16 September, 2020
Golaghat Cultivateor
গোলাঘাটৰ খুমটাইৰ বুৰালিকচনৰ পল্লৱ গগৈক সম্ভাষন জনালে গোলাঘাটৰ উপায়ুক্তই
গোলাঘাট ১৬ ছেপ্তেম্বৰ ২০২০
কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিৰ্দশন দেখুওৱা খুমটাইৰ বুৰালিকচনৰ পল্লব গগৈক বুধবাৰে আচম্বিতে সম্বাষন জনালে গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডিয়ে ৷ এজন সাংবাদিকৰ সহযোগত বুধবাৰে পল্লৱ গগৈ গোলাঘাটৰ সহকাৰী আয়ুক্ত পাপু গগৈৰ ওচৰত উপস্থিত হৈ কৃষি কৰ্মৰ বাবে কৃষিবিভাগৰ সাহায্য বিচাৰি আবেদন দিয়াত তেও সহায়ৰ আশ্বাস দিয়ে ৷ ইয়াৰ পিছতে পল্লবে উপায়ুক্ত বিভাসচন্দ্ৰ মোডীক সাক্ষাৎ কৰি তেওৰ বাৰিখন চাবৰ বাবে আমণ্তন জনোৱাৰ লগতে এন আৰ এলৰ জৰিয়তে কৃষিক্ষেত্ৰ উন্নয়ণৰ সাহায্য বিছৰাত উপায়ুক্তই সহায়ৰ আশ্বাস দি পল্লৱক হঠাতে এখন গামোচাৰে সম্ভাষণ জনায়
ভবিষ্যত প্ৰজন্মৰ বাবে কেৱল আদৰ্শয়েই নহয় ; পল্লৱ গগৈয়ে কৰা অক্লান্ত শ্ৰমৰ বাবে প্ৰথমে গোলাঘাটৰ পূৰ্বৰ উপায়ুক্ত গৌৰব ব্ৰথাই শ্ৰেষ্ঠতম কৃষকৰ সন্মান জনোৱাৰ পিছত ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিলে তেওৰ সুন্দৰ বাৰিখনে ৷ উল্লেখ্য যে খুমটাই বিধানসভা সমষ্টিৰ পল্লবে বিশবিঘা মাটি কিনি ২০১১ চনত কোনোধৰণৰ চৰকাৰি সহায় নোহোৱাকৈ আৰম্ভণি কৰিছিল এখন ক্ষুদ্ৰ চাহ বাগিছা ৷ বাগিচাৰ মাজেমাজে ৰূপন কৰিছে চাচি পুলি ৷ পুৰঠ চাচিগছ বিক্ৰীকৰি পোৱা ২৫ হেজাৰ টকাৰে ১০ হেজাৰ জোপা উন্নতজাতৰ কলপুলি আৰু ১০ হেজাৰ জোপা ছাচি পুলিলিও ৰূপন কৰিলে ৷
তামোল গছ প্ৰায় ৬ হেজাৰ ৷ এই খেতিৰ লগতে বাৰিখনত নাৰিকল ; মৌচুমি ; অমিতা ; কোমোৰা :জালুক এটা ফিচাৰী আদিও
আছে ৷ আছে উন্নত জাতৰ গাহৰি ৷ তেও চাহগছ ; কল আদিত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে ব্ৰয়লাৰ মুৰ্গীৰ বৃষ্ঠা ; গৰু ছাগলিৰ গোৱৰ আনি এক বিশেষ সাৰ প্ৰস্তুত কৰি বাৰিত দিয়ে ৷ প্ৰথম অৱস্থাত কোনেও উৎসাহিত কৰা নাছিল যুৱক জনক ৷ মাজতে অহা কালান্তৰ ধুমুহা বতাহে হেজাৰ হেজাৰ কলগছ ভাঙিলে ৷ দ’ম লাগিগল কুমলীয়া কলৰ ঠোকবোৰ ৷ গোলাঘাটৰ পৰা চৰকাৰি বিষয়া গৈ ক্ষয় ক্ষতিৰ বুজলৈ হিচাপ কৰি ক্ষতিপূৰণৰ আশ্বাসও দিলে কিন্তু পল্লৱে চৰকাৰৰ ফালৰ পৰা এটকাও নেপালে ৷ এই ঘটনাত পল্লবে মনতে বৰ দুখ পালে যদিও পুণৰ দুগুণ উৎসাহেৰে নিজৰ বাৰিখন আগতকৈ সুন্দৰ কৰি গড়ি তোলাত মন দিলে ৷ কষ্টৰ ফল সদায় মিঠা ৷ পল্লবৰ সুদিন আহিল৷ এতিয়া এই সমূহ খেতিৰ পৰা তেওৰ বাৰ্ষিক আয় ত্ৰিশ লাখ টকা ৷ কিছূদিনৰ আগতে পল্লবক কলখেতিৰ তামিননাডু ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ
সন্মান দিয়ে ৷ বিগত জানুৱাৰী মাহত তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰই সমগ্ৰ ভাৰতবৰ্ষৰ জুৰি অনুসন্ধান কৰি পল্লৱ গগৈক শ্ৰেষ্ঠতম কল খেতিয়ক হিচাপে নিৰ্বাচিত কৰে ৷ পল্লবে নিজৰ পৰিয়ালৰ লগতে ছয়টাকে পৰিয়ালক কৰ্মসংস্থাপনৰ দিছে ৷ সন্মান লাভকৰাৰ পিছত তেওঁৰ বাৰিত উপস্থিত হয়া গোলাঘাট জিলা কৃষিবিষয়া নবীন চন্দ্ৰ বৰা ৷ বৰাই তেওক অভনন্দন জনোৱাৰ লগতে পায্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ৰাষ্ট্ৰীয় সন্মানেৰে তেও গোলাঘাট জিলা তথা খুমটাই সমষ্টিলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতো কোনো এজন জনপ্ৰতিনিধি পল্লৱৰ বাৰিখনলৈ যোৱা নাই ৷ :: গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
No comments:
Post a Comment
Welcome Northeast News India