Saturday, 24 October 2020

24 October, 2020 জনহিত ,জনসেৱাৰ্থে ; শপত গ্ৰহণ কৰা এজন খাকী পোছাকধাৰী ;; মাত্ৰ আঠহাজাৰ টকাৰ বাবে নাজল নাথল অৱস্থা কৰিছে এটা দৰিদ্ৰ পৰিয়ালক কোন এইজন আৰক্ষী বিষয়া জানিবলৈ মন যোৱা নাইনে? এইজন হ’ল গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জলিল ৷ ৰ’ব বিষয়া বুলি ক’লে ভুল হ’ব ৷ ৰক্ষকৰ নামত ভক্ষকহে ৷ কৰ্মৰত অৱস্থাত বিদ্যুতপৃষ্ট হৈ মৃত্যু ঘটা এজন শ্ৰমিকৰ মৰণোত্তৰ প্ৰতিবেদন দিয়াৰ বাবদ মেৰাপানী আৰক্ষী থানাৰ এইজন দুনীতিগ্ৰস্ত আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা দাবী কৰিছে আঠ হাজাৰ টকাৰ উৎকোচ। বিগত 27 আগষ্ট দিনা মেৰাপানীৰ ৰামপুৰত কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ অকালতে মৃত্যুক সাৱতিব লগাত পৰিছিল বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী জিতুল দাসে। মৃত জিতুল দাসৰ পৰিয়ালে লগে লগেই মেৰাপানী আৰক্ষী থানাত দূৰ্ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল। কিন্তু মেৰাপানী থানাৰ অ'চি আব্দুল জলিলে গোচৰ পঞ্জীয়ন নকৰি থানাতে মীমাংসা কৰাৰ বাবে মৃতকৰ পৰিয়ালক হেঁচা দিয়ে। ইফালে প্ৰায় দুটা মাহ অতিক্ৰম কৰাৰ পাছতো বিদ্যুত কোম্পানী নিকনে দৰিদ্ৰ পৰিয়ালটোক ফুটাকড়ি এটাও সহায় নকৰাত উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ বিছাৰি কোম্পানীটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু পৰিয়ালটোৱে আদালতত গোচৰ তৰিবৰ বাবে মেৰাপানী আৰক্ষী থানাত গোচৰ নং আৰু মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিচৰাত থানাৰ অ'চি আব্দুল জলিলে পৰিয়ালটোক প্ৰতিলিপি দিয়াৰ বাবদ আশ্বৰ্য্যজনকভাৱে আঠ হাজাৰ টকা দাবী কৰে আৰু আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে পৰিয়ালটোক দুব্যৱহাৰ কৰি থানাৰ পৰা খেদি পঠায়। সম্প্ৰতি অ'চি আব্দুল জলিলৰ এনে নীতিবৰ্হিভূত কাণ্ড আৰু আচৰণৰ প্ৰতিবাদত মৃত জিতুল দাসৰ পৰিয়ালে গোলাঘাটৰ মূখ্য ন্যায়িক দণ্ডাধীষৰ আদালতত এক গোচৰ ৰুজু কৰিছে। আদালতে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ এক তদন্ত কৰি আদালতক নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিবলৈ গোলাঘাটৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে। এতিয়া প্ৰশ্ন উঠিছে, শাসনাধীন চৰকাৰে পোহ-পাল দি থকা এনে দুনীতি কাৰী আৰক্ষীৰ বাবে শুণ্য সহনশীল নীতি প্ৰজোয্য হবনে ? খাকী পোচাকত ডাগ লগোৱা গনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব নে ? আৰু প্ৰকৃততে ন্যায় পাবনে দুৰ্ভগীয়া পৰিয়ালটোৱে?? গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা

 24 October, 2020


জনহিত ,জনসেৱাৰ্থে ;

শপত গ্ৰহণ কৰা এজন খাকী পোছাকধাৰী ;;

মাত্ৰ আঠহাজাৰ টকাৰ বাবে নাজল নাথল অৱস্থা কৰিছে এটা দৰিদ্ৰ পৰিয়ালক  


কোন এইজন আৰক্ষী বিষয়া জানিবলৈ মন যোৱা নাইনে? 

এইজন হ’ল গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল জলিল ৷


ৰ’ব বিষয়া বুলি ক’লে ভুল হ’ব ৷ ৰক্ষকৰ নামত ভক্ষকহে ৷


কৰ্মৰত অৱস্থাত বিদ্যুতপৃষ্ট হৈ মৃত্যু ঘটা এজন শ্ৰমিকৰ মৰণোত্তৰ প্ৰতিবেদন দিয়াৰ বাবদ মেৰাপানী আৰক্ষী থানাৰ এইজন দুনীতিগ্ৰস্ত আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা দাবী কৰিছে আঠ হাজাৰ টকাৰ উৎকোচ।


বিগত 27 আগষ্ট  দিনা মেৰাপানীৰ ৰামপুৰত কৰ্মৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ অকালতে মৃত্যুক সাৱতিব লগাত পৰিছিল বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মচাৰী জিতুল দাসে। মৃত জিতুল দাসৰ পৰিয়ালে লগে লগেই মেৰাপানী আৰক্ষী থানাত দূৰ্ঘটনাটোৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল। কিন্তু মেৰাপানী থানাৰ অ'চি আব্দুল জলিলে  গোচৰ পঞ্জীয়ন নকৰি থানাতে মীমাংসা কৰাৰ বাবে মৃতকৰ পৰিয়ালক হেঁচা দিয়ে। ইফালে প্ৰায় দুটা মাহ অতিক্ৰম কৰাৰ পাছতো বিদ্যুত কোম্পানী নিকনে দৰিদ্ৰ পৰিয়ালটোক ফুটাকড়ি এটাও সহায় নকৰাত উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ বিছাৰি কোম্পানীটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয়।


 কিন্তু পৰিয়ালটোৱে আদালতত গোচৰ তৰিবৰ বাবে মেৰাপানী আৰক্ষী থানাত গোচৰ নং আৰু মৰণোত্তৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিচৰাত থানাৰ অ'চি আব্দুল জলিলে পৰিয়ালটোক প্ৰতিলিপি দিয়াৰ বাবদ আশ্বৰ্য্যজনকভাৱে আঠ হাজাৰ টকা দাবী কৰে আৰু আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে পৰিয়ালটোক দুব্যৱহাৰ কৰি থানাৰ পৰা খেদি পঠায়। সম্প্ৰতি অ'চি আব্দুল জলিলৰ এনে নীতিবৰ্হিভূত কাণ্ড আৰু আচৰণৰ প্ৰতিবাদত মৃত জিতুল দাসৰ পৰিয়ালে গোলাঘাটৰ মূখ্য ন্যায়িক দণ্ডাধীষৰ আদালতত এক গোচৰ ৰুজু কৰিছে। আদালতে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ এক তদন্ত কৰি আদালতক নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিবলৈ গোলাঘাটৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে। 


  এতিয়া প্ৰশ্ন উঠিছে,

শাসনাধীন চৰকাৰে পোহ-পাল দি থকা এনে দুনীতি কাৰী আৰক্ষীৰ বাবে শুণ্য সহনশীল নীতি প্ৰজোয্য হবনে ? খাকী পোচাকত ডাগ লগোৱা গনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব নে ?

 আৰু 

 প্ৰকৃততে  ন্যায় পাবনে দুৰ্ভগীয়া পৰিয়ালটোৱে??


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...