Wednesday, 16 September 2020

Breaking news

 16 September, 2020


Golaghat Cultivateor


  গোলাঘাটৰ খুমটাইৰ বুৰালিকচনৰ পল্লৱ গগৈক  সম্ভাষন জনালে গোলাঘাটৰ উপায়ুক্তই


 গোলাঘাট ১৬  ছেপ্তেম্বৰ ২০২০ 

কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিৰ্দশন দেখুওৱা খুমটাইৰ বুৰালিকচনৰ পল্লব গগৈক বুধবাৰে আচম্বিতে সম্বাষন জনালে গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডিয়ে ৷ এজন সাংবাদিকৰ সহযোগত বুধবাৰে পল্লৱ গগৈ গোলাঘাটৰ সহকাৰী আয়ুক্ত পাপু গগৈৰ ওচৰত উপস্থিত হৈ কৃষি কৰ্মৰ বাবে কৃষিবিভাগৰ সাহায্য বিচাৰি আবেদন দিয়াত তেও সহায়ৰ আশ্বাস দিয়ে ৷ ইয়াৰ পিছতে পল্লবে উপায়ুক্ত বিভাসচন্দ্ৰ মোডীক সাক্ষাৎ কৰি তেওৰ বাৰিখন চাবৰ বাবে আমণ্তন জনোৱাৰ লগতে এন আৰ এলৰ জৰিয়তে কৃষিক্ষেত্ৰ উন্নয়ণৰ সাহায্য বিছৰাত উপায়ুক্তই সহায়ৰ আশ্বাস দি পল্লৱক হঠাতে এখন গামোচাৰে সম্ভাষণ জনায় 

ভবিষ্যত প্ৰজন্মৰ বাবে কেৱল আদৰ্শয়েই নহয় ; পল্লৱ গগৈয়ে কৰা অক্লান্ত শ্ৰমৰ বাবে প্ৰথমে গোলাঘাটৰ পূৰ্বৰ উপায়ুক্ত গৌৰব ব্ৰথাই শ্ৰেষ্ঠতম কৃষকৰ সন্মান জনোৱাৰ পিছত ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিলে তেওৰ সুন্দৰ বাৰিখনে ৷ উল্লেখ্য যে  খুমটাই বিধানসভা সমষ্টিৰ পল্লবে বিশবিঘা মাটি কিনি ২০১১ চনত কোনোধৰণৰ চৰকাৰি সহায় নোহোৱাকৈ  আৰম্ভণি কৰিছিল এখন ক্ষুদ্ৰ চাহ বাগিছা ৷ বাগিচাৰ মাজেমাজে ৰূপন কৰিছে চাচি পুলি ৷ পুৰঠ চাচিগছ বিক্ৰীকৰি পোৱা ২৫ হেজাৰ টকাৰে ১০ হেজাৰ জোপা উন্নতজাতৰ কলপুলি আৰু ১০ হেজাৰ জোপা ছাচি পুলিলিও ৰূপন কৰিলে ৷

 তামোল গছ প্ৰায় ৬ হেজাৰ ৷ এই খেতিৰ লগতে বাৰিখনত নাৰিকল ; মৌচুমি ; অমিতা ; কোমোৰা :জালুক  এটা ফিচাৰী আদিও

 আছে ৷ আছে উন্নত জাতৰ গাহৰি ৷  তেও চাহগছ ; কল আদিত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে ব্ৰয়লাৰ মুৰ্গীৰ বৃষ্ঠা ; গৰু ছাগলিৰ গোৱৰ আনি এক বিশেষ সাৰ প্ৰস্তুত কৰি বাৰিত দিয়ে ৷ প্ৰথম অৱস্থাত কোনেও উৎসাহিত কৰা নাছিল যুৱক জনক ৷ মাজতে অহা কালান্তৰ ধুমুহা বতাহে হেজাৰ হেজাৰ কলগছ ভাঙিলে ৷ দ’ম লাগিগল কুমলীয়া কলৰ ঠোকবোৰ ৷ গোলাঘাটৰ পৰা চৰকাৰি বিষয়া গৈ ক্ষয় ক্ষতিৰ বুজলৈ হিচাপ কৰি ক্ষতিপূৰণৰ আশ্বাসও দিলে কিন্তু পল্লৱে চৰকাৰৰ ফালৰ পৰা এটকাও নেপালে ৷ এই ঘটনাত পল্লবে মনতে বৰ দুখ পালে যদিও পুণৰ দুগুণ উৎসাহেৰে নিজৰ বাৰিখন আগতকৈ সুন্দৰ কৰি গড়ি তোলাত মন দিলে ৷ কষ্টৰ ফল সদায় মিঠা ৷ পল্লবৰ সুদিন আহিল৷ এতিয়া এই সমূহ খেতিৰ পৰা তেওৰ বাৰ্ষিক আয় ত্ৰিশ লাখ টকা ৷  কিছূদিনৰ আগতে পল্লবক কলখেতিৰ তামিননাডু ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ

