Sunday, 7 June 2020
7 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে Assam Startup- The Nestত উপস্থিত হৈ "উদ্যম অসম ২০২০" অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু "Udyam- Youth Entrepreneurship Programme"ৰ শুভাৰম্ভ কৰে। লগতে, তেখেতে "Assam Startup Trailblazers" শীৰ্ষক এখন কফি টেবুল বুক উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে "অসম ষ্টাৰ্টআপ প'লিচী, ২০১৭"ৰ অধীনত ৩১টা ষ্টাৰ্টআপক ৫ লাখৰপৰা ৫০ লাখ টকা পৰ্যন্ত অনুমোদন ৰাশিৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰে। ষ্টাৰ্টআপ অসম, অসম চৰকাৰ আৰু TiE India & Sangam Venturesৰ মাজত বুজাবুজি চুক্তিৰ আদান-প্ৰদানো তেখেতে তদাৰক কৰে। একেটা অনুষ্ঠানতে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক প্ৰদৰ্শনীত উপস্থিত হৈ নতুনকৈ উঠি অহা Startup সমূহৰ বিভিন্ন উৎপাদিত সামগ্ৰী পৰ্যবেক্ষণ কৰে। তদুপৰি, Startup সমূহৰ প্ৰতিষ্ঠাপকসকলৰ সৈতে মত বিনিময় কৰি তেখেতে এই সম্পৰ্কীয় প্ৰেজেনটেচনৰ পৰ্যালোচনা কৰে। ডিজিটেল ইণ্ডিয়াই হওক বা মেক্ ইন্ ইণ্ডিয়াই হওক, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী পদক্ষেপে যুৱপ্ৰজন্মৰ নেতৃত্বত দেশৰ উন্নয়নৰ গতি সম্ভৱপৰ কৰি তুলিছে। মোৰ দৃঢ় বিশ্বাস- অসম ষ্টাৰ্টআপে 'আত্মনির্ভৰ ভাৰত' অভিযানক প্ৰতিফলিত কৰি আমাৰ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব : মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। প্ৰযুক্তিবিদ্যাৰে পৰিচালিত আজিৰ সমাজত উদ্ভাৱনী শক্তিৰ অগ্ৰণী ভূমিকা আছে। বিশ্বৰ বিভিন্ন বজাৰত সমাদৰ লাভ কৰিব পৰাকৈ আমাৰ থলুৱা সামগ্ৰীসমূহৰ সৈতে উদ্ভাৱনী চিন্তাৰ সংযোগ ঘটাবলৈ যুৱপ্ৰজন্মক মই আহ্বান জনাইছোঁ : মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আমাৰ যুৱপ্ৰজন্মৰ লগতে ৰাজ্যৰ বিভিন্ন ষ্টাৰ্টআপসমূহক শক্তিশালী কৰাৰ দিশত আৰম্ভণিৰেপৰাই কাম কৰি অহা "Startup Assam"-এ ১,৭০০ প্ৰত্যক্ষ আৰু ৪০,০০০ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত সবল ভূমিকা লোৱাৰ বাবে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ : মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে।
Subscribe to:
Post Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...







No comments:
Post a Comment
Welcome Northeast News India