Friday, 10 November 2023

*গোলাঘাট চহৰত সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী আৰম্ভ*

গোলাঘাট
১০/১১/২০২৩


 *গোলাঘাট চহৰত সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী আৰম্ভ* 

              আজি ইংৰাজী ১০/১১/২০২৩ তাৰিখে সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী আৰম্ভ হয়৷ পঞ্চায়ত আৰু পৌৰসভা পৰ্য্যায়ত অনুষ্ঠিত হোৱা এই সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা সমূহ আজি গোলাঘাটৰ কেইবাখনো পৌৰসভা আৰু উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত এলেকা সমূহত উদ্ধোধন কৰা হয়৷ 

              গোলাঘাট চহৰত গোলাঘাট পৌৰসভাৰ দ্বাৰা আয়োজিত সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী চহৰৰ এনাজৰী বিবাহ ভৱনত শুভ উদ্ধোধন কৰে বোলছবি পৰিচালক, নাট্যকাৰ, গীতিকাৰ , শিক্ষাবিদ দিনেশ গগৈয়ে৷ প্ৰায় ১০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা আজিৰ প্ৰতিযোগিতাত গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী দুলুমনি বৰবৰা, উপ সভাপতি সীমান্ত বৰা,  কাৰ্যবাহী বিষয়া ঋষিকেশ বৰুৱাকে ধৰি গোলাঘাট পৌৰসভাৰ পৌৰসদস্য, অনান্য বিষয়া- কৰ্মচাৰী, চহৰৰ গণ্য মান্য ব্যক্তি আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি ইত্যাদি উপস্থিত থাকে ৷


ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...