Sunday, 7 June 2020
7 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে Assam Startup- The Nestত উপস্থিত হৈ "উদ্যম অসম ২০২০" অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু "Udyam- Youth Entrepreneurship Programme"ৰ শুভাৰম্ভ কৰে। লগতে, তেখেতে "Assam Startup Trailblazers" শীৰ্ষক এখন কফি টেবুল বুক উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে "অসম ষ্টাৰ্টআপ প'লিচী, ২০১৭"ৰ অধীনত ৩১টা ষ্টাৰ্টআপক ৫ লাখৰপৰা ৫০ লাখ টকা পৰ্যন্ত অনুমোদন ৰাশিৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰে। ষ্টাৰ্টআপ অসম, অসম চৰকাৰ আৰু TiE India & Sangam Venturesৰ মাজত বুজাবুজি চুক্তিৰ আদান-প্ৰদানো তেখেতে তদাৰক কৰে। একেটা অনুষ্ঠানতে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক প্ৰদৰ্শনীত উপস্থিত হৈ নতুনকৈ উঠি অহা Startup সমূহৰ বিভিন্ন উৎপাদিত সামগ্ৰী পৰ্যবেক্ষণ কৰে। তদুপৰি, Startup সমূহৰ প্ৰতিষ্ঠাপকসকলৰ সৈতে মত বিনিময় কৰি তেখেতে এই সম্পৰ্কীয় প্ৰেজেনটেচনৰ পৰ্যালোচনা কৰে। ডিজিটেল ইণ্ডিয়াই হওক বা মেক্ ইন্ ইণ্ডিয়াই হওক, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী পদক্ষেপে যুৱপ্ৰজন্মৰ নেতৃত্বত দেশৰ উন্নয়নৰ গতি সম্ভৱপৰ কৰি তুলিছে। মোৰ দৃঢ় বিশ্বাস- অসম ষ্টাৰ্টআপে 'আত্মনির্ভৰ ভাৰত' অভিযানক প্ৰতিফলিত কৰি আমাৰ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব : মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। প্ৰযুক্তিবিদ্যাৰে পৰিচালিত আজিৰ সমাজত উদ্ভাৱনী শক্তিৰ অগ্ৰণী ভূমিকা আছে। বিশ্বৰ বিভিন্ন বজাৰত সমাদৰ লাভ কৰিব পৰাকৈ আমাৰ থলুৱা সামগ্ৰীসমূহৰ সৈতে উদ্ভাৱনী চিন্তাৰ সংযোগ ঘটাবলৈ যুৱপ্ৰজন্মক মই আহ্বান জনাইছোঁ : মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আমাৰ যুৱপ্ৰজন্মৰ লগতে ৰাজ্যৰ বিভিন্ন ষ্টাৰ্টআপসমূহক শক্তিশালী কৰাৰ দিশত আৰম্ভণিৰেপৰাই কাম কৰি অহা "Startup Assam"-এ ১,৭০০ প্ৰত্যক্ষ আৰু ৪০,০০০ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত সবল ভূমিকা লোৱাৰ বাবে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ : মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে।
Saturday, 6 June 2020
6 May, 2020 আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰিলে গোলাঘাট চেক্ৰেট হাৰ্ট স্কুলৰ ছাত্ৰী হৰিদ্ৰা বৰাই ৷ গোলাঘাটৰ বেঙেনাখোৱাৰ ৰুবুল বৰা আৰুমধুস্মৃতা শইকীয়া বৰাৰ জিয়াৰী হৰিদ্ৰাই ভবিষ্যতে পৰিবেশ বিজ্ঞান অধ্যয়ন কৰি প্ৰকৃতিৰ বাবে কামকৰাৰ মন মেলিছে ৷ গোলাঘাটৰ নতুন আমোলাপট্টিৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা মহেন্দ্ৰ ভড়ালী আৰু জয়া নেওগৰ কণ্যা নিহাৰিকা ভড়ালী উজ্জ্বলিল নৱম স্থানেৰে ৷ তেও গোলাঘাট জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্ত্তীন হৈ ৫৮৫ ( ৯৭. ৫%)নম্বৰ লাভকৰি নৱম স্থান দখল কৰে ৷ নিহাৰিকাই ভৱিষ্যতে চিকিৎসা বিজ্ঞান পঢ়াৰ আশা কৰিছে ৷ জিলাখনৰ দেৰগাঁৱৰ কাকডোঙাৰ ৰাজদ্বীপ বৰুৱাই কাকডোঙাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা পৰীক্ষাত অৱৰ্ত্তীন হৈ নৱম স্থান দখল কৰে ৷ৰাজদ্বীপ নিত্যানন্দ বৰুৱা আৰু মীৰা বৰুৱা সু সন্তান ৷ হৰিদ্ৰা; নিহাৰিকা আৰু ৰাজদ্বীপৰ এনে সাফল্যই গোলাঘাট জিলা বাসীলৈ আনন্দৰ জোৱাৰ নমাই আনিছে ৷ প্ৰকাশ শৰ্মা গোলাঘাট