 সন্মান দিয়ে ৷ বিগত জানুৱাৰী মাহত তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি অনুসন্ধান কৰি পল্লৱ গগৈক শ্ৰেষ্ঠতম কল খেতিয়ক হিচাপে নিৰ্বাচিত কৰে ৷ পল্লবে নিজৰ পৰিয়ালৰ লগতে ছয়টাকে পৰিয়ালক কৰ্মসংস্থাপনৰ দিছে ৷ সন্মান লাভকৰাৰ পিছত তেওঁৰ বাৰিত উপস্থিত হয়া গোলাঘাট জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰা ৷ বৰাই তেওক অভনন্দন জনোৱাৰ লগতে পায্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ৰাষ্ট্ৰীয় সন্মানেৰে তেও গোলাঘাট জিলা তথা খুমটাই সমষ্টিলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতো কোনো এজন জনপ্ৰতিনিধি পল্লৱৰ বাৰিখনলৈ যোৱা নাই ৷  ::  গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷


16 September, 2020Covid19 Assam and actions taken as on 15/09/2020.

16 September, 2020

Covid19 Assam and actions taken as on 15/09/2020.

Tuesday, 15 September 2020

Breaking news

 15 September, 2020


গোলাঘাট জিলাত ক’ভিড-১৯ ৰ আক্ৰান্তৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে যোৱা ২৪ ঘণ্টাত ৰেপিড টেষ্টৰ জৰিয়তে ১১৪ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷ এই পয্যন্ত মুঠ পজিটিভৰ সংখ্যা ৫২৯৯  গৰাকী ৷ ৪৫৭৩ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ এক্টিভৰোগীৰ সংখ্যা ৬৯৭ গৰাকী ৷ মঙলবাৰে ৰেপিড টেষ্টৰ জৰিয়তে ১১৪ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷  মঙ্গলবাৰে সন্ধিয়া জিলা প্ৰসাশনৰ হৈ এই তথ্য প্ৰকাশ কৰে জিলা তথ্যও জনসংযোগ বিষয়া পাপু গগৈয়ে ৷ ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷  NORTHEAST NEWS INDIA ১৫/৯/২০২০


Breaking news

 15 September, 2020


গোলাঘাটত বিভিন্ন ৰূপত পিনপিনাই ফুৰিছে চোৰ ৷


সাৱধান হওক গোলাঘাট চহৰবাসী ৷ এতিয়া চোৰে পিনপিনাই ফুৰিছে আপোনাৰ ঘৰৰ চৌপাশে ৷ কেতিয়াবা যদি ভঙাচিঙা টিং লোহা বিছৰা অজুহাতত আকৌ কেতিয়াবা পাচলি বেপাৰীৰ নামত চোৰ যায় গৃহস্থৰ ঘৰলৈ ৷ ইতিপূৰ্বে দিনত ভঙা সামগ্ৰী বিচাৰি ৰাতি চোৰকৰা কেইবাটাও গভাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে ধৰিলে পাচলি বেপাৰী চোৰক ৷ এইটো গভাইত বাইকচোৰ  অজয় সিং এও পাঁচজনীয়া চোৰৰ গেংৰ সহায়ত লকভাউনৰ সময়ত পাচলি বিক্ৰীৰ বাবে ঘৰে ঘৰে গৈ চোৰ কৰাৰ স্হান নিদ্ধাৰণ কৰি সংঘটিত কৰিছিল বাইক চুৰি ৷এইগেংটোৱে যোৰহাট আৰু গোলাঘাটত বাইক চুৰি কৰি ডিমাপুৰত বিক্ৰী কৰে ৷যোৱা ৯ ছেপ্তেম্বৰত গোলাঘাটৰ পাঁচআলিত চুৰিহোৱা বাইক এখনৰ অনুসন্ধানত আৰক্ষীয়ে কৰায়ত্ত কৰিছিল কুখ্যাত চোৰ অজয় সিংক ৷গোলাঘাটৰ ভাড়াঘৰত থাকি এও বাইক চুৰি কৰাৰ পিছত ধৰাপৰাত আৰক্ষীয়ে চোৰটোক লৈ বাইক উদ্ধাৰৰ বাবে ডিমাপুৰলৈও নিলে যদিও চোৰটোৱে আৰক্ষীকো বিপথে পৰিচালিত কৰিলে ৷ ওভতাৰ পথত চোৰটো থুৰামুখৰ ওচৰত পুলিচৰ গাড়ীৰ পৰা পলায়নৰো বিফল প্ৰচেষ্টা কৰিছিল ৷ গভাইচোৰ অজয় মাজেমধ্যে জেলৰও আলহী হয় ৷ জেলৰ পৰা ওলোৱাৰ পিছতেই পুণৰ আৰম্ভকৰে চৌয্যবৃত্তী ৷ ::::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ১৫ ছেপ্তেম্বৰ ২০২০ NORTHEAST NEWS INDIA


