Monday, 4 May 2020

02 May, 2020

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ক'ভিড-১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতি তথা ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কে সংবাদ মাধ্যমৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে এই বৈঠকৰ আয়োজন কৰা হয়।

বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- এই জটিল সময়ত জৰুৰীকালীন সেৱাৰ লগতে অত্যাৱশ্যকীয় সেৱাসমূহ নিৰৱচ্ছিন্নভাৱে আগবঢ়াই থকা হৈছে। স্বাস্থ্য বিভাগ, আৰক্ষী, পৰিবহণ, জনস্বাস্থ্য, শক্তি বিভাগকে ধৰি সকলো বিভাগে 'টীম অসম' মানসিকতাৰে কাম কৰি জনসাধাৰণক সেৱা আগবঢ়াই গৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ক'ৰোণা ভাইৰাছে সৃষ্টি কৰা জটিল সন্ধিক্ষণত জনসাধাৰণক সজাগ-সচেতন কৰাৰ বাবে সংবাদ মাধ্যমে লোৱা পদক্ষেপৰ মুখ্যমন্ত্ৰীয়ে শলাগ লয়।

যিকোনো তথ্যৰ সত্যতা নিৰূপণ নকৰাকৈ বাতৰি পৰিৱেশন কৰিলে ক'ৰোণা প্ৰতিৰোধী যুঁজখনৰ লগত জড়িত প্ৰতিগৰাকী সৈনিকৰ মনোবল হ্ৰাস পোৱাৰ লগতে সমাজত আতংকৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে বুলি কয় মুখ্যমন্ত্ৰীয়ে।

ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ উপৰিও লক্-ডাউনৰ সময়ছোৱাত ৰাজ্যখনৰ ডেৰ লাখ আত্ম-সহায়ক গোটে কেইবা লাখো মাস্ক প্ৰস্তুত কৰি উলিয়াইছে আৰু এয়া এক ইতিবাচক দিশ বুলি কয় মুখ্যমন্ত্ৰীয়ে।

বৈঠকত সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকসকলে আগবঢ়োৱা পৰামৰ্শসমূহৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনায়।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...