৰেই দছে মন্ত্ৰী অতুল বৰাক সাংবাদিকৰ যোগেদি এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে দছক মাজেমধ্যে মণ্তী অতুলবৰাই আৰ্থিক সাহায্যও দিছে ৷ কিন্ত আৰ্থিক অনাতনৰ বাবে চিকিৎসাও আধাতে সামৰিবলগা হয় ৷ বহুবছৰ ধৰি মকবুল ওৰফে দছে অগপ দলৰ কাম কৰিলে ৷ গোলাঘাটৰ অগপৰ একাংশ নেতা কোটিপতি হ’ল ৷অগাধ সম্পত্তিৰ মালিক হল ৷ কিন্ত মকবুলে বহুবাৰ আবেদন কৰিও পোৱানাই এটা চৰকাৰি বাসস্থান ৷ মন্ত্ৰী অতুল বৰাইআগবঢ়োৱা সাত হেজাৰ টকা চিকিৎসাৎ ব্যয় হল ৷ জীৱনৰ আধা বয়স আঞ্চলিকতাবাদতে গল ৷ সেয়েহে এতিয়া ধনৰ অভাৱত ভোগী পত্নী বুলি বেগমে ৰাইজলৈ সহায় ভীক্ষা কৰিছে ৷ সদাসয় ব্যক্তিয়ে অসম গ্ৰামীন বিকাশ বেংকৰ গোলাঘাট শাখাৰ 722 0010063744 একাউণ্টনং :IFSC ক’ড UTBI 0RRBAGB নম্বৰত আৰ্থিক সাহায্য আহ্বান কৰিছে ৷ যোগাযোগ নম্বৰ প্ৰকাশ শৰ্মা গোলাঘাট

 26 October, 2020


এজন সাধাৰণ নাগৰিক ৷  বাৰেবাৰে তেওঁ স্মৰণ কৰিছে

 এগৰাকী কেবিনেট মণ্ত্ৰীক ৷ কিন্ত কিয় ?

 গোলাঘাটৰ ফৰকাটিংৰ টিৰুৱাল গাঁৱৰ মগবুল আলী ওৰফে দছ ৷ এও ঘৰে ঘৰে বিদ্যুতৰ ৱায়াৰিং ; পানীমটৰ ভালকৰা আদি কাম কৰে ৷ কায্যত তেও এজন নামথকা ইলেকট্ৰিকচিয়ান ৷ এওৰ আছে এক দলীয় পৰিচয়ও ৷ মন্ত্ৰী অতুল বৰাৰ অতি প্ৰিয়পাত্ৰ দছ ৷ অগপৰ বেয়া দিনতো তেও সঙ্গ এৰা নাছিল অতুল বৰাৰ ৷ বৰাই গোলাঘাট সমষ্টি ত্যাগ কৰি বোকাখাটলৈ গল ৷ তথাপিও তেও চিঞৰি থাকিল “ অতুলবৰা জিন্দাবাদ” ৷  অগপ জিন্দাবাদ ৷কিছূদিনৰ আগৰেপৰা দছ লিভাৰজনিত

 ৰোগ আৰু আন ৰোগত ভোগী শয্যাশায়ী হৈ আছে ৷ ৰোগাক্ৰান্ত দেহাৰেই দছে মন্ত্ৰী অতুল বৰাক সাংবাদিকৰ যোগেদি এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে দছক মাজেমধ্যে মণ্তী অতুলবৰাই আৰ্থিক সাহায্যও দিছে ৷ কিন্ত আৰ্থিক অনাতনৰ বাবে চিকিৎসাও আধাতে সামৰিবলগা হয় ৷ বহুবছৰ ধৰি মকবুল ওৰফে দছে অগপ দলৰ কাম কৰিলে ৷ গোলাঘাটৰ অগপৰ একাংশ নেতা কোটিপতি হ’ল ৷অগাধ সম্পত্তিৰ মালিক হল ৷ কিন্ত মকবুলে বহুবাৰ আবেদন কৰিও পোৱানাই এটা চৰকাৰি বাসস্থান ৷  মন্ত্ৰী অতুল বৰাইআগবঢ়োৱা সাত হেজাৰ টকা চিকিৎসাৎ ব্যয় হল ৷ জীৱনৰ আধা বয়স  আঞ্চলিকতাবাদতে গল ৷ সেয়েহে এতিয়া ধনৰ অভাৱত ভোগী পত্নী বুলি বেগমে ৰাইজলৈ সহায় ভীক্ষা কৰিছে ৷ সদাসয় ব্যক্তিয়ে অসম গ্ৰামীন বিকাশ বেংকৰ গোলাঘাট শাখাৰ 722 0010063744   একাউণ্টনং :IFSC ক’ড UTBI 0RRBAGB নম্বৰত আৰ্থিক সাহায্য আহ্বান কৰিছে ৷ যোগাযোগ নম্বৰ  প্ৰকাশ শৰ্মা গোলাঘাট