15 September, 2020Covid19 Assam and actions taken as on 14/09/2020.

15 September, 2020

Covid19 Assam and actions taken as on 14/09/2020.

Monday, 14 September 2020

Breaking news

 14 September, 2020


অৱশেষত পিঞ্জৰাবদ্ধ বনৰজা ৷



গোলাঘাটৰ আধাৰসত্ৰত ত্ৰাসৰ সৃষ্টিকাৰি এটা প্ৰকাণ্ড নাহৰফুটুকীবাঘ সোমবাৰে  আধাৰসত্ৰৰ নপমুৱা টাপুত পিঞ্জৰাবদ্ধ কৰা  হয় । এই বঘটোৱে দুবছৰ পূৰ্বৰে পৰা সন্ত্ৰাস চলাই আহিছিল । প্ৰায় ৩৫ গৰু ভক্ষণ কৰাৰ উপৰিও ছাগলী আদি পশুধন ভক্ষণ কৰি  কৃষকৰ মাজত আতংকৰ সৃষ্টি কৰিছিল  আধাৰসত্ৰৰ নপমুৱা টাপু অঞ্চলটো কৃষি প্ৰধান অঞ্চল। অতি দূৰ্গম অঞ্চলটোত অশেষ চেষ্টাৰ অন্তত বন বিভাগ আৰু স্থানীয় লোকৰ সহযোগত পিঞ্জৰাবদ্ধ কৰা হয়

 । :: কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া  গোলাঘাট ৷


Breaking news

 14 September, 2020


গোলাঘাট ১৪ ছেপ্তেম্বৰ ২০২০

সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ ভাইৰাছে গোলাঘাটৰ মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ পিছতো জনসাধাৰণে সতৰ্কতা অৱলম্বন কৰা নাই ৷

গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ ক’ৰুণা আক্ৰান্তহৈ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ আছে প্ৰাপ্ত তথ্যমতে দেওবাৰ পয্যন্ত যোৰহাট মেডিকেল কলেজত ২৯ : গোলাঘাটৰ ক’ভিড হস্পিটেলত ৮ ডিব্ৰুগড়ৰ মেডিকেল কলেজত ১ আৰু গুৱাহাটী মেডিকেলত ১গৰাকীৰ মৃত্যু হোৱাত ক’ভিড প্ৰতক’ল অনুযায়ী সৎকাৰ কৰা হৈছে ৷ ইয়াৰে ১৫ গৰাকী আৰম্ভণিৰেপৰাই ক’ভিড-১৯ৰ চিকিৎসা কৰি আছিল ৷ এই তথ্য গোলাঘাট জিলা প্ৰশাসনৰ ৷

জিলাখনত ক’ভিড-১৯ৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যা  দেওবাৰ পয্যন্ত ৩১ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয় ৷ ৰেপিড টেষ্ট আৰু আৰ টি পি চি আৰ যোগে এইসকলৰ ৰোগ চিনাক্ত কৰা হয় ৷ মুঠ এক্টিভ ৰোগীৰ

 সংখ্যা ৯২৪  গৰাকী হ’ল ৷  আৰু মুঠ আক্ৰান্তৰ সংখ্যা ৫০৭০লৈ বৃদ্ধি হ’ল  ৷ এই পয্যন্ত ৪৩৬১ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ ৷  সোমবাৰৰ তথ্য হ’ল মুঠ আক্ৰান্ত ৫১৮৫ গৰাকী ; পজিটিভ ৰোগী ১১৩ আৰু এক্টিভ ৬৮২ গৰাকী ৷ ইয়াৰে ৪৪৭৫ গৰাকী সুষ্ঠ ৰোগী ঘৰলৈ যাবলৈ দিয়া হয় ৷ এই সন্দৰ্ভত ক’ভিভ -১৯ ৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত পাপু গগৈয়ে এনেদৰে মন্তব্য কৰিলে ৷ Bite - পাপু গগৈ

Bite : সাধাৰণ লোক ৷

  ::  প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA ১৪ছেপ্তেম্বৰ

 গোলাঘাট ৷


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...