Saturday, 6 June 2020
6 May, 2020 আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰিলে গোলাঘাট চেক্ৰেট হাৰ্ট স্কুলৰ ছাত্ৰী হৰিদ্ৰা বৰাই ৷ গোলাঘাটৰ বেঙেনাখোৱাৰ ৰুবুল বৰা আৰুমধুস্মৃতা শইকীয়া বৰাৰ জিয়াৰী হৰিদ্ৰাই ভবিষ্যতে পৰিবেশ বিজ্ঞান অধ্যয়ন কৰি প্ৰকৃতিৰ বাবে কামকৰাৰ মন মেলিছে ৷ গোলাঘাটৰ নতুন আমোলাপট্টিৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা মহেন্দ্ৰ ভড়ালী আৰু জয়া নেওগৰ কণ্যা নিহাৰিকা ভড়ালী উজ্জ্বলিল নৱম স্থানেৰে ৷ তেও গোলাঘাট জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্ত্তীন হৈ ৫৮৫ ( ৯৭. ৫%)নম্বৰ লাভকৰি নৱম স্থান দখল কৰে ৷ নিহাৰিকাই ভৱিষ্যতে চিকিৎসা বিজ্ঞান পঢ়াৰ আশা কৰিছে ৷ জিলাখনৰ দেৰগাঁৱৰ কাকডোঙাৰ ৰাজদ্বীপ বৰুৱাই কাকডোঙাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা পৰীক্ষাত অৱৰ্ত্তীন হৈ নৱম স্থান দখল কৰে ৷ৰাজদ্বীপ নিত্যানন্দ বৰুৱা আৰু মীৰা বৰুৱা সু সন্তান ৷ হৰিদ্ৰা; নিহাৰিকা আৰু ৰাজদ্বীপৰ এনে সাফল্যই গোলাঘাট জিলা বাসীলৈ আনন্দৰ জোৱাৰ নমাই আনিছে ৷ প্ৰকাশ শৰ্মা গোলাঘাট
Subscribe to:
Post Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
No comments:
Post a Comment
Welcome Northeast News India