Friday, 20 October 2023

তিনি বছৰ সম্পূৰ্ণ কৰা দূৰ্গা পূজা সমিতি সমূহক আৰ্থিক অনুদান

২০/১০/২০২৩

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মৰ্মে গোলাঘাট জিলাতো তিনি বছৰ সম্পূৰ্ণ কৰা দূৰ্গা পূজা সমিতি সমূহক আৰ্থিক অনুদান আগবঢ়োৱা হ’য়৷ গোলাঘাট পৌৰসভা কাৰ্যলয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগে গোলাঘাটৰ প্ৰায় ৫৪ খন পূজা সমিতিৰ সভাপতি/সম্পাদকক চেক্ বিতৰন কৰে৷ আজিৰ এই চেক্ বিতৰনি সভাত গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঋষিকেশ বৰুৱা, পৌৰসভাৰ বিষয়া সকলৰ লগতে পূজা সমিতি সমূহৰ সভাপতি/সম্পাদক/প্ৰতিনিধি সমূহ উপস্থিত আছিল৷ 

ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি ৰক্ষাৰ আহ্বান — মাধৱ গগৈ

সংবাদ প্রতিবেদন মানৱ জাতিলৈ প্ৰকৃতি ৰক্ষাৰ আহ্বান — মাধৱ গগৈ অসম, ভাৰতঃ সমাজচিন্তক মাধৱ গগৈয়ে সমগ্ৰ মানৱ সমাজলৈ এক গভীৰ আহ্বান জনাইছে। তেওঁ...