Tuesday, 15 September 2020

Breaking news

 15 September, 2020


গোলাঘাটত বিভিন্ন ৰূপত পিনপিনাই ফুৰিছে চোৰ ৷


সাৱধান হওক গোলাঘাট চহৰবাসী ৷ এতিয়া চোৰে পিনপিনাই ফুৰিছে আপোনাৰ ঘৰৰ চৌপাশে ৷ কেতিয়াবা যদি ভঙাচিঙা টিং লোহা বিছৰা অজুহাতত আকৌ কেতিয়াবা পাচলি বেপাৰীৰ নামত চোৰ যায় গৃহস্থৰ ঘৰলৈ ৷ ইতিপূৰ্বে দিনত ভঙা সামগ্ৰী বিচাৰি ৰাতি চোৰকৰা কেইবাটাও গভাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে ধৰিলে পাচলি বেপাৰী চোৰক ৷ এইটো গভাইত বাইকচোৰ  অজয় সিং এও পাঁচজনীয়া চোৰৰ গেংৰ সহায়ত লকভাউনৰ সময়ত পাচলি বিক্ৰীৰ বাবে ঘৰে ঘৰে গৈ চোৰ কৰাৰ স্হান নিদ্ধাৰণ কৰি সংঘটিত কৰিছিল বাইক চুৰি ৷এইগেংটোৱে যোৰহাট আৰু গোলাঘাটত বাইক চুৰি কৰি ডিমাপুৰত বিক্ৰী কৰে ৷যোৱা ৯ ছেপ্তেম্বৰত গোলাঘাটৰ পাঁচআলিত চুৰিহোৱা বাইক এখনৰ অনুসন্ধানত আৰক্ষীয়ে কৰায়ত্ত কৰিছিল কুখ্যাত চোৰ অজয় সিংক ৷গোলাঘাটৰ ভাড়াঘৰত থাকি এও বাইক চুৰি কৰাৰ পিছত ধৰাপৰাত আৰক্ষীয়ে চোৰটোক লৈ বাইক উদ্ধাৰৰ বাবে ডিমাপুৰলৈও নিলে যদিও চোৰটোৱে আৰক্ষীকো বিপথে পৰিচালিত কৰিলে ৷ ওভতাৰ পথত চোৰটো থুৰামুখৰ ওচৰত পুলিচৰ গাড়ীৰ পৰা পলায়নৰো বিফল প্ৰচেষ্টা কৰিছিল ৷ গভাইচোৰ অজয় মাজেমধ্যে জেলৰও আলহী হয় ৷ জেলৰ পৰা ওলোৱাৰ পিছতেই পুণৰ আৰম্ভকৰে চৌয্যবৃত্তী ৷ ::::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ১৫ ছেপ্তেম্বৰ ২০২০ NORTHEAST NEWS INDIA


No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিৰ ধ্বংস সমাগত

মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...