Sunday, 25 October 2020

25 October, 2020Covid19 Assam and actions taken as on 24/10/2020.

25 October, 2020

Covid19 Assam and actions taken as on  24/10/2020.

25 October, 2020 আজি মহা নৱমীৰ দিনা কুমাৰী পূজা কৰা হয় ৷ এইবাৰ কেনেদৰে কৰা হৈছে কণ্য কুমাৰী সকলৰ পূজা চাও আহক ৷ এইয়া গোলাঘাটৰ নৱগ্ৰহ পূজা মণ্ডৰ দৃশ্য ৷ পূৰ্বতে ইয়াত নবমীৰ দিনা ৯ গৰাকী কুমাৰী কণ্যক পূজা কৰাৰ নিয়ম ৷ এইবাৰ ক’ভিড প্ৰত’কলৰ বাবেই এই জাগ্ৰত পূজামণ্ডপত পাঁচ গৰাকী ফুলকুমলীয়া কণ্যাক পূজা কৰা হৈছে ৷ চাওক এই দৃশ্য দৃষ্টি নিক্ষেপ কৰিলেই ভক্তি ভাৱ জন্মিব আপোনাৰ ::: প্ৰকাশ শৰ্মা গোলাঘাট ৷

 25 October, 2020


আজি মহা নৱমীৰ দিনা কুমাৰী পূজা কৰা হয় ৷ এইবাৰ কেনেদৰে কৰা হৈছে কণ্য কুমাৰী সকলৰ পূজা চাও আহক ৷


এইয়া গোলাঘাটৰ নৱগ্ৰহ পূজা মণ্ডৰ দৃশ্য ৷ পূৰ্বতে ইয়াত নবমীৰ দিনা ৯ গৰাকী কুমাৰী কণ্যক পূজা কৰাৰ নিয়ম ৷ এইবাৰ ক’ভিড প্ৰত’কলৰ বাবেই এই জাগ্ৰত পূজামণ্ডপত পাঁচ গৰাকী ফুলকুমলীয়া কণ্যাক পূজা কৰা হৈছে ৷  চাওক এই দৃশ্য দৃষ্টি নিক্ষেপ কৰিলেই ভক্তি ভাৱ জন্মিব আপোনাৰ ::: প্ৰকাশ শৰ্মা  গোলাঘাট ৷


25 October, 2020 Breaking news


 

Saturday, 24 October 2020

24 October, 2020 আজি মহাষ্টমী ৷ গোলাঘাট চহৰৰত নাই পূজাৰ উচাহ ৷ এইয়া গোলাঘাটৰ নৱগ্ৰহ মন্দিৰৰ দৃশ্য পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে মা দূৰ্গাৰ অৰ্চনা ৷ ইফালে এক বিপৰীত পৰিবেশ ফৰকাটিংৰ তিৰুৱালৰ ২৮২ বছৰীয়া কুটুহাগুৰি পূজা মণ্ডপত ক’ভড প্ৰট’কল পালন কৰিও আজি মহাষ্টমীৰ দিনা হাহঁ কোমোৰা বলী দিবলৈ ভীৰ কৰিছেহি ভক্তই ৷ এই দেৱালয়ৰ সন্দৰ্ভত দেৱালয় পৰিচালনা সমিতিৰ সভাপতি নোমল গগৈয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ ::: ::: প্ৰকাশ শৰ্মা গোলাঘাট

 24 October, 2020


আজি মহাষ্টমী ৷ গোলাঘাট চহৰৰত নাই পূজাৰ উচাহ ৷ এইয়া গোলাঘাটৰ নৱগ্ৰহ মন্দিৰৰ দৃশ্য পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে মা দূৰ্গাৰ অৰ্চনা ৷ ইফালে এক বিপৰীত পৰিবেশ ফৰকাটিংৰ তিৰুৱালৰ ২৮২ বছৰীয়া কুটুহাগুৰি পূজা মণ্ডপত ক’ভড প্ৰট’কল পালন কৰিও আজি মহাষ্টমীৰ দিনা হাহঁ কোমোৰা বলী দিবলৈ ভীৰ কৰিছেহি ভক্তই ৷ এই দেৱালয়ৰ সন্দৰ্ভত দেৱালয় পৰিচালনা সমিতিৰ সভাপতি নোমল গগৈয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰিলে ৷ :::

::: প্ৰকাশ শৰ্মা গোলাঘাট


24 October, 2020 জনহিত ,জনসেৱাৰ্থে ; শপত গ্ৰহণ কৰা এজন খাকী পোছাকধাৰী ;; মাত্ৰ আঠহাজাৰ টকাৰ বাবে নাজল নাথল অৱস্থা কৰিছে এটা দৰিদ্ৰ পৰিয়ালক কোন এইজন আৰক্ষী বিষয়া জানিবলৈ মন যোৱা নাইনে? এইজন হ’ল গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জলিল ৷ ৰ’ব বিষয়া বুলি ক’লে ভুল হ’ব ৷ ৰক্ষকৰ নামত ভক্ষকহে ৷ কৰ্মৰত অৱস্থাত বিদ্যুতপৃষ্ট হৈ মৃত্যু ঘটা এজন শ্ৰমিকৰ মৰণোত্তৰ প্ৰতিবেদন দিয়াৰ বাবদ মেৰাপানী আৰক্ষী থানাৰ এইজন দুনীতিগ্ৰস্ত আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা দাবী কৰিছে আঠ হাজাৰ টকাৰ উৎকোচ। বিগত 27 আগষ্ট দিনা মেৰাপানীৰ ৰামপুৰত কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ অকালতে মৃত্যুক সাৱতিব লগাত পৰিছিল বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী জিতুল দাসে। মৃত জিতুল দাসৰ পৰিয়ালে লগে লগেই মেৰাপানী আৰক্ষী থানাত দূৰ্ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল। কিন্তু মেৰাপানী থানাৰ অ'চি আব্দুল জলিলে গোচৰ পঞ্জীয়ন নকৰি থানাতে মীমাংসা কৰাৰ বাবে মৃতকৰ পৰিয়ালক হেঁচা দিয়ে। ইফালে প্ৰায় দুটা মাহ অতিক্ৰম কৰাৰ পাছতো বিদ্যুত কোম্পানী নিকনে দৰিদ্ৰ পৰিয়ালটোক ফুটাকড়ি এটাও সহায় নকৰাত উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ বিছাৰি কোম্পানীটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু পৰিয়ালটোৱে আদালতত গোচৰ তৰিবৰ বাবে মেৰাপানী আৰক্ষী থানাত গোচৰ নং আৰু মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিচৰাত থানাৰ অ'চি আব্দুল জলিলে পৰিয়ালটোক প্ৰতিলিপি দিয়াৰ বাবদ আশ্বৰ্য্যজনকভাৱে আঠ হাজাৰ টকা দাবী কৰে আৰু আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে পৰিয়ালটোক দুব্যৱহাৰ কৰি থানাৰ পৰা খেদি পঠায়। সম্প্ৰতি অ'চি আব্দুল জলিলৰ এনে নীতিবৰ্হিভূত কাণ্ড আৰু আচৰণৰ প্ৰতিবাদত মৃত জিতুল দাসৰ পৰিয়ালে গোলাঘাটৰ মূখ্য ন্যায়িক দণ্ডাধীষৰ আদালতত এক গোচৰ ৰুজু কৰিছে। আদালতে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ এক তদন্ত কৰি আদালতক নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিবলৈ গোলাঘাটৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে। এতিয়া প্ৰশ্ন উঠিছে, শাসনাধীন চৰকাৰে পোহ-পাল দি থকা এনে দুনীতি কাৰী আৰক্ষীৰ বাবে শুণ্য সহনশীল নীতি প্ৰজোয্য হবনে ? খাকী পোচাকত ডাগ লগোৱা গনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব নে ? আৰু প্ৰকৃততে ন্যায় পাবনে দুৰ্ভগীয়া পৰিয়ালটোৱে?? গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা

 24 October, 2020


জনহিত ,জনসেৱাৰ্থে ;

শপত গ্ৰহণ কৰা এজন খাকী পোছাকধাৰী ;;

মাত্ৰ আঠহাজাৰ টকাৰ বাবে নাজল নাথল অৱস্থা কৰিছে এটা দৰিদ্ৰ পৰিয়ালক  


কোন এইজন আৰক্ষী বিষয়া জানিবলৈ মন যোৱা নাইনে? 

এইজন হ’ল গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জলিল ৷


ৰ’ব বিষয়া বুলি ক’লে ভুল হ’ব ৷ ৰক্ষকৰ নামত ভক্ষকহে ৷


কৰ্মৰত অৱস্থাত বিদ্যুতপৃষ্ট হৈ মৃত্যু ঘটা এজন শ্ৰমিকৰ মৰণোত্তৰ প্ৰতিবেদন দিয়াৰ বাবদ মেৰাপানী আৰক্ষী থানাৰ এইজন দুনীতিগ্ৰস্ত আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা দাবী কৰিছে আঠ হাজাৰ টকাৰ উৎকোচ।


বিগত 27 আগষ্ট  দিনা মেৰাপানীৰ ৰামপুৰত কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ অকালতে মৃত্যুক সাৱতিব লগাত পৰিছিল বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী জিতুল দাসে। মৃত জিতুল দাসৰ পৰিয়ালে লগে লগেই মেৰাপানী আৰক্ষী থানাত দূৰ্ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল। কিন্তু মেৰাপানী থানাৰ অ'চি আব্দুল জলিলে  গোচৰ পঞ্জীয়ন নকৰি থানাতে মীমাংসা কৰাৰ বাবে মৃতকৰ পৰিয়ালক হেঁচা দিয়ে। ইফালে প্ৰায় দুটা মাহ অতিক্ৰম কৰাৰ পাছতো বিদ্যুত কোম্পানী নিকনে দৰিদ্ৰ পৰিয়ালটোক ফুটাকড়ি এটাও সহায় নকৰাত উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ বিছাৰি কোম্পানীটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয়।


 কিন্তু পৰিয়ালটোৱে আদালতত গোচৰ তৰিবৰ বাবে মেৰাপানী আৰক্ষী থানাত গোচৰ নং আৰু মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিচৰাত থানাৰ অ'চি আব্দুল জলিলে পৰিয়ালটোক প্ৰতিলিপি দিয়াৰ বাবদ আশ্বৰ্য্যজনকভাৱে আঠ হাজাৰ টকা দাবী কৰে আৰু আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে পৰিয়ালটোক দুব্যৱহাৰ কৰি থানাৰ পৰা খেদি পঠায়। সম্প্ৰতি অ'চি আব্দুল জলিলৰ এনে নীতিবৰ্হিভূত কাণ্ড আৰু আচৰণৰ প্ৰতিবাদত মৃত জিতুল দাসৰ পৰিয়ালে গোলাঘাটৰ মূখ্য ন্যায়িক দণ্ডাধীষৰ আদালতত এক গোচৰ ৰুজু কৰিছে। আদালতে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ এক তদন্ত কৰি আদালতক নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিবলৈ গোলাঘাটৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে। 


  এতিয়া প্ৰশ্ন উঠিছে,

শাসনাধীন চৰকাৰে পোহ-পাল দি থকা এনে দুনীতি কাৰী আৰক্ষীৰ বাবে শুণ্য সহনশীল নীতি প্ৰজোয্য হবনে ? খাকী পোচাকত ডাগ লগোৱা গনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব নে ?

 আৰু 

 প্ৰকৃততে  ন্যায় পাবনে দুৰ্ভগীয়া পৰিয়ালটোৱে??


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...