১৭ অক্টোবৰ, ২০২৩,গোলাঘাট:   
   আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকাৰী আৰু বিভাগীয়া প্ৰতিনিধি সকলৰ মাজত এখন গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত  হয়। এই সভাত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনদেৱে৷ উক্ত সভাত ২০২৩ বৰ্ষৰ  প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে বিভিন্ন বিভাগে খতিয়ান ডাঙি ধৰা হয়। এই ক্ষেত্ৰত মইনাপাৰাত হৈ থকা খহনীয়াৰ কথা বিশেষভাৱে আলোচনা কৰা হয়।
 আজিৰ এই সভাত গোলাঘাটৰ  আৰক্ষী অধীক্ষক ৰাজেন সিং, বোকাখাতৰ মহকুমাধিপাতি চিমি কিৰণ, জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগতে কৃষি , শিক্ষা, লোক নিৰ্মাণ বিভাগ, এই পি ডি চি এল,  আই চি ডি এছ , জলসম্পদ, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ বিষয়া সকল আৰু অসম গেছ কোম্পানীৰ প্ৰতিনিধিও উপস্থিত থাকে।
*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
  
  
  
No comments:
Post a Comment
Welcome Northeast News India