Wednesday, 1 July 2020
1 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আজি সন্ধিয়া গুৱাহাটী মহানগৰীৰ জুৰোড তিনিআলিত লক্-ডাউনৰ সময়ছোৱাত নিষ্ঠা সহকাৰে দায়ৱদ্ধতাৰে কৰ্তব্য পালন কৰি থকা যান-বাহন আৰক্ষী আৰু কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁলোকে সম্পাদন কৰা কাম-কাজৰ বুজ লোৱাৰ লগতে তেওঁলোকক অধিক দায়বদ্ধতাৰে কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায়।
1 July, 2020 Celebration of National Doctors Day 1st July 2020 চিকিৎসকসকলে আগবঢ়োৱা সেৱা মহৎ সেৱা হিচাপে গণ্য কৰা হয়। বৰ্তমান পৰিস্থিতিত দিন-ৰাতি একাকাৰ কৰি ক'ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধা হিচাপে যুঁজ দি থকা চিকিৎসক সমাজলৈ 'চিকিৎসক দিৱস'ত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন জনাইছো। NORTHEAST NEWS INDIA National Doctors Day, salute to all the doctors.
1 July, 2020 আজিৰে পৰা এসপ্তাহৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে বন মহোৎসৱ। প্ৰতিবছৰে জুলাই মাহত দেশজুৰি গছপুলি ৰোপণৰ কাৰ্যসূচী পালন কৰা হয়। এক সেউজীয়া ধৰা গঢ়াৰ ক্ষেত্ৰত এই প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এসপ্তাহজোৰা 'বন মহোৎসৱ' হ'ল আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰতাৰ বিশালতা ৰক্ষা কৰাৰ এক প্ৰয়াস। অধিক গছপুলি ৰোপণৰ লগতে ইয়াক যত্নেৰে লালন-পালন আৰু সুৰক্ষিত কৰি এখন প্ৰদূষণমুক্ত তথা সেউজ অসম গঢ়াৰ ক্ষেত্ৰত আমি নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি যাব লাগিব৷ আহক আমি প্ৰকৃতি ৰক্ষা কৰাৰ দিশত অগ্ৰসৰ হওঁ।
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...