6 Jun, 2020 NORTHEAST NEWS INDIA তৰফৰ পৰা শীৰ্ষ স্থান লাভ কৰা সকললৈ আন্তৰিকতাৰে অভিনন্দন জনালোঁ । 🌏 ৰাজ্যৰ ভিতৰতে শীৰ্ষ ১০ স্থান দখল কৰাসকল - 🌍 প্ৰথম স্থান : ধৃতিৰাজ বাস্তৱ কলিতা (৫৯৫), পদুম পুখুৰী হাইস্কুল, দৰং 🌏 দ্বিতীয় স্থান : অলংকৃতা গৌতম বৰুৱা (৫৯৪), ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড় 🌏 তৃতীয় স্থান : দেবিস্মা প্ৰিয়া বৰা (৫৯১), জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ, লখিমপুৰ জ্যোতিস্মান দেৱ শৰ্মা (৫৯১), শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগ, নলবাৰী চাকি জি বাল্টন (৫৯১), ছেইণ্ট মেৰিজ এইচ এছ স্কুল, গুৱাহাটী 🌏 চতুৰ্থ স্থান : নমস্য ডেকা (৫৯০), লিটিল ফ্লাৱাৰ স্কুল, নলবাৰী হিয়াশ্ৰী শৰ্মা (৫৯০), দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় 🌍 পঞ্চম স্থান : মানস উত্তম নেওগ (৫৮৯), নীলমণি আদৰ্শ জাতীয় বিদ্যালয়, ডিব্ৰুগড় অংকুৰজ্যোতি বেজবৰুৱা (৫৮৯), উদয়ন শান্তি নিকেতন, বেজেৰা হীৰকজ্যোতি বৈশ্য (৫৮৯), কৰিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল, নলবাৰী 🌍 ষষ্ঠ স্থান : হৰ্ষ বৰ্ধন মহেশ্বৰী (৫৮৮), মাৰিয়া হাইস্কুল, বৰপেটা হৰিদ্ৰা বৰা (৫৮৮), ছেক্ৰেট হাৰ্ট হাইস্কুল, গোলাঘাট ৰণোজজ্যোতি বৰুৱা (৫৮৮), জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ, লখিমপুৰ হিমাশ্ৰী বৰুৱা (৫৮৮), ফুলেশ্বৰী গাৰ্লছ এইচ এছ স্কুল, শিৱসাগৰ 🌏 সপ্তম স্থান : অভিলাষা দত্ত (৫৮৭), ছেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ ঝলক জালান (৫৮৭), ছেইণ্ট এণ্টনীজ ইংলিছ স্কুল, নগাঁও 🌏 অষ্টম স্থান : আনিশা ৰয় (৫৮৬), হলী ক্ৰছ এইচ এছ স্কুল, কাছাৰ নিখিলেশ দত্ত (৫৮৬), শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, কামৰূপ ছিমৰন বৰা (৫৮৬), ব্ৰুকফিল্ড স্কুল, লখিমপুৰ অন্তৰীক্ষ হাজৰিকা (৫৮৬), নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ অন্বেষা চাংকাকতি (৫৮৬), ডনবস্কো হাইস্কুল, ডুমডুমা 🌍 নৱম স্থান : ভৃগু মোহন কুমাৰ (৫৮৫), শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং ৰাজদীপ বৰুৱা (৫৮৫) শংকৰদেৱ শিশু নিকেতন, কাকডোঙা, গোলাঘাট নিহাৰিকা ভৰালী (৫৮৫), গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট শিল্পী শিখা ডেকা (৫৮৫), পলাশতল কাচমাৰী হাইস্কুল, নগাঁও মাছুম মেহতাব (৫৮৫), শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী ইমন বৈশ্য (৫৮৫), শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী অভিনৱ গগৈ (৫৮৫), ছেইণ্ট যোছেফ হাইস্কুল, মৰাণহাট, শিৱসাগৰ অবিনাশ কেওট (৫৮৫), ছেইণ্ট ষ্টিফেন্ছ হাইস্কুল, তিনিচুকীয়া অনন্যা মেধি (৫৮৫), অসম জাতীয় বিদ্যালয়, নুনমাটি নীৰজ খেতান (৫৮৫), হেপী চাইল্ড হাইস্কুল, গুৱাহাটী 🌎 দশম স্থান : পূজা বেনাৰ্জী (৫৮৪), শংকৰদেৱ শিশু নিকেতন, বহৰি, বৰপেটা প্ৰেৰণা ডেকা (৫৮৪), বঙাইগাঁও এইচ এছ স্কুল, বঙাইগাঁও পাৰছা তাজনিম বৰভূঞা (৫৮৪), শিলচৰ কলেজিয়েট স্কুল, কাছাৰ আনন্দিতা কোঁৱৰ (৫৮৪), ছেইণ্ট জেভিয়াৰ্ছ স্কুল, মানকটা, ডিব্ৰুগড় ভাৰ্গৱজ্যোতি দাস (৫৮৪), শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, কামৰূপ অলিন্দিতা কলিতা (৫৮৪), ক্লিৰদাপ শংকৰদেৱ শিশু নিকেতন, ডিফু ডিৱিজ বিকাশ (৫৮৪), ছেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ অংকিতা দে (৫৮৪), গুড সমৰিতান ইংলিছ হাইস্কুল, নগাঁও ঋত্বিক কুমাৰ সুত (৫৮৪), প্ৰাঞ্জল মেম’ৰিয়েল একাডেমী, নগাঁও শশাংক হালৈ (৫৮৪) আনন্দ বিদ্যা নিকেতন, নলবাৰী মিছবাহউল কৰিম (৫৮৪), লিটিল ষ্টাৰ স্কুল, চাৰিআলিত, শোণিতপুৰ
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...