Tuesday, 5 May 2020

5 May, 2020

 সমগ্ৰ ৰাজ্যত লকডাউনৰ সময়ছোৱাত চৰকাৰৰ নীতি-নিৰ্দেশনা অনুযায়ী সমগ্ৰ অসমত সুচাৰুৰূপে বিনামূলীয়া পৰিবহণ সেৱা আগবঢ়াই ৰাইজৰ সেৱাত নিষ্ঠাৰে কাম কৰি আছে পৰিবহণ বিভাগ, স্বাস্থ্য বিভাগ আৰু অসম আৰক্ষীয়ে।"- এই সম্পৰ্কীয় সকলো দিশ পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে।

যোৱা ২৫ এপ্ৰিলৰপৰা ২ মে'লৈ ৩২,৪৪৪ গৰাকী লোকে অসম চৰকাৰে আগবঢ়োৱা পৰিবহণ সেৱাৰ সুবিধা লাভ কৰিছে আৰু এই প্ৰক্ৰিয়াত ব্যৱহৃত হৈছে ২,০৯০ খন বাছ।

তদুপৰি, যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে স্বাস্থ্যকৰ্মীসকলৰদ্বাৰা সঠিক ছেনিটাইজেচন, স্বাস্থ্য পৰীক্ষা ইত্যাদি সম্পন্ন কৰা হৈছে।

✅ কালি অৰ্থাৎ ৪ মে'ৰপৰা আন্তঃজিলা আৰু জিলাৰ ভিতৰৰ যাতায়াতৰ বাবে ৰাজ্য চৰকাৰে ২১৪ খন বাছৰ চলাচল আৰম্ভ কৰিছে।

✅ কালিৰপৰাই গুৱাহাটীত ২০০ খন চিটী বাছৰ চলাচল আৰম্ভ হৈছে।

✅ জৰুৰীকালীন সেৱাৰ বাবে পৰিবহণ বিভাগে ২১১ খন বাছ আগবঢ়াইছে।

✅ লকডাউনৰ কালছোৱাত অসমত প্ৰৱেশ কৰিছে ৪৫২টা ৰে'লৱে ৰেক‌

✅ লগতে, প্ৰৱেশ কৰিছে ৪৪,৭৩২ খন মালবাহী ট্ৰাক।

✅ ৰে'লৱে য়াৰ্ডৰপৰা ৫৩,১১৮ খন ট্ৰাকযোগে অসমৰ বিভিন্ন স্থানলৈ সামগ্ৰী সৰবৰাহ কৰা হৈছে।

✅ এল পি জি ট্ৰাকৰ চলাচলৰ ক্ষেত্ৰত সকলো সহায় আগবঢ়োৱা হৈছে।
5 May, 2020

তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ অৰ্থনৈতিক কাম-কাজসমূহ পুনৰ আৰম্ভ কৰাৰ বাবে  কিছু শিথিলতা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে "আছাম চেম্বাৰ অৱ কমাৰ্চ"ৰ জিলা সভাপতিসকলৰ লগত ভিডিঅ' কনফাৰেন্সযোগে মত বিনিময় কৰে আৰু অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ দিশত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
5 May, 2020

অসমৰ  ব্যৱসায়িক খণ্ডৰ কাৰণে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
5 May, 2020

ক'ভিড-১৯ সংক্রমণৰ প্ৰভাৱৰ  পৰিপ্ৰেক্ষিতত জি ৩য় প্ৰজায়ৰ লক ডাউন সমগ্ৰ দেশতে চলি থকা সময়ত, আজি দ্বিতীয় দিনা গোলাঘাটত সম্পূর্ণ চৰকাৰী যি  নীতি ও নিয়ম বান্ধি দিছে সেই অনুসৰি জনসাধাৰণে পালন কৰা দেখিব পোৱা গৈছে।
4 May, 2020

আজি কামৰূপৰ ৰাণীস্থিত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধীনৰ আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ অন্তৰ্গত গাহৰি পাম, Nucleus Pig Breeding Unit আৰু দুগ্ধ উৎপাদন গোট পৰিদর্শন কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ সৈতে মাননীয় কৃষি মন্ত্রী শ্ৰী যুত অতুল বৰা । মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পশু চিকিৎসা বিশেষজ্ঞ আৰু পশুচিকিৎসকৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। ৰাজ্যৰ কিছুসংখ্যক জিলাত ভয়াৱহতাৰ ৰূপ লোৱা "আফ্ৰিকান ছোৱাইন ফিভাৰ"ৰ কবলৰ পৰা গাহৰিবিলাকক ৰক্ষা কৰা আৰু জৈৱ নিৰাপত্তা প্ৰণালীৰ জৰিয়তে কিদৰে নিৰাপত্তা সুনিশ্চিত কৰিব পৰা যায় সেইবিষয়ে বিষদভাৱে আলোচনা কৰে। উক্ত অনুষ্ঠানত বিধায়ক শ্ৰীযুত বিমল বৰা আৰু অসম পশুধন নিগমৰ অধ্যক্ষ শ্ৰীযুত মনোজ শইকীয়া ও উপস্থিত থাকে।

Monday, 4 May 2020

02 May, 2020

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ক'ভিড-১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতি তথা ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কে সংবাদ মাধ্যমৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে এই বৈঠকৰ আয়োজন কৰা হয়।

বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- এই জটিল সময়ত জৰুৰীকালীন সেৱাৰ লগতে অত্যাৱশ্যকীয় সেৱাসমূহ নিৰৱচ্ছিন্নভাৱে আগবঢ়াই থকা হৈছে। স্বাস্থ্য বিভাগ, আৰক্ষী, পৰিবহণ, জনস্বাস্থ্য, শক্তি বিভাগকে ধৰি সকলো বিভাগে 'টীম অসম' মানসিকতাৰে কাম কৰি জনসাধাৰণক সেৱা আগবঢ়াই গৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ক'ৰোণা ভাইৰাছে সৃষ্টি কৰা জটিল সন্ধিক্ষণত জনসাধাৰণক সজাগ-সচেতন কৰাৰ বাবে সংবাদ মাধ্যমে লোৱা পদক্ষেপৰ মুখ্যমন্ত্ৰীয়ে শলাগ লয়।

যিকোনো তথ্যৰ সত্যতা নিৰূপণ নকৰাকৈ বাতৰি পৰিৱেশন কৰিলে ক'ৰোণা প্ৰতিৰোধী যুঁজখনৰ লগত জড়িত প্ৰতিগৰাকী সৈনিকৰ মনোবল হ্ৰাস পোৱাৰ লগতে সমাজত আতংকৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে বুলি কয় মুখ্যমন্ত্ৰীয়ে।

ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ উপৰিও লক্-ডাউনৰ সময়ছোৱাত ৰাজ্যখনৰ ডেৰ লাখ আত্ম-সহায়ক গোটে কেইবা লাখো মাস্ক প্ৰস্তুত কৰি উলিয়াইছে আৰু এয়া এক ইতিবাচক দিশ বুলি কয় মুখ্যমন্ত্ৰীয়ে।

বৈঠকত সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকসকলে আগবঢ়োৱা পৰামৰ্শসমূহৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনায়।
4 May, 2020

বঙাইগাঁওত আজি মাননীয়  ডঃ হিমন্তবিশ্ব শৰ্মা , সতীৰ্থ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ উপস্থিতিত বঙাইগাঁও ভ্ৰমণ কৰি অঞ্চলটোত কোভিড-১৯ৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ লগতে সংক্ৰমিত অঞ্চলৰ  বুজ লয় ৷ ইয়াৰ উপৰি সংক্ৰমিত ব্যক্তিক আছুতীয়াকৈ ৰখাৰ বাবে অসামৰিক চিকিৎসালয়ত স্থাপিত পৃথকীকৰণ কেন্দ্ৰৰ কাম-কাজো পৰিদৰ্শন কৰে ৷ কোভিড-১৯ সংক্ৰমিত ৫ গৰাকী ৰোগীক যথাম্ভৱ উন্নত সেৱা প্ৰদান কৰিবলৈ তেখেতে জিলা প্ৰশাসনক পৰামৰ্শ প্ৰদান কৰে  ৷


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...