Tuesday, 19 July 2022

*গোলাঘাট জিলাৰ বৰকছাৰী গাৱঁত গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩০০/২০২২

*গোলাঘাট জিলাৰ বৰকছাৰী গাৱঁত গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*

গোলাঘাট, ১৯ জুলাই : গোলাঘাট জিলাৰ গমাৰিগুৰি উন্নয়ন খণ্ডৰ অধীনৰ বৰকছাৰী গাঁৱৰ এজন লোকৰ ঘৰৰ গাহৰি ফাৰ্মত হোৱা গাহৰিৰ অস্বাভাৱিক মৃত্যু আফ্ৰিকান ছোৱাইন ফিভাৰৰ ঘটনা বুলি নিশ্চিত হোৱাৰ পিছতেই গোলাঘাট জিলা দণ্ডাধীশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে । অসম চৰকাৰে এক নিৰ্দেশনা যোগে ইতিমধ্যে গাঁওখনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ৰোগ যাতে অন্য ঠাইলৈ বিয়পিব নোৱাৰে তাৰ বাবে গাঁওখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে । তদুপৰি বৰকছাৰী গাঁও ( সংক্ৰমিত এলেকা) ৰ পৰা অসংক্ৰমিত এলেকালৈ গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ আদান-প্ৰদান নিষিদ্ধ কৰা হৈছে । গাহৰিক পেলনীয়া সামগ্ৰী খুওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জৰুৰীভাবে